March 20, 2025 11:27 AM

views 59

ছুইচ অ’পেন বেডমিণ্টনৰ মহিলাৰ ডাবল্‌ছৰ প্ৰি কোৱাৰ্টাৰ ফাইনেলত ভাৰতৰ তৃষা জলি আৰু গায়ত্ৰী গোপীচান্দৰ যুটি

■ ভাৰতৰ তৃষা জলি আৰু গায়ত্ৰী গোপীচান্দৰ যুটিটো আজি ছুইজাৰলেণ্ডৰ বাছেলত অনুষ্ঠিত ছুইচ অ’পেন বেডমিণ্টন প্রতিযোগিতাৰ মহিলাৰ ডাবল্‌ছৰ প্ৰি কোৱাৰ্টাৰ ফাইনেলত জাৰ্মানীৰ ছেলিন হচছ আৰু এমিলি লেহমেনৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। ভাৰতীয় যুটিটো কালি প্ৰতিযোগিতাৰ প্ৰথম ৰাউণ্ডৰ এখন খেলত ছুইজাৰলেণ্ডৰ এলাইন মুলৰ আৰু নেডাৰলেণ্ডৰ কেলি ৱেন বিউটেনৰ যুটিটোক ২১-১৬, ২১-১৭ গেমত পৰাস্ত কৰে। পুৰুষৰ ছিংগলছৰ প্ৰথম ৰাউণ্ডত ভাৰতৰ কিদাম্বি শ্রীকান্তে কালি সতীৰ্থ খেলুৱৈ এইচ এছ প্রণয়ক ২৩–২১, ২৩–২১ গেমত পৰাভূত কৰে। ইপিনে, মহিলাৰ ছি...

March 13, 2025 3:24 PM

views 48

সন্ধিয়া ৭.৩০ বজাত মহিলা প্রিমিয়াৰ লীগ ক্রিকেটত মুম্বাই ইণ্ডিয়ানছ-গুজৰাট জায়েণ্টছৰ বিৰুদ্ধে অৱতীৰ্ণ হ’ব

মহিলা প্রিমিয়াৰ লীগ ক্রিকেট প্রতিযোগিতাৰ এলিমিনেটৰ খেলখনত আজি মুম্বাই ইণ্ডিয়ানছ-গুজৰাট জায়েণ্টছৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। মুম্বাইৰ ব্ৰবৰ্ণ ষ্টেডিয়ামত খেলখন সন্ধিয়া ৭.৩০ বজাত আৰম্ভ হ'ব। পইণ্ট তালিকাৰ শীৰ্ষত থকা দেলহী কেপিটেলছে ইতিমধ্যে ফাইনেলত প্ৰৱেশ কৰিছে। তালিকাৰ দ্বিতীয় স্থানৰ মুম্বাই ইণ্ডিয়ানছ আৰু তৃতীয় স্থানত থকা গুজৰাট জায়েণ্টছে কাইলৈ এলিমিনেটৰ খেলখনৰ জৰিয়তে ফাইনেলত প্ৰৱেশৰ বাবে যৎপৰোনাস্তি চেষ্টা চলাব। অহা ১৫ মাৰ্চত একেখন ষ্টেডিয়ামতে মহিলা প্রিমিয়াৰ লীগৰ ফাইনেল খেলখন খেলোৱা হ'ব।

March 11, 2025 6:28 PM

views 54

ইণ্ডিয়ান ৱেলছ্ অপেন টেনিছত পুৰুষৰ ডাবলছত যুকি ভাম্বৰি আৰু আন্দ্ৰে গোৰানছন প্রি-কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ

আমেৰিকা যুক্তৰাষ্ট্ৰৰ কেলিফর্নিয়াত অনুষ্ঠিত ইণ্ডিয়ান ৱেলছ্ অপেন টেনিছ প্রতিযোগিতাৰ পুৰুষৰ ডাবলছত ভাৰতৰ যুকি ভাম্বৰি আৰু তেওঁৰ ছুইডেনৰ সহযোগী আন্দ্ৰে গোৰানছন প্রী-কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰিছে। যুটীটোৱে আজি পুৱা বেলজিয়ামৰ ছেণ্ডাৰ জিলি আৰু পোলেণ্ডৰ জোন জিলেনক্সিক ৩-৬, ৭-৬, ১০-৮ ছেটত পৰাস্ত কৰে। যুটীটোৱে আজি নিশা ফিনলেণ্ডৰ হাৰি হেলিওভাৰা আৰু ব্ৰিটেইনৰ হেনৰি পেটেনৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব।

