শ্রীভূমি জিলাৰ বিদ্যালয় পৰিদৰ্শকে হাইস্কুল শিক্ষান্ত পৰীক্ষাত ৩০ শতাংশতকৈ কম নম্বৰ পোৱা ৪২খন বিদ্যালয়লৈ কাৰণ দৰ্শোৱাৰ জাননী জাৰি কৰিছে। এই বছৰৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাত ৪৭ দশমিক ৯-৬ শতাংশ উত্তীৰ্ণৰ হাৰেৰে শ্ৰীভূমি জিলা তালিকাৰ শেষত আছে। বিদ্যালয় পৰিদৰ্শকে এই সমগ্র বিষয়টো অতি চিন্তাজনক বুলি উল্লেখ কৰি এই বিদ্যালয়সমূহত প্ৰদান কৰা শিক্ষাৰ গুণগত মান সন্দৰ্ভতো প্রশ্ন উত্থাপন কৰে।
Assamese | April 12, 2025 1:28 PM | Sri Bhumi
শ্রীভূমি জিলাৰ ৩০ শতাংশতকৈ কম নম্বৰ পোৱা ৪২খন বিদ্যালয়লৈ কাৰণ দৰ্শোৱাৰ জাননী জাৰি