ধুবুৰীৰ ভোলানাত মহাবিদ্যালয়ৰ ডিজিটেল প্ৰেক্ষাগৃহত আজি ছাত্র দিৱস উপলক্ষে এটি বক্তৃতানুষ্ঠানৰ আয়োজন কৰা হয়। ছাত্র নেতা উপেন্দ্ৰ নাথ ব্ৰহ্মৰ প্ৰতিচ্ছবিৰ সন্মুখত বন্তি প্ৰজ্বলনেৰে কাৰ্যসূচী আৰম্ভ কৰা হয়। এই অনুষ্ঠানত মহাবিদ্যালয়খনৰ অসমীয়া বিভাগৰ মুৰব্বী অধ্যাপক ড° উপেন্দ্রজিৎ শর্মাই উপেন্দ্ৰ নাথ ব্ৰহ্মৰ জীৱন আৰু কৰ্মৰাজিৰ বিষয়ে আলোকপাত কৰে। ইয়াৰ লগতে মহাবিদ্যালয়খনৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ ড° ধ্ৰুৱ চক্ৰৱৰ্তীয়ে ছাত্র নেতা উপেন্দ্ৰ নাথ ব্ৰহ্মৰ জীৱন, কৃতী আৰু জাতীয় বৌদ্ধিক সমাজ নিৰ্মাণত ছাত্ৰ সমাজৰ ভূমিকা শীর্ষক বক্তৃতা আগবঢ়ায়।
Assamese | April 9, 2025 1:43 AM | Akashvani | Dhuburi | Local news
ধুবুৰীৰ ভোলানাত মহাবিদ্যালয়ৰ ডিজিটেল প্ৰেক্ষাগৃহত ছাত্র দিৱস উপলক্ষে বক্তৃতানুষ্ঠান সম্পন্ন