March 6, 2025 11:59 AM

views 62

আই চি চি চেম্পিয়নছ ট্ৰফী ক্রিকেটৰ দেওবাৰে চূড়ান্ত খেল

● আই চি চি চেম্পিয়নছ ট্ৰফী ক্রিকেট প্রতিযোগিতাৰ অহা দেওবাৰে ডুবাইত হ'বলগীয়া ফাইনেলত ভাৰত, নিউজিলেণ্ডৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব।প্রতিযোগিতাৰ লাহোৰৰ গাড্ডাফি স্টেডিয়ামত কালি অনুষ্ঠিত দ্বিতীয়খন ছেমি ফাইনেলত নিউজিলেণ্ড দক্ষিণ আফ্ৰিকাক ৫০ ৰানত পৰাস্ত কৰি ফাইনেলত প্ৰৱেশ কৰে। আই চি চি চেম্পিয়নছ ট্ৰফীৰ ইতিহাসৰ সৰ্বাধিক ৩৬৩ ৰানৰ বিজয় লক্ষ্য বান্ধি দি নিউজিলেণ্ডে দক্ষিণ আফ্রিকাক নিৰ্ধাৰিত ৫০ অভাৰত ৯টা উইকেটৰ বিনিময়ত ৩১২ ৰানত সীমাবদ্ধ কৰি ৰাখে। দক্ষিণ আফ্ৰিকাৰ হৈ ডেভিদ মিলাৰে অপৰাজিত ১০০, ৰেজি ভেণ্ডেৰ দ...

March 4, 2025 11:01 AM

views 47

দিনৰ ২.৩০ বজাত আই চি চি চেম্পিয়নছৰ প্ৰথমখন ছেমিফাইনেল

● ডুবাইত আজি আই চি চি চেম্পিয়নছ ট্ৰফী ক্রিকেট প্রতিযোগিতাৰ প্ৰথমখন ছেমিফাইনেলত ভাৰত অষ্ট্ৰেলিয়াৰ মুখামুখি হ'ব। খেলখন ভাৰতীয় সময় অনুসৰি দিনৰ ২.৩০ বজাত আৰম্ভ হ'ব। গ্ৰুপ-এত থকা ভাৰতে ডুবাইত অনুষ্ঠিত লীগ পৰ্যায়ৰ অন্তিমখন খেলত নিউজিলেণ্ডক ৪৪ ৰাণত পৰাস্ত কৰি আটাইকেইখন মেচত জয়লাভ কৰাৰ সুবাদত গ্ৰুপৰ শীৰ্ষস্থান অধিকাৰ কৰিছে। নিউজিলেণ্ডে কাইলৈ লাহোৰত গ্ৰুপ-বি বিজয়ী দল দক্ষিণ আফ্ৰিকাৰ সৈতে দ্বিতীয়খন ছেমিফাইনেলত অৱতীৰ্ণ হ'ব। প্ৰতিযোগিতাৰ ফাইনেল খেলখন অহা দেওবাৰে অনুষ্ঠিত হ'ব।

February 17, 2025 8:47 PM

views 61

চেন্নাইৰ জৱাহৰলাল নেহৰু ষ্টেডিয়ামত কাইলৈ ত্রয়োবিংশ ৰাষ্ট্ৰীয় পেৰা এথলেটিক্স চেম্পিয়নশ্বিপ আৰম্ভ

চেন্নাইৰ জৱাহৰলাল নেহৰু ষ্টেডিয়ামত কাইলৈ ত্রয়োবিংশ ৰাষ্ট্ৰীয় পেৰা এথলেটিক্স চেম্পিয়নশ্বিপ আৰম্ভ হ'ব। এইবাৰৰ প্ৰতিযোগিতাত দেশৰ বিভিন্ন প্ৰান্তৰ প্ৰায় ১,৫০০ পেৰা এথলীটে ১৫৫ টা শিতানত প্ৰতিদ্বন্দিতা আগবঢ়াব। দেশৰ কেইবাগৰাকীও তাৰকা পেৰা এথলীটে প্রতিযোগিতাত নিজৰ অংশগ্রহণ সুনিশ্চিত কৰিছে। তেওঁলোকৰ ভিতৰত জেভেলিনত সুমিত অন্তিল আৰু নৱদীপ সিং, হুইল ছেয়াৰ ৰেছিঙত মনোজ চাবাপাথি, শ্বটপুটত মনোজ শিংগৰাজ, মুথুৰাজা আৰু হোকাতো চেমা, হাইজাম্পত মাৰিয়াপ্পান থাংগাৱেলু আৰু ডিচকাচ থ্রোত যোগেশ কথুনিয়া অন্যতম।

February 12, 2025 4:38 PM

views 71

অসমৰ নয়নমণি শ‍ইকীয়াই অনন্য অভিলেখ গঢ়ি ক্রমাগত ৫ খন ৰাষ্ট্ৰীয় ক্রীড়া প্রতিযোগিতাত স্বর্ণ পদক জয়

অসমৰ নয়নমণি শ‍ইকীয়াই অনন্য অভিলেখ গঢ়ি ক্রমাগত ৫ খন ৰাষ্ট্ৰীয় ক্রীড়া প্রতিযোগিতাত স্বর্ণ পদক জয় কৰিছে। উত্তৰাখণ্ডত অনুষ্ঠিত ৩৮ সংখ্যক ৰাষ্ট্ৰীয় ক্রীড়া সমোৰোহৰ মহিলাৰ ল'ন বলৰ ডাবলছত সোণৰ পদক অৰ্জন কৰি ক্রীড়াবিদগৰাকী এই কৃতিত্বৰ অধিকাৰী হয়। একেদৰে ৰাজ্যৰ আন এগৰাকী ল'নবল খেলুৱৈ বনগীতাই সৰ্বাধিক ৰাষ্ট্ৰীয় ক্রীড়াত অংশ লোৱাৰ অভিলেখ গঢ়িছে।২০০৭ চনত গুৱাহাটীত অনুষ্ঠিত ৩৩ সংখ্যক ৰাষ্ট্ৰীয় ক্রীড়া সমোৰোহত অংশ লৈ খেলুৱৈ জীৱনৰ পাতনি মেলা বনগীতাই ক্রমাগত ৬টা সংস্কৰণত অসমক প্ৰতিনিধিত্ব কৰিছে আৰু প...

