শ্রীভূমি জিলা পৰিষদৰ কাৰ্যালয়ৰ সভাকক্ষত আজি মন্ত্রী কৃষ্ণেন্দু পালৰ সভাপতিত্বত এখন পর্যালোচনা বৈঠক অনুষ্ঠিত হয়। এই বৈঠকত জিলাখনত বর্তমান চলি থকা বিভিন্ন উন্নয়নমূলক কামৰ পৰ্যালোচনা কৰা হয়। লগতে পঞ্চায়তীৰাজ প্রতিষ্ঠানসমূহক শক্তিশালীকৰণ আৰু অধঃস্তৰৰ বিভিন্ন চৰকাৰী কল্যানমূলক পৰিযোজনাসমূহৰ অধীনত কাৰ্যকৰীকৰণ সন্দৰ্ভত আলোচনা কৰা হয়। এই বৈঠকত শ্রীভূমিৰ জিলা আয়ুক্ত প্রদীপ কুমাৰ দ্বিবেদী, শ্রীভূমি জিলা পৰিষদৰ উপ সভানেত্রী সাধিৰায় কুৰী, জিলা পৰিষদৰ সদস্য, শ্রীভূমি জিলাৰ বিভিন্ন ব্লকৰ বিডিঅ’ আৰু বিভিন্ন বিভাগীয় অধিকাৰীসকল উপস্থিত থাকে।
Assamese | October 31, 2025 7:36 PM | Sri Bhumi
শ্রীভূমিত কৃষ্ণেন্দু পালৰ সভাপতিত্বত এখন পর্যালোচনা বৈঠক অনুষ্ঠিত