দেশৰ শক্তি সুৰক্ষা – ৰাষ্ট্ৰীয় নিৰাপত্তা, কৌশলগত স্বাৱলম্বিতা আৰু অৰ্থনৈতিক স্থিতিস্থাপকতাৰ সৈতে ওতঃপ্ৰোতভাৱে জড়িতঃ ড০ জীতেন্দ্র সিঙ

কেন্দ্ৰীয় বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যা মন্ত্রী ড০ জীতেন্দ্র সিঙে দেশৰ শক্তি সুৰক্ষা – ৰাষ্ট্ৰীয় নিৰাপত্তা, কৌশলগত স্বাৱলম্বিতা আৰু অৰ্থনৈতিক স্থিতিস্থাপকতাৰ সৈতে ওতঃপ্ৰোতভাৱে জড়িত বুলি মন্তব্য কৰিছে। আজি নতুন দিল্লীত পি এইচ ডি চেম্বাৰ্ছ অৱ কমার্চ এণ্ড ইণ্ডাষ্ট্ৰীয়ে আয়োজন কৰা ষষ্ঠ আন্তঃৰাষ্ট্ৰীয় জলবায়ু সন্মিলনত ভাষণ দি কেন্দ্রীয় মন্ত্ৰীগৰাকীয়ে দেশৰ শক্তিখণ্ডক অধিক স্বনিৰ্ভৰ, দেশীয়, সুলভ আৰু উন্নত প্রযুক্তিনির্ভৰ কৰি তোলাৰ বাবে আহ্বান জনায়।

তেওঁ কয় যে বৰ্তমানৰ সময় হৈছে নিকা শক্তি ব্যৱহাৰৰ জৰিয়তে নিৰাপদ আৰু বহনক্ষম শক্তিৰ ভৱিষ্যতৰ দিশে আগবাঢ়ি যোৱাৰ সময়। ভাৰতে বিশ্বজুৰি অধিক গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণৰ বাবে আগবাঢ়ি যোৱাৰ লগে লগে শক্তিখণ্ডৰ বিশ্বজনিন ধাৰা আৰু প্ৰযুক্তিগত বিকাশৰ সৈতেও খোজ মিলাই যাব বুলি কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে। বহুমুখী পথ অৱলম্বন কৰি শক্তি সুৰক্ষা নিশ্চিত কৰাৰ ক্ষেত্ৰত ভাৰতে গুৰুত্ব দি আহিছে বুলি উল্লেখ কৰি ড° সিঙে কয় যে পাৰমানৱিক শক্তি এই ক্ষেত্ৰত অন্যতম গুৰুত্বপূৰ্ণ উৎস। জৈৱ ইন্ধন আৰু পৰিবেশ অনুকুল অৰ্থনীতিৰ জৰিয়তে ভাৰতে নিকা শক্তি ব্যৱহাৰত শীঘ্ৰে উচ্চস্থান দখল কৰিব বুলিও মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে।

তেওঁ লগতে কয়, যে কৃষি, স্বাস্থ্য, জলসিঞ্চন, সাৰ আৰু পৰিবহনৰ দৰে বিভিন্ন খণ্ডৰ চাহিদা ক্রমাৎ‍ বৃদ্ধি পোৱাৰ পৰিপ্ৰেক্ষিতত নিকা শক্তিৰ প্ৰযুক্তিৰ বিকাশ আৰু ব্যৱহাৰৰ গতি অব্যাহত ৰখাটো অতি প্ৰয়োজনীয়। মন্ত্ৰীগৰাকীয়ে পি এইচ ডি চেম্বাৰ্ছ অৱ কমাৰ্চ এণ্ড ইণ্ডাষ্ট্রীক চৰকাৰ আৰু বেচৰকাৰী খণ্ডৰ মাজৰ সংযোগৰ হেতু আৰু পৰিবৰ্তনৰ অনুঘটক হিচাপে কাম কৰিবলৈ আহ্বান জনায়। তেওঁ কয়, যে উদ্যোগ আৰু পেছাদাৰী সংস্থাসমূহে চৰকাৰ আৰু বেচৰকাৰী খণ্ডক একত্ৰিত কৰাৰ লগতে ২০৪৭ চনৰ ভিতৰত ভাৰতক এখন উন্নত ৰাষ্ট্ৰ হিচাপে গঢ়ি তোলাৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব পাৰে।

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।