August 16, 2025 9:03 PM

views 75

অসমৰ নিব্ৰাছ হুছেইনে গুৱাহাটীৰ চচলত অনুষ্ঠিত আইটা ছুপাৰ চিৰিজ টেনিছ প্রতিযোগিতাত দ্বিমুকুট অৰ্জন

অসমৰ নিব্ৰাছ হুছেইনে গুৱাহাটীৰ চচলত অনুষ্ঠিত আইটা ছুপাৰ চিৰিজ টেনিছ প্রতিযোগিতাত দ্বিমুকুট অৰ্জন কৰিছে। নিব্ৰাছে সদৌ অসম টেনিছ সন্থাৰ উদ্যোগত অনুষ্ঠিত ৰাষ্ট্ৰীয় ৰেংকিং প্রতিযোগিতাখনত ল'ৰাৰ ১৪ বছৰ অনুৰ্দ্ধ ছিংগলছ আৰু ডাবলছ শাখাত খিতাপ লাভ কৰে। ১৪ আৰু ১৬ বছৰ অনুৰ্দ্ধৰ ল'ৰা-ছোৱালীৰ প্ৰতিযোগিতাখনত ছিংগলছৰ ফাইনেলত নিব্ৰাছে কৰ্ণাটকৰ জছ কুমাৰক ৭-৫, ৬-১ পোনপটীয়া ছেটত পৰাস্ত কৰে। একেদৰে ডাবলছৰ নিব্ৰাছে অসমৰে ৰিক ৰাউটৰ লগত যুটী বান্ধি জছ আৰু সন্তোষৰ যুটীটোক ৩-৬, ৭-৫, ১০–০ ছেটত পৰাস্ত কৰে। নিব্ৰাছে এমাহৰ...

August 16, 2025 8:19 PM

views 49

ডেৰাদুনৰ ৰায়পুৰৰ মহাৰাণা প্রতাপ ক্ৰীড়া মহাবিদ্যালয়ত অহা ২০ আগষ্টৰ পৰা ২৩ আগষ্টলৈ আন্তঃৰাষ্ট্ৰীয় শীতকালীন ক্রীড়া মহোৎসৱ

ভাৰতে প্ৰথমবাৰৰ বাবে সৰ্ববৃহৎ আন্তঃৰাষ্ট্ৰীয় শীতকালীন ক্রীড়া মহোৎসৱৰ আয়োজন কৰিছে। ডেৰাদুনৰ ৰায়পুৰৰ মহাৰাণা প্রতাপ ক্ৰীড়া মহাবিদ্যালয়ত অহা ২০ আগষ্টৰ পৰা ২৩ আগষ্টলৈ চলিত বৰ্ষৰ এছিয়ান অ'পেন শর্ট ট্রেক স্পীড স্কেটিং প্রতিযোগিতা অনুষ্ঠিত হ'ব। এই প্রতিযোগিতাত এছিয়াৰ ১১ খনতকৈও অধিক দেশে অংশগ্রহণ কৰিব। ভাৰতৰ উপৰি চীন, জাপান, হংকং, ইণ্ডোনেছিয়া, ছিংগাপুৰ, থাইলেণ্ড, চীনা টাইপে, ভিয়েটনাম, মালয়েছিয়া আৰু ফিলিপিনে এই প্রতিযোগিতাত অংশগ্ৰহণ কৰিব।

August 16, 2025 8:12 PM

views 46

অষ্ট্ৰেলিয়াত চলি থকা এন এছ ডব্লিউ বেগা অপেন প্রতিযোগিতাৰ ফাইনেলত প্ৰৱেশ ভাৰতৰ স্কোৱাছ খেলুৱৈ আনাহাট সিং

