May 22, 2025 3:55 PM

views 45

ৱাশ্বিংটন ডিচিত অৱস্থিত Capital Jewish Museum ৰ সমীপত ইজৰাইলী দূতাবাসৰ দুগৰাকী কৰ্মচাৰীক অচিনাক্ত বন্দুকধাৰীয়ে গুলীয়াই হত্যা

ৱাশ্বিংটন ডিচিত অৱস্থিত Capital Jewish Museum ৰ সমীপত আজি নিচেই পুৱাতে ইজৰাইলী দূতাবাসৰ দুগৰাকী কৰ্মচাৰীক অচিনাক্ত বন্দুকধাৰীয়ে গুলীয়াই হত্যা কৰে। আমেৰিকা যুক্তৰাষ্ট্ৰৰ গৃহভূমি নিৰাপত্তা বাহিনীয়ে প্ৰকাশ কৰা মতে সংগ্ৰহালয়টোৰ পৰা ওলাই অহাৰ সময়তে ইজৰাইলী দূতাবাসৰ এজন পুৰুষ আৰু এগৰাকী মহিলা কৰ্মচাৰীক বন্দুকধাৰীয়ে অতর্কিতে আক্ৰমণ কৰে। আমেৰিকা যুক্তৰাষ্ট্ৰৰ গৃহভূমি নিৰাপত্তা বাহিনীৰ সচিব ক্ৰিষ্টি ন’ৱেমে সামাজিক মাধ্যমত দিয়া এটা বাৰ্তাত এই ঘটনাৰ বিষয়ে নিশ্চিত কৰি ইয়াক কাণ্ডজ্ঞানহীন হত্যাকাণ্ড ...

April 21, 2025 3:14 PM

views 57

৪ দিনীয়া ভাৰত ভ্ৰমণসূচীৰে দিল্লীত উপস্থিত আমেৰিকা যুক্তৰাষ্ট্ৰৰ উপ-ৰাষ্ট্ৰপতি জে ডি ভান্স

আমেৰিকা যুক্তৰাষ্ট্ৰৰ উপ-ৰাষ্ট্ৰপতি জে ডি ভান্স চাৰিদিনীয়া ভাৰত ভ্ৰমণসূচীৰে আজি নতুন দিল্লীত উপস্থিত হয়। তথ্য আৰু সম্প্ৰচাৰ দপ্তৰৰ মন্ত্ৰী অশ্বিনী বৈষ্ণৱে তেওঁক বিমান বন্দৰত আদৰণি জনায়। সেই স্থানতেই অভ্যাগত উপ-ৰাষ্ট্ৰপতিগৰাকীৰ উদ্দেশ্যে গার্ড অব অনাৰৰ আয়োজন কৰা হয়। শ্ৰী ভান্সৰ সৈতে আমেৰিকাৰ দ্বিতীয় মহিলা ঊষা ভান্স আৰু মাৰ্কিন প্রশাসনৰ কেইবাগৰাকীও জ্যেষ্ঠ সদস্যও ভাৰতলৈ আহিছে। নতুন দিল্লীত উপস্থিত হৈ ইতিমধ্যে অক্ষধাম মন্দিৰ দৰ্শন কৰা উপ-ৰাষ্ট্ৰপতিগৰাকীয়ে আজি সন্ধিয়া প্ৰধানমন্ত্রী নৰেন্দ্ৰ ...

