December 18, 2024 1:27 PM
56
ব্ৰীছবেনত ভাৰত আৰু অষ্ট্ৰেলিয়াৰ মাজৰ বৰ্ডাৰ গাভাস্কাৰ ট্ৰফীৰ তৃতীয়খন ক্রিকেট টেষ্ট অমীমাংসিতভাৱে সমাপ্ত
ব্ৰীছবেনত ভাৰত আৰু অষ্ট্ৰেলিয়াৰ মাজৰ বৰ্ডাৰ গাভাস্কাৰ ট্ৰফীৰ তৃতীয়খন ক্রিকেট টেষ্ট আজি অমীমাংসিতভাৱে সমাপ্ত হৈছে। খেলখনৰ আজি অন্তিম দিনা ঘৰুৱা দলটোৱে দ্বিতীয় ইনিংছত ৭ উইকেটৰ বিনিময়ত ৮৯ ৰান কৰি নাটকীয়ভাৱে ইনিংছ সমাপ্তি ঘোষণা কৰে আৰু ভাৰতক দ্বিতীয় ইনিংছত ২৭৫ ৰানৰ বিজয় লক্ষ্য নিৰ্ধাৰণ কৰি দিয়ে। ভাৰতে দ্বিতীয় ইনিংছ আৰম্ভ কৰি কোনো উইকেট নেহেৰুৱাকৈ ৮ ৰান কৰা অৱস্থাত বৰষুণৰ বাবে খেলৰ সমাপ্তি ঘোষণা কৰা হয়। ইয়াৰ আগতে ভাৰতে কালি ৯ উইকেটৰ বিনিময়ত সংগ্ৰহ কৰা ২৫২ ৰানৰ পৰা প্ৰথম ইনিংছৰ খেল পুনৰ আৰ...