ভাৰতৰ স্কোৱাছ খেলুৱৈ আনাহাট সিং অষ্ট্ৰেলিয়াত চলি থকা এন এছ ডব্লিউ বেগা অপেন প্রতিযোগিতাৰ ফাইনেলত প্ৰৱেশ কৰিছে। ১৭ বছৰীয়া খেলুৱৈগৰাকীয়ে ৫৪ মিনিট ধৰি চলা তীব্র প্রতিদ্বন্দিতামূলক ছেমিফাইনেল খেলত ইজিপ্তৰ নৌৰ খাফাগিক ১০-১২, ১১-৫, ১১-৫, ১০-১২, ১১-৭ ফলাফলত পৰাস্ত কৰে। আঘাটসত্বেও আনাহাটে খেলখনত সুন্দৰ খেল প্ৰদৰ্শন কৰে। খেলুৱৈগৰাকী ফাইনেলত ইজিপ্তৰ হাবিবা হানিৰ বিৰুদ্ধে খেলিব। হানিয়ে ছেমিফাইনেলত ভাৰতৰ আকাংক্ষা ছালুংকেক ৩-১ ফলাফলত পৰাস্ত কৰিছে। আনাহাট সিঙে ইয়াৰ পূৰ্বে ফাইনেলত দক্ষিণ আফ্ৰিকাৰ হেইলে ৱা...

August 9, 2025 11:04 PM

views 47

৫১ সংখ্যৰ জুনিয়ৰ ৰাষ্ট্ৰীয় জলক্রীড়া প্রতিযোগিতাত ১০টা পদকেৰে অসমৰ সপ্তম স্থান

অসমে ৫১ সংখ্যক জুনিয়ৰ ৰাষ্ট্ৰীয় জল ক্রীড়া প্রতিযোগিতাত ১০ টা পদকেৰে ৰাষ্ট্ৰীয় পৰ্যায়ত সপ্তম স্থান লাভ কৰিছে। এই প্রতিযোগিতাত অসমৰ তীৰ্থাংক পেগুৱে ল'ৰাৰ গ্ৰুপ ৱানৰ ২০০ মিটাৰ বাটাৰফ্লাইত আৰু প্ৰয়াস গগৈয়ে ল'ৰাৰ গ্ৰুপ টুৰ ৫০ মিটাৰ FREE STYLE শিতানত সোণৰ পদক লাভ কৰিছে। জ্ঞানদীপ বৰগোহাঁয়ে ল'ৰাৰ গ্ৰুপ টুৰ ১০০ আৰু ২০০ মিটাৰ BACK STROKE-ত ব্ৰঞ্জৰ পদক অৰ্জন কৰি ৰাজ্যলৈ গৌৰৱ কঢ়িয়াই আনিছে। একেদৰে প্ৰয়াস গগৈয়ে ল'ৰাৰ গ্ৰুপ টুৰ ১০০ মিটাৰ FREE STYLE ত ৰূপৰ আৰু একেই শিতানৰ ২০০ আৰু ৪০০ মিটাৰ FREE STYL...

August 1, 2025 8:26 PM

views 47

অভেলত চলি থকা পঞ্চম তথা অন্তিম টেষ্টত ইংলেণ্ডৰ বিৰুদ্ধে ভাৰতৰ প্রথম ইনিংছত শোচনীয় প্ৰদৰ্শন

অভেলত চলি থকা পঞ্চম তথা অন্তিম টেষ্টত ইংলেণ্ডৰ বিৰুদ্ধে ভাৰতে প্রথম ইনিংছত শোচনীয় প্ৰদৰ্শন দাঙি ধৰিছে। খেলখনৰ আজি দ্বিতীয় দিনা ভাৰতে কালি ৬ উইকেটৰ বিনিময়ত সংগ্ৰহ কৰা ২০৪ ৰানৰ পৰা খেলিবলৈ লৈ কেৱল ২০ ৰান যোগ কৰা অৱস্থাতে ভাৰতৰ আটাইকেইটা উইকেটৰ পতন ঘটে। ভাৰতৰ অন্তিম ৩গৰাকী বেটছমেন শূন্য ৰানত আউট হয়। প্ৰত্যুত্তৰত ইংলেণ্ডে দৃঢ় আৰম্ভণি কৰিছে আৰু প্রথম উইকেটৰ যুটীত অপেনাৰদ্বয় জেক ক্ৰলি আৰু বেন ডাকেটে ৯২ ৰান সংগ্ৰহ কৰে। বেন ডাকেট ৪৩ ৰান কৰি আউট হয়। বাতৰি লিখাৰ পৰলৈকে ঘৰুৱা দলটোৱে প্ৰথম ইনিংছত তিন...

