কেন্দ্ৰীয় পথ পৰিবহন আৰু ৰাষ্ট্ৰীয় ঘাইপথ মন্ত্ৰালয়ে অসম আৰু অৰুণাচল প্ৰদেশৰ ৰাষ্ট্ৰীয় ঘাইপথৰ উন্নয়নৰ বাবে শেহতীয়াকৈ ৫২০ কোটি টকা আবণ্টন দিছে। যোৱা ৩১ ডিচেম্বৰত পথ পৰিবহন আৰু ৰাষ্ট্ৰীয় ঘাইপথ মন্ত্ৰালয়ৰ গুৱাহাটী আৰু ইটানগৰত থকা আঞ্চলিক কার্যালয়ত পত্রযোগে এই কথা অৱগত কৰোৱা হৈছে। পত্ৰখনত উল্লেখ কৰা মতে কেন্দ্ৰীয় চৰকাৰে ২০২৪-২৫ বৰ্ষৰ বাবে আবণ্টন দিয়া এই পুঁজিৰ ভিতৰত অসমৰ বাবে ২৯০ কোটি আৰু অৰুণাচলৰ বাবে ২৩০ কোটি টকা ধাৰ্য কৰা হৈছে। উত্তৰ পূৰ্বাঞ্চলৰ বিশেষ পথ উন্নয়ন আঁচনিৰ অধীনত আবণ্টন দিয়া এই পুঁজি আঞ্চলিক কার্যালয় দুটাই ৰাজ্য দুখনৰ লোক নিৰ্মাণ বিভাগ আৰু সীমান্ত পথ সংস্থাক দিব লাগিব। এই পুঁজিৰে অসম আৰু অৰুণাচলৰ দ্বৈত আৰু চাৰিটা লেনযুক্ত ৰাষ্ট্ৰীয় ঘাইপথ আৰু জিলাসমূহত থকা ঘাইপথৰ উন্নয়নৰ কাম কৰা হ’ব।
Assamese | January 3, 2025 12:27 PM | transport system
অসম আৰু অৰুণাচল প্ৰদেশৰ ৰাষ্ট্ৰীয় ঘাইপথৰ উন্নয়নৰ বাবে ৫২০ কোটি টকা আবণ্টন কেন্দ্ৰীয় পথ পৰিবহন আৰু ৰাষ্ট্ৰীয় ঘাইপথ মন্ত্ৰালয়ৰ