February 14, 2025 8:42 PM

views 69

ট্রাম্পে উভয় দেশৰ মাজৰ সম্পৰ্কৰ্ক সর্বাত্মক পর্যায়লৈ উন্নীত কৰাৰ ক্ষেত্ৰত যথেষ্ট আবদান আগবঢ়াইছেঃ প্রধানমন্ত্ৰী

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি তেওঁৰ দুদিনীয়া আমেৰিকা যুক্তৰাষ্ট্ৰ ভ্ৰমণ সামৰি ভাৰতলৈ উভতি আহে। এই ভ্ৰমণৰ পূৰ্বে শ্রী মোদীয়ে তিনিদিনীয়া কাৰ্যসূচীৰে ফ্ৰান্স ভ্রমণ কৰে। যোৱা ১০ ফেব্ৰুৱাৰীত তেওঁৰ এই যাত্ৰা আৰম্ভ হৈছিল। আজি ওভতনি যাত্ৰাৰ পূর্বে প্রধানমন্ত্রী মোদীয়ে ৱাশ্বিংটন ডিচিৰ হোৱাইট হাউছত আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি ডোনাল্ড ট্রাম্পক সাক্ষাৎ কৰে। সাক্ষাৎকালত প্রধানমন্ত্রীয়ে কয়, যে তেওঁ ট্রাম্পৰ সৈতে ভাৰত আৰু আমেৰিকা যুক্তৰাষ্ট্ৰৰ মাজৰ কৌশলগত সহযোগিতাক আগুৱাই লৈ যাব। তেওঁ কয়, যে শ...

January 8, 2025 8:26 PM

views 39

আমেৰিকা যুক্তৰাষ্ট্ৰৰ ভাৰ্জিনিয়াৰ বিশেষ নির্বাচনত ভাৰতীয় মূলৰ দুজন ব্যক্তি নিৰ্বাচিত

আমেৰিকা যুক্তৰাষ্ট্ৰৰ ভাৰ্জিনিয়াৰ বিশেষ নির্বাচনত ভাৰতীয় মূলৰ দুজন ব্যক্তি নিৰ্বাচিত হৈছে। ভার্জিনিয়াৰ ছিনেটলৈ কান্নান শ্ৰীনিৱাসন নির্বাচিত হোৱাৰ লগতে জে জে সিং হাউচ অৱ ডেলিগেটছলৈ নিৰ্বাচিত হৈছে। শ্ৰীনিৱাসন ইয়াৰ পূৰ্বে ২০২৩ চনত ভার্জিনিয়া হাউচলৈ নিৰ্বাচিত হৈছিল। ইয়াৰ বিপৰীতে জে জে সিঙে আমেৰিকাৰ প্ৰাক্তন ৰাষ্ট্ৰপতি বাৰাক ওবামাৰ অধীনত হোৱাইট হাউচত ব্যৱস্থাপনা আৰু বাজেট বিভাগত কৰ্মৰত আছিল। উল্লেখযোগ্য যে, যোৱা বছৰৰ ৫ নৱেম্বৰত ভার্জিনিয়াত সাধাৰণ নিৰ্বাচন অনষ্ঠিত হয়। আমেৰিকা যুক্তৰাষ্ট্ৰৰ শেহ...

December 28, 2024 9:37 PM

views 57

আমেৰিকা যুক্তৰাষ্ট্ৰৰ পৰৱৰ্তী সুৰক্ষা উপদেষ্টা মাইকেল ৱাল্টজক ড০ এছ জয়শংকৰৰ সাক্ষাৎ

বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ড০ এছ জয়শংকৰে আমেৰিকা যুক্তৰাষ্ট্ৰ ভ্ৰমণকালত যুক্তৰাষ্ট্ৰৰ প্ৰতিনিধি তথা পৰৱৰ্তী সুৰক্ষা উপদেষ্টা মাইকেল ৱাল্টজক সাক্ষাৎ কৰে। সামাজিক মাধ্যমৰ এটা বার্তাযোগে ড০ জয়শংকৰে কয়, যে এই সাক্ষাৎকালত দুয়োগৰাকী নেতাই দ্বিপাক্ষিক অংশীদাৰিত্ব শক্তিশালী কৰা আৰু সাম্প্রতিক বিশ্বৰ বিভিন্ন বিষয় লৈ বিস্তৃত আলোচনাত মিলিত হয়। ড০ জয়শংকৰে লগতে নেতাগৰাকীৰ সৈতে সহযোগিতাৰে কাম কৰাৰ বাবে আগ্ৰহ প্ৰকাশ কৰে।