February 10, 2025 9:13 PM

views 35

পেৰা আৰ্ছাৰী এছিয়া কাপ প্রতিযোগিতাৰ মহিলাৰ কম্পাউণ্ড অপেন শিতানত ভাৰতৰ চৰিতাৰ সোণৰ পদক অৰ্জন

থাইলেণ্ডৰ বেংককত চলি থকা পেৰা আৰ্ছাৰী এছিয়া কাপ প্রতিযোগিতাৰ মহিলাৰ কম্পাউণ্ড অপেন শিতানত ভাৰতৰ চৰিতাই সোণৰ পদক অৰ্জন কৰিছে। আজি বিয়লি অনুষ্ঠিত খেলখনত চৰিতাই ছিংগাপুৰৰ নুৰ ছ্যাহিদা আলিমক এখন তুমুল প্রতিদ্বন্দিতামূলক খেলত ১৪৩-১৪২ ৰ ফলাফলত পৰাস্ত কৰে। ইপিনে, ভাৰতৰ আদিল মহম্মদ নাজিৰ আনচাৰীয়ে পুৰুষৰ ডব্লিঅ' ৱান শিতানত হংকঙৰ মান টাই য়ুঙক ১২০-১১৬ ৰ ফলাফলত পৰাজিত কৰি ব্ৰঞ্জৰ পদক লাভ কৰে।

February 7, 2025 8:45 PM

views 60

৩৮ সংখ্যক ৰাষ্ট্ৰীয় ক্রীড়াত লাভলীনা বৰগোঁহাই আৰু অংকুশিতা বড়োৰ স্বর্ণ পদক অৰ্জন

অলিম্পিক পদক বিজেতা বক্সাৰ লাভলীনা বৰগোঁহাই আৰু উদীয়মান বক্সাৰ অংকুশিতা বড়োৱে উত্তৰাখণ্ডত চলি থকা ৩৮ সংখ্যক ৰাষ্ট্ৰীয় ক্রীড়াত নিজ নিজ শিতানত স্বর্ণ পদক অৰ্জন কৰিছে। লগতে তাৰকা বক্সাৰ শিৱ থাপা আৰু অভিনৱ শ‍ইকীয়াই ৰূপৰ পদক লাভ কৰিছে। ৰাষ্ট্ৰীয় ক্রীড়াৰ ইতিহাসত নতুন অভিলেখ গঢ়ি পোন প্ৰথমবাৰৰ বাবে অসমৰ ৪ গৰাকী বক্সাৰে ফাইনেলত প্ৰৱেশ কৰিছিল। ইপিনে মহিলাৰ একক আৰ্ছাৰীত টুটুমণি বড়ো আৰু আৰ্ছাৰী মিক্সড টীম শাখাত অসম দলে ব্ৰঞ্জৰ পদক লাভ কৰিছে।

February 7, 2025 6:55 PM

views 59

শিৱসাগৰত আজিৰে পৰা খেল মহাৰণ ২.০ জিলা পৰ্যায়ৰ প্ৰতিযোগিতাসমূহ আৰম্ভ

শিৱসাগৰত আজিৰে পৰা খেল মহাৰণ ২.০ জিলা পৰ্যায়ৰ প্ৰতিযোগিতাসমূহ আৰম্ভ হৈছে। শিৱসাগৰ নগৰৰ বোর্ডিং খেলপথাৰত এই উপলক্ষে আয়োজিত উদ্বোধনী অনুষ্ঠানত অৰ্জুন বঁটা বিজয়ী ভোগেশ্বৰ বৰুৱা বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে। অনুষ্ঠানত জিলা আয়ুক্তৰ লগতে জিলা প্ৰশাসনৰ উচ্চ পদস্থ বিষয়াসকলে অংশগ্রহণ কৰে। উল্লেখযোগ্য যে শিৱসাগৰ জিলাৰ শিৱসাগৰ, নাজিৰা আৰু ডিমৌ সমষ্টিৰ প্ৰায় ১,৫০০ খেলুৱৈয়ে জিলা পৰ্যায়ৰ প্ৰতিযোগিতাত অংশগ্রহণ কৰিব। ৩ দিনীয়াকৈ আয়োজিত জিলা পৰ্যায়ৰ প্ৰতিযোগিতাৰ পৰহিলৈ সামৰণি পৰিব। ইপিনে, ওদালগুৰি...