শ্রীভূমি জিলাৰ কৃষি বিষয়াৰ কাৰ্যালয়ৰ পৰা কৃষি আন্তঃগাঁথনি উন্নয়ন পুঁজি আঁচনিৰ অধীনত কৃষি আন্তঃগাঁথনি উন্নয়নৰ বাবে কম সুতত বেংকৰ ঋণ লাভ বাবে অনলাইন আবেদন গ্রহণ প্ৰক্ৰিয়া আৰম্ভ কৰা হৈছে। জিলা কৃষি বিষয়াৰ এখন বিজ্ঞপ্তিত প্ৰকাশ কৰা অনুসৰি জিলাখনৰ আগশাৰীৰ কৃষক, কৃষক উৎপাদক সংগঠন, কৃষক উৎপাদক কোম্পানী, আত্মসহায়ক গোট, যৌথ দায়বদ্ধতা গোট আৰু সমবায় সমিতিসমূহে এই সুবিধা লাভ কৰিব। জৈৱ উপকৰণ উৎপাদন, পুলি উৎপাদন, কৃষি সেৱা কেন্দ্ৰ, শস্য গুডাম, শস্য ভৰাল স্থাপন, শীতল ভৰাল, পেকেজিং ব্যৱস্থা, প্রাথমিক প্ৰক্ৰিয়াকৰণ ইউনিট, মাটিবিহীন খেতি, কাঠফুলা খেতি, পলি হাউছ, গ্রীণ হাউছ, এৰোপনিক কৃষি আদি বিভিন্ন প্ৰকল্পৰ বাবে ঋণ যোগান ধৰা হ’ব। এই ঋণৰ ক্ষেত্ৰত সুদৰ ওপৰত সৰ্বাধিক ৩ শতাংশ ৰাজসাহায্য প্ৰদান কৰা হ’ব। এই সুবিধা সৰ্বাধিক ৭ বছৰলৈকে লাভ কৰিব পাৰিব। আগ্রহী আৰু কৃষক আৰু গোটসমূহে ২০ জুলাইৰ ভিতৰত অনলাইন আবেদন দাখিল কৰিব পাৰিব। অধিক তথ্যৰ বাবে জিলা কৃষি বিষয়াৰ কাৰ্যালয়ত যোগাযোগ কৰিবলৈ অনুৰোধ জনোৱা হৈছে।
Assamese | July 3, 2026 1:13 PM | Sri Bhumi
কৃষি আন্তঃগাঁথনি উন্নয়নৰ বাবে কম সুতত বেংকৰ ঋণ লাভৰ বাবে অনলাইন আবেদন গ্রহণ প্ৰক্ৰিয়া আৰম্ভ