December 24, 2024 10:14 AM

views 60

৬ দিনীয়া ভ্ৰমণসূচীৰে আমেৰিকা যুক্তৰাষ্ট্ৰলৈ বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ড° এছ জয়শংকৰ

বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ড° এছ জয়শংকৰ আজি ৬দিনীয়া ভ্ৰমণসূচীৰে আমেৰিকা যুক্তৰাষ্ট্ৰলৈ যাব। এই ভ্ৰমণকালত তেওঁ আমেৰিকাৰ বিদেশ মন্ত্ৰীৰ সৈতে দ্বিপাক্ষিক, আঞ্চলিক তথা বিভিন্ন গুৰুত্বপূৰ্ণ বিষয় সন্দৰ্ভত আলোচনাত মিলিত হ'ব। ড° জয়শংকৰে দেশখনৰ কনচুল জেনেৰেলছ অৱ ইণ্ডিয়াৰ এখন সন্মিলনত অধ্যক্ষতা কৰিব।

November 4, 2024 8:13 PM

views 32

কাইলৈ আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি নির্বাচন

আমেৰিকা যুক্তৰাষ্ট্ৰত কাইলৈ বহু প্ৰত্যাশিত ৰাষ্ট্ৰপতি নির্বাচন অনুষ্ঠিত হ'ব। ৰিপাব্লিকান প্রার্থী তথা দেশখনৰ প্রাক্তন ৰাষ্ট্ৰপতি ড’নাল্ড ট্রাম্প আৰু ডেম’ক্রেটিক প্ৰাৰ্থী তথা বৰ্তমানৰ উপ-ৰাষ্ট্ৰপতি কমলা হেৰিছৰ মাজত তুমুল প্ৰতিদ্বন্দ্বিতাৰে যুক্তৰাষ্ট্ৰৰ ৪৭ সংখ্যক ৰাষ্ট্ৰপতিৰ বাবে এই নির্বাচন অনুষ্ঠিত হ’ব। উল্লেখযোগ্য যে আমেৰিকা যুক্তৰাষ্ট্ৰত কেইবাটাও টাইম জ’ন থকাৰ পৰিপ্ৰেক্ষিতত ভাৰতীয় সময় অনুসাৰে বিয়লি ৫.৩০ বজাৰ পৰা ৭.৩০ বজাৰ ভিতৰত ভোটগ্রহণ প্ৰক্ৰিয়া আৰম্ভ হৈ বুধবাৰে পুৱা ৫.৩০ বজাৰ পৰা ৯.৩০ ব...

November 4, 2024 7:21 PM

views 70

কাইলৈ আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি নির্বাচন

আমেৰিকা যুক্তৰাষ্ট্ৰত কাইলৈ বহু প্ৰত্যাশিত ৰাষ্ট্ৰপতি নির্বাচন অনুষ্ঠিত হ'ব। ৰিপাব্লিকান প্রার্থী তথা দেশখনৰ প্ৰাক্তন ৰাষ্ট্ৰপতি ড’নাল্ড ট্রাম্প আৰু ডেম’ক্রেটিক প্ৰাৰ্থী তথা বৰ্তমানৰ উপ-ৰাষ্ট্ৰপতি কমলা হেৰিছৰ মাজত তুমুল প্রতিদ্বন্দ্বিতাৰে যুক্তৰাষ্ট্ৰৰ ৪৭ সংখ্যক ৰাষ্ট্ৰপতিৰ বাবে এই নির্বাচন অনুষ্ঠিত হ'ব। উল্লেখযোগ্য যে আমেৰিকা যুক্তৰাষ্ট্ৰত কেইবাটাও টাইম জ’ন থকাৰ পৰিপ্ৰেক্ষিতত ভাৰতীয় সময় অনুসাৰে বিয়লি ৫.৩০ বজাৰ পৰা ৭.৩০ বজাৰ ভিতৰত ভোটগ্রহণ প্ৰক্ৰিয়া আৰম্ভ হৈ বুধবাৰে পুৱা ৫.৩০ বজাৰ পৰা ৯.৩০ ব...

