অর্থনৈতিক স্থিতিস্থাপকতাক সামাজিক স্থিতিস্থাপকতাৰ পৰা পৃথক কৰিব নোৱাৰি। নতুন দিল্লীত আজি পঞ্চম কৌতিল্য অর্থনৈতিক সন্মিলনৰ উদ্বোধনী অনুষ্ঠানত অংশ লৈ উপ-ৰাষ্ট্ৰপতি চি পি ৰাধাকৃষ্ণনে এইদৰে প্ৰকাশ কৰে ।
তেওঁ কয়, যে গণতন্ত্ৰ আৰু উন্নয়ন একেলগে প্ৰগতিৰ দিশত অগ্ৰসৰ হ’ব পাৰে। সহমত অন্তৰ্ভুক্তিকৰণ আৰু সঁহাৰিজনক নীতি নিৰ্ধাৰণে বহনক্ষম উন্নয়নৰ ভেটি গঢ়ে বুলি উপ-ৰাষ্ট্ৰপতিগৰাকীয়ে প্ৰকাশ কৰে।
তেওঁ লগতে কয়, যে নগৰিক, উদ্যোগ আৰু অঞ্চলসমূহৰ উন্নয়নে প্রকৃত স্থিতিস্থাপকতা নিশ্চিত কৰিব পাৰে। ২০৪৭ চনৰ ভিতৰত বিকশিত ভাৰত গঢ়ি তোলাৰ সামূহিক প্ৰচেষ্টা অব্যাহত ৰাখিবলৈও তেওঁ আহ্বান জনায়।
শ্ৰী ৰাধাকৃষ্ণনে সংকটৰ সময়ত ঐক্যমতৰ ভিত্তিত সিদ্ধান্ত গ্ৰহণ কৰা অতি প্ৰয়োজন বুলি উল্লেখ কৰে। তেওঁ কয়, যে বিতৰ্ক আৰু আলোচনা অতি প্ৰয়োজনীয় যদিও শেষত ইয়াৰ দ্বাৰা সকলোৰে বাবে গ্ৰহণযোগ্য সিদ্ধান্তত উপনীত হ’ব লাগিব।