December 26, 2025 6:45 PM

views 47

ছহিদ উধম সিঙৰ জয়ন্তীত স্বাধীনতা সংগ্ৰামীগৰাকীৰ প্ৰতি শ্ৰদ্ধা জ্ঞাপন গৃহমন্ত্রী অমিত শ্বাহৰ

গৃহমন্ত্রী অমিত শ্বাহে আজি ছহিদ উধম সিঙৰ জয়ন্তীত স্বাধীনতা সংগ্ৰামীগৰাকীৰ প্ৰতি শ্ৰদ্ধা জ্ঞাপন কৰিছে। সামাজিক মাধ্যমৰ এটা বাৰ্তাত শ্ৰীশ্বাহে কয় যে অমৰ ছহিদ উধম সিঙে জালিৱানৱালাবাগৰ গণহত্যাৰ প্ৰতিশোধ ল'বলৈ ইংৰাজৰ বিৰুদ্ধে দেশৰ জনসাধাৰণক উদ্বুদ্ধ কৰি অসামান্য সাহস আৰু বীৰত্ব প্ৰদৰ্শন কৰিছিল।

July 31, 2025 9:34 AM

views 43

৮৬সংখ্যক ছহিদ দিৱস উপলক্ষে বৈপ্লৱিক ছহিদ উধম সিঙলৈ শ্ৰদ্ধাঞ্জলি

বৈপ্লৱিক ছহিদ উধম সিঙৰ ৮৬ সংখ্যক ছহিদ দিৱস উপলক্ষে সমগ্র দেশে আজি তেওঁলৈ শ্রদ্ধাঞ্জলি নিবেদন কৰিছে। উধম সিং গড়ৰ পাৰ্টি আৰু হিন্দুস্তান ছ'চিয়েলিষ্ট ৰিপাব্লিক এছ'চিয়েচনৰ সৈতে জড়িত আছিল। ১৯১৯ চনৰ অমৃতচৰৰ জালিয়ানৱালা বাগ হত্যাকাণ্ডৰ প্ৰতিশোধ স্বৰূপে উধম সিঙে ১৯৪০ চনৰ ৩০ মাৰ্চত তদানীন্তন ব্ৰিটিছ পাঞ্জাৱৰ প্ৰাক্তন উপ-ৰাজ্যপাল মাইকেল অ’ ডায়ৰক হত্যা কৰিছিল।

December 26, 2024 6:46 PM

views 38

দেশৰ বিভিন্ন স্থানত ১২৫ সংখ্যক জয়ন্তীত ছহিদ উধম সিঙক শ্ৰদ্ধাঞ্জলি তৰ্পন

বিপ্লৱী ছহিদ উধম সিঙৰ আজি ১২৫ সংখ্যক জয়ন্তী। ১৮৯৯ চনৰ আজিৰ দিনটোতে অবিভক্ত ভাৰতবৰ্ষৰ পঞ্জাৱ প্ৰদেশৰ সুনাম গাঁৱত জন্মগ্ৰহণ কৰা এই বিপ্লৱীগৰাকীয়ে সেইসময়ৰ পঞ্জাৱৰ লেফটেনেণ্ট গৱৰ্ণৰ মাইকেল অ'ডৱায়াৰক লণ্ডনত হত্যা কৰি জালিয়ানৱালাবাগ হত্যাকাণ্ডৰ প্রতিশোধ লৈছিল। উল্লেখযোগ্য যে ইংৰাজৰ জিম্মাত থকা সময়ত তেওঁ ভাৰতৰ প্ৰধান তিনিটা ধৰ্মৰ প্রতিনিধিত্ব কৰি "ৰাম মহম্মদ সিং আজাদ" নামটো ব্যৱহাৰ কৰিছিল। এই উপলক্ষে আজি দেশৰ বিভিন্ন স্থানত ছহিদ উধম সিঙৰ স্মৃতিত গভীৰ শ্ৰদ্ধাঞ্জলি তৰ্পন কৰা হয়৷