বিপ্লৱী ছহিদ উধম সিঙৰ আজি ১২৫ সংখ্যক জয়ন্তী। ১৮৯৯ চনৰ আজিৰ দিনটোতে অবিভক্ত ভাৰতবৰ্ষৰ পঞ্জাৱ প্ৰদেশৰ সুনাম গাঁৱত জন্মগ্ৰহণ কৰা এই বিপ্লৱীগৰাকীয়ে সেইসময়ৰ পঞ্জাৱৰ লেফটেনেণ্ট গৱৰ্ণৰ মাইকেল অ’ডৱায়াৰক লণ্ডনত হত্যা কৰি জালিয়ানৱালাবাগ হত্যাকাণ্ডৰ প্রতিশোধ লৈছিল। উল্লেখযোগ্য যে ইংৰাজৰ জিম্মাত থকা সময়ত তেওঁ ভাৰতৰ প্ৰধান তিনিটা ধৰ্মৰ প্রতিনিধিত্ব কৰি “ৰাম মহম্মদ সিং আজাদ” নামটো ব্যৱহাৰ কৰিছিল। এই উপলক্ষে আজি দেশৰ বিভিন্ন স্থানত ছহিদ উধম সিঙৰ স্মৃতিত গভীৰ শ্ৰদ্ধাঞ্জলি তৰ্পন কৰা হয়৷
Assamese | December 26, 2024 6:46 PM | Udham singh
দেশৰ বিভিন্ন স্থানত ১২৫ সংখ্যক জয়ন্তীত ছহিদ উধম সিঙক শ্ৰদ্ধাঞ্জলি তৰ্পন