November 2, 2024 5:34 PM

views 52

আমেৰিকা যুক্তৰাষ্ট্ৰৰ ক’ল’ৰাডত চলি থকা ১৯ বছৰৰ অনুৰ্ধৰ বিশ্ব বক্সিং প্রতিযোগিতাত ভাৰতৰ কৃশা বার্মাৰ স্বর্ণ পদক অৰ্জন

ভাৰতৰ কৃশা বার্মাই আমেৰিকা যুক্তৰাষ্ট্ৰৰ ক’ল’ৰাডত চলি থকা ১৯ বছৰৰ অনুৰ্ধৰ বিশ্ব বক্সিং প্রতিযোগিতাত কালি এটা স্বর্ণ পদক অৰ্জন কৰিছে। আনহাতে ভাৰতৰ আন ৫গৰাকী বক্সাৰ নিজৰ নিজৰ শাখাৰ ফাইনেলত পৰাস্ত হৈ স্বর্ণ পদকৰ পৰা বঞ্চিত হ'ল। কৃশাই ফাইনেলত জাৰ্মানীৰ লেৰিকা চাইমনক ৫-০ত পৰাস্ত কৰে। ভাৰতৰ চঞ্চল চৌধাৰীয়ে মহিলাৰ ৪৮ কিলোগ্রাম শাখাত ইংলেণ্ডৰ ৰূবী হোৱাইটৰ বিৰুদ্ধে পৰাজিত হৈ ৰূপৰ পদক লাভ কৰে। মহিলাৰ ৫৭ কিলোগ্রাম শাখাৰ ফাইনেলত অঞ্জলি সিং ইংলেণ্ডৰ মিয়া-টয়াহ আইটনৰ বিৰুদ্ধে পৰাজিত হয়। পুৰুষৰ ৭৫ কিলোগ্রাম ...

November 1, 2024 8:29 PM

views 60

আমেৰিকাৰ বিশেষ বাহিনীসমূহৰ যুটীয়া সামৰিক অনুশীলন বজ্ৰ প্ৰহাৰৰ পঞ্চদশ সংস্কৰণত অংশগ্ৰহণৰ উদ্দেশ্যে ভাৰতীয় সেনাৰ দল ৰাওনা

ভাৰতীয় সেনাৰ এটা দল ভাৰত আৰু আমেৰিকাৰ বিশেষ বাহিনীসমূহৰ যুটীয়া সামৰিক অনুশীলন বজ্ৰ প্ৰহাৰৰ পঞ্চদশ সংস্কৰণত অংশগ্ৰহণৰ উদ্দেশ্যে ৰাওনা হৈছে। এই অনুশীলন আমেৰিকাৰ আইডাহোৰ আৰ্চৰ্ড কমবেট ট্রেইনিং চেণ্টাৰত কাইলৈৰ পৰা ২২ নবেম্বৰলৈ অনুষ্ঠিত হ'ব। যোৱা বছৰ মেঘালয়ৰ আমচৈত এই অনুশীলন অনুষ্ঠিত হৈছিল। এই অনুশীলন হৈছে ভাৰত আৰু আমেৰিকাৰ সৈন্য বাহিনীৰ মাজৰ দ্বিতীয় অনুশীলন। পূৰ্বৰ অনুশীলন যুদ্ধ অভ্যাস ২০২৪ ৰাজস্থানত ছেপ্তেম্বৰ মাহত অনুষ্ঠিত হৈছিল। প্ৰতিৰক্ষা মন্ত্ৰ্যালয়ে কয় যে, যৌথ অনুশীলনত অংশগ্ৰহণ কৰা দুয়ো...