■ উপ ৰাষ্ট্ৰপতি জগদীপ ধনখড়ে মুম্বাইৰ নৰছি মোনজি ব্যৱস্থাপনা অধ্যয়ন প্ৰতিষ্ঠানৰ শিক্ষক-শিক্ষয়িত্ৰী, কৰ্মচাৰী আৰু শিক্ষার্থীসকলক সম্বোধন কৰিব। উপ ৰাষ্ট্ৰপতিগৰাকীয়ে সবল ভাৰত : ২০৪৭ চনৰ ভিতৰত ভাৰতবৰ্ষক বিকশিত ৰাষ্ট্ৰ হিচাপে গঢ়ি তোলাৰ ক্ষেত্ৰত উচ্চ শিক্ষা প্রতিষ্ঠানসমূহৰ ভূমিকা শীর্ষক মূল ভাষণ প্ৰদান কৰিব। মহাৰাষ্ট্ৰৰ ৰাজ্যপাল ৰমেশ বেইছ আৰু ৰাজ্যসভাৰ সাংসদ প্রফুল পেটেল এই অনুষ্ঠানত উপস্থিত থাকিব। বিকশিত ভাৰত ২০৪৭ উদ্যম অনুসৰি দেশৰ ভৱিষ্যত গঢ়ি তোলাৰ ক্ষেত্ৰত উচ্চ শিক্ষা গুৰুত্বপূৰ্ণ ভূমিকাৰ ওপৰত আলোকপাত কৰাই এই অনুষ্ঠানৰ মূল উদ্দেশ্য।
Assamese | July 12, 2024 9:44 AM | Jagdeep Dhankhar | Vice President Jagdeep Dhankhar | VP India
মুম্বাইৰ নৰছি মোনজি ব্যৱস্থাপনা অধ্যয়ন প্ৰতিষ্ঠানত উপ ৰাষ্ট্ৰপতি জগদীপ ধনখড়ে ভাষণ দিব