ৰাষ্ট্ৰীয় পৰীক্ষণ সংস্থাই কাইলৈ হ’বলগীয়া ইউ জি চি নেট ডিচেম্বৰ ২০২৪ৰ পৰীক্ষা বাতিল কৰিছে। এটা বিবৃতিযোগে সংস্থাটোৱে কয়, যে ১৫ জানুৱাৰীত পংগাল, মকৰ সংক্ৰান্তি আৰু অন্যান্য উৎসৱৰ বাবে ইউ জি চি নেট পৰীক্ষা পিছুৱাবৰ বাবে অনুৰোধ জনোৱাৰ পৰিপ্ৰেক্ষিতত এই পৰীক্ষা বাতিল কৰা হৈছে। এই পৰীক্ষাৰ বাবে পৰৱৰ্তী দিনৰ ঘোষণা পিছত কৰা হ’ব। সংস্থাটোৱে জনোৱা অনুসৰি ১৬ জানুৱাৰীৰ পৰীক্ষা পূৰ্বৰ সূচীৰ দৰেই অনুষ্ঠিত কৰা হ’ব ।
Assamese | January 14, 2025 10:51 AM | UGC NET
ইউ জি চি নেট ডিচেম্বৰ ২০২৪ৰ পৰীক্ষা বাতিল