January 14, 2025 10:51 AM

views 45

ইউ জি চি নেট ডিচেম্বৰ ২০২৪ৰ পৰীক্ষা বাতিল

ৰাষ্ট্ৰীয় পৰীক্ষণ সংস্থাই কাইলৈ হ'বলগীয়া ইউ জি চি নেট ডিচেম্বৰ ২০২৪ৰ পৰীক্ষা বাতিল কৰিছে। এটা বিবৃতিযোগে সংস্থাটোৱে কয়, যে ১৫ জানুৱাৰীত পংগাল, মকৰ সংক্ৰান্তি আৰু অন্যান্য উৎসৱৰ বাবে ইউ জি চি নেট পৰীক্ষা পিছুৱাবৰ বাবে অনুৰোধ জনোৱাৰ পৰিপ্ৰেক্ষিতত এই পৰীক্ষা বাতিল কৰা হৈছে। এই পৰীক্ষাৰ বাবে পৰৱৰ্তী দিনৰ ঘোষণা পিছত কৰা হ'ব। সংস্থাটোৱে জনোৱা অনুসৰি ১৬ জানুৱাৰীৰ পৰীক্ষা পূৰ্বৰ সূচীৰ দৰেই অনুষ্ঠিত কৰা হ'ব ।

June 21, 2024 1:04 PM

views 31

২০২৪ বৰ্ষৰ বিশ্ববিদ্যালয় অনুদান আয়োগৰ ৰাষ্ট্ৰীয় যোগ্যতা নিৰূপণ পৰীক্ষা ইউ জি চি নেটৰ সংক্ৰান্তত চি বি আইৰ গোচৰ ৰুজু

কেন্দ্ৰীয় তদন্তকাৰী সংস্থা চি বি আয়ে ২০২৪ বৰ্ষৰ বিশ্ববিদ্যালয় অনুদান আয়োগৰ ৰাষ্ট্ৰীয় যোগ্যতা নিৰূপণ পৰীক্ষা ইউ জি চি নেটৰ সংক্ৰান্তত এটা গোচৰ ৰুজু কৰিছে। শিক্ষা বিভাগৰ সচিবৰ পৰা লাভ কৰা অভিযোগ মৰ্মে ভাৰতীয় দণ্ডবিধিৰ ১২০-খ আৰু ৪২০ ধাৰাৰ অধীনত অজ্ঞাত ব্যক্তিৰ বিৰুদ্ধে এই গোচৰ ৰুজু কৰা হৈছে । চি বি আয়ে প্ৰকাশ কৰা মতে অভিযোগত বিশ্ববিদ্যালয় অনুদান আয়োগৰ পৰা লাভ কৰা সংকেটৰ ভিত্তিত পৰীক্ষাৰ সততাৰ সৈতে আপোচ কৰা হৈছে যেন প্ৰতীত হৈছে। ৰাষ্ট্ৰীয় পৰীক্ষণ সংস্থাই যোৱা ১৮ জুনত দেশৰ বিভিন্ন চহৰত এই প...

April 29, 2024 8:26 PM

views 35

ইউ জি চি নেট পৰীক্ষা ১৬ জুনৰ পৰিৱৰ্তে অনুষ্ঠিত হ’ব ১৮ জুনত

নেচনেল টেষ্টিং এজেন্সি আৰু বিশ্ববিদ্যালয় অনুদান আয়োগে ইউ জি চি নেট পৰীক্ষা অহা ১৬ জুনৰ পৰিৱৰ্তে ১৮ জুনত অনুষ্ঠিত কৰা হ'ব বুলি ঘোষণা কৰিছে। পৰীক্ষাৰ্থীসকলৰ মতামতৰ প্ৰতি লক্ষ্য ৰাখি এই সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। নেচনেল টেষ্টিং এজেন্সিয়ে সেই দিনটোত অ’ এম আৰ পদ্ধতিৰে সমগ্ৰ দেশত এই পৰীক্ষা অনুষ্ঠিত কৰিব।

April 22, 2024 11:17 AM

views 30

ৰাষ্ট্ৰীয় পৰীক্ষণ সংস্থাৰ ২০২৪ বৰ্ষৰ জুন মাহত হ’বলগীয়া ইউ জি চি নেটৰ পঞ্জীয়নৰ প্ৰক্ৰিয়া আৰম্ভ

ৰাষ্ট্ৰীয় পৰীক্ষণ সংস্থাই ২০২৪ বৰ্ষৰ জুন মাহত হবলগীয়া বিশ্ববিদ্যালয় অনুদান আয়োগক ৰাষ্ট্ৰীয় যোগ্যতা নিৰূপনকাৰী পৰীক্ষা ইউ জি চি নেটৰ বাবে পঞ্জীয়নৰ প্ৰক্ৰিয়া আৰম্ভ কৰিছে। পঞ্জীয়নৰ প্ৰক্ৰিয়া ১০ মে’লৈকে অব্যাহত থাকিব আৰু অনলাইনযোগে পৰীক্ষা মাচুল জমা কৰাৰ বাবে ১২ মে’ অন্তিম দিন ধাৰ্য্য কৰা হৈছে। নেট পৰীক্ষাত উত্তীৰ্ণ হ'লে জুনিয়ৰ ৰিচাৰ্ছ ফেল'শ্বিপ প্ৰদান কৰা হয় আৰু এনে শিক্ষার্থীসকলে সহকাৰী অধ্যাপক পদত নিযুক্তিৰ বাবে যোগ্যতা লাভ কৰে। এই পৰীক্ষাৰ ভিত্তিত ৮৩টা বিষয়ৰ পি এইচ ডি পাঠ্যক্ৰমত নামভ...

April 21, 2024 2:13 PM

views 30

২০২৪ বৰ্ষৰ জুনত হবলগীয়া নেটৰ পঞ্জীয়ন প্ৰক্ৰিয়া আৰম্ভ

ৰাষ্ট্ৰীয় পৰীক্ষণ সংস্থাই ২০২৪ বৰ্ষৰ জুনত হবলগীয়া বিশ্ববিদ্যালয় অনুদান আয়োগৰ ৰাষ্ট্ৰীয় যোগ্যতা নিৰূপণকাৰী পৰীক্ষা ইউ জি চি নেটৰ বাবে পঞ্জীয়নৰ প্ৰক্ৰিয়া আৰম্ভ কৰিছে। পঞ্জীয়নৰ প্ৰক্ৰিয়া ১০ মে'লৈকে অব্যাহত থাকিব আৰু অনলাইনযোগে পৰীক্ষা মাছুল জমা কৰাৰ বাবে ১২ মে' অন্তিম দিন ধাৰ্য্য কৰা হৈছে। নেট পৰীক্ষাত উত্তীৰ্ণ হ'লে জুনিয়ৰ ৰিচাৰ্ছ ফেল'শ্বিপ প্ৰদান কৰা হয় আৰু এনে শিক্ষাৰ্থীসকলে সহকাৰী অধ্যাপক পদত নিযুক্তিৰ বাবে যোগ্যতা লাভ কৰে। এই পৰীক্ষাৰ ভিত্তিত ৮৩ টা বিষয়ৰ পি এইচ ডি পাঠ্যক্ৰমত নামভৰ্ত...