July 3, 2026 1:13 PM
16
কৃষি আন্তঃগাঁথনি উন্নয়নৰ বাবে কম সুতত বেংকৰ ঋণ লাভৰ বাবে অনলাইন আবেদন গ্রহণ প্ৰক্ৰিয়া আৰম্ভ
শ্রীভূমি জিলাৰ কৃষি বিষয়াৰ কাৰ্যালয়ৰ পৰা কৃষি আন্তঃগাঁথনি উন্নয়ন পুঁজি আঁচনিৰ অধীনত কৃষি আন্তঃগাঁথনি উন্নয়নৰ বাবে কম সুতত বেংকৰ ঋণ লাভ বাবে অনলাইন আবেদন গ্রহণ প্ৰক্ৰিয়া আৰম্ভ কৰা হৈছে। জিলা কৃষি বিষয়াৰ এখন বিজ্ঞপ্তিত প্ৰকাশ কৰা অনুসৰি জিলাখনৰ আগশাৰীৰ কৃষক, কৃষক উৎপাদক সংগঠন, কৃষক উৎপাদক কোম্পানী, আত্মসহায়ক গোট, যৌথ দায়বদ্ধতা গোট আৰু সমবায় সমিতিসমূহে এই সুবিধা লাভ কৰিব। জৈৱ উপকৰণ উৎপাদন, পুলি উৎপাদন, কৃষি সেৱা কেন্দ্ৰ, শস্য গুডাম, শস্য ভৰাল স্থাপন, শীতল ভৰাল, পেকেজিং ব্যৱস্থা, প্রাথমিক প...