যোৰহাটৰ বৰ্ষাৰণ্য গৱেষণা প্ৰতিষ্ঠানে আজিৰে পৰা তিনিদিনীয়া কাৰ্যসূচীৰে কৃষকৰ বাবে পুলি বাগান স্থাপন, গছপুলি ৰোপণ আৰু বনানিকৰণৰ বিষয়ত প্ৰশিক্ষণ কাৰ্যসূচীৰ আয়োজন কৰিছে। এই প্ৰশিক্ষণ কাৰ্যসূচীত বিভিন্ন জিলাৰ ভালেসংখ্যক কৃষক আৰু উদ্যমী ব্যক্তিয়ে অংশগ্ৰহণ কৰিছে। অসম কৃষি বনানিকৰণ উন্নয়নৰ পৰিষদৰ অৰ্থসাহায্যত আয়োজন কৰা এই প্ৰশিক্ষণ আজি বৰ্ষাৰণ্য গৱেষণা প্ৰতিষ্ঠানৰ সঞ্চালক ড০ নীতিন কুলকার্ণীয়ে উদ্বোধন কৰে। কাৰ্যসূচীত গুণগত বীজ ৰোপণ, বিজ্ঞানসন্মতভাৱে পুলি বাগানৰ পৰিচালনা, বাঁহৰ সংবর্ধন পদ্ধতি, কৃত্ৰিমভাৱে সাচি গছত আগৰ প্ৰস্তুত আদি বিভিন্ন বিষয়ত প্ৰশিক্ষণ প্ৰদান কৰা হয়।
Assamese | June 2, 2025 8:14 PM | Akashvani Guwahati | Akashvani News | Jorhat
যোৰহাটৰ বৰ্ষাৰণ্য গৱেষণা প্ৰতিষ্ঠানৰ ৩ দিনীয়া কাৰ্যসূচীৰে গছপুলি ৰোপণ আৰু বনানিকৰণৰ বিষয়ত প্ৰশিক্ষণ কাৰ্যসূচীৰ আয়োজন