ৰাষ্ট্ৰীয় পৰীক্ষণ সংস্থাই ২০২৪ বৰ্ষৰ জুন মাহত হবলগীয়া বিশ্ববিদ্যালয় অনুদান আয়োগক ৰাষ্ট্ৰীয় যোগ্যতা নিৰূপনকাৰী পৰীক্ষা ইউ জি চি নেটৰ বাবে পঞ্জীয়নৰ প্ৰক্ৰিয়া আৰম্ভ কৰিছে। পঞ্জীয়নৰ প্ৰক্ৰিয়া ১০ মে’লৈকে অব্যাহত থাকিব আৰু অনলাইনযোগে পৰীক্ষা মাচুল জমা কৰাৰ বাবে ১২ মে’ অন্তিম দিন ধাৰ্য্য কৰা হৈছে। নেট পৰীক্ষাত উত্তীৰ্ণ হ’লে জুনিয়ৰ ৰিচাৰ্ছ ফেল’শ্বিপ প্ৰদান কৰা হয় আৰু এনে শিক্ষার্থীসকলে সহকাৰী অধ্যাপক পদত নিযুক্তিৰ বাবে যোগ্যতা লাভ কৰে। এই পৰীক্ষাৰ ভিত্তিত ৮৩টা বিষয়ৰ পি এইচ ডি পাঠ্যক্ৰমত নামভৰ্তি কৰা হয়।
Assamese | April 22, 2024 11:17 AM | UGC NET
ৰাষ্ট্ৰীয় পৰীক্ষণ সংস্থাৰ ২০২৪ বৰ্ষৰ জুন মাহত হ’বলগীয়া ইউ জি চি নেটৰ পঞ্জীয়নৰ প্ৰক্ৰিয়া আৰম্ভ