July 28, 2025 9:18 PM

views 59

ফিডে মহিলা বিশ্বকাপত খিতাপ দখল কৰা ভাৰতীয় দবা খেলুৱৈ দিব্যা দেশমুখ আৰু প্ৰতিযোগিতাৰ ৰাণাৰ আপ কনেৰু হাম্পিক ৰাষ্ট্ৰপতি মুর্মুৰ অভিনন্দন জ্ঞাপন

ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুর্মুৱে ফিডে মহিলা বিশ্বকাপত খিতাপ দখল কৰা ভাৰতীয় দবা খেলুৱৈ দিব্যা দেশমুখ আৰু প্ৰতিযোগিতাৰ ৰাণাৰ আপ কনেৰু হাম্পিক অভিনন্দন জ্ঞাপন কৰিছে। সামাজিক মাধ্যমৰ এটা পোষ্টত শ্ৰীমতী মুৰ্মুৱে ১৯ বছৰ বয়সত এই খিতাপ দখল কৰা প্ৰথমগৰাকী ভাৰতীয় মহিলা দবা খেলুৱৈ হিচাপে বিবেচিত হোৱা দিব্যাৰ শলাগ লয়। শ্ৰীমতী মুৰ্মুৱে কনেৰু হাম্পিকো উন্নত প্ৰদৰ্শনৰ বাবে অভিনন্দন জ্ঞাপন কৰে। এই দুয়োগৰাকী খেলুৱৈয়ে ভৱিষ্যতেও দেশলৈ গৌৰৱ কঢ়িয়াই অনাৰ লগতে যুৱ প্ৰজন্মক অনুপ্ৰাণিত কৰিব বুলি শ্রীমতী মুৰ্ম...

July 28, 2025 9:12 PM

views 52

ফিডে মহিলা বিশ্বকাপত ভাৰতৰ দিব্যা দেশমুখৰ খিতাপ অৰ্জন

ফিডে মহিলা বিশ্বকাপত ভাৰতৰ দিব্যা দেশমুখে খিতাপ অৰ্জন কৰিছে। জর্জিয়াৰ বাটুমিত অনুষ্ঠিত প্রতিযোগিতাৰ ফাইনেলত দিব্যা দেশমুখে স্বদেশৰেই কনেৰু হাম্পিক পৰাভূত কৰি খিতাপ দখল কৰে। তিনিদিন ধৰি চলা খেলখনত দিব্যাই টাই ব্ৰেকাৰৰ সহায়ত ২.৫১.৫ ফলাফলত জয়লাভ কৰে। কালি আৰু পৰহি হোৱা ফাইনেল খেল দুখন ড্র' হোৱাৰ পাছত টাই ব্ৰেকাৰৰ সিদ্ধান্ত গ্ৰহণ কৰা হয়৷

July 28, 2025 5:05 PM

views 42

পোলেণ্ডত অনুষ্ঠিত উইছল’ চেপিয়েস্কি মেম’ৰিয়েল ২০২৫ এথলেটিকছত ভাৰতৰ তেজস্বিন শংকৰৰ নতুন ৰাষ্ট্ৰীয় ডেকাথলন অভিলেখ

ভাৰতৰ তেজস্বিন শংকৰে পোলেণ্ডত কালি অনুষ্ঠিত উইছল' চেপিয়েস্কি মেম'ৰিয়েল ২০২৫ এথলেটিকছ মিটত ৭,৮২৬ পইণ্ট সংগ্ৰহ কৰি দ্বিতীয়বাৰৰ বাবে নতুন ৰাষ্ট্ৰীয় ডেকাথলন অভিলেখ গঢ়িবলৈ সমৰ্থ হৈছে। ২৬ বছৰীয়া এথলীট গৰাকীয়ে ২০২২ চনত হাংঝুত অনুষ্ঠিত এছিয়ান গেমছত ৰূপৰ পদকেৰে অৰ্জন কৰা নিজৰেই পূৰ্বৰ শ্ৰেষ্ঠ ৭৬৬৬ পইণ্ট অতিক্ৰম কৰে। সৰ্বকালৰ অভিলেখ গঢ়ি চেচিয়াৰ অজে কোপেকিয়ে ৮২৫৪ পইণ্টেৰে খিতাপ দখল কৰে। একেখন দেশৰ ভিলেম ষ্ট্ৰাস্কি আৰু ইষ্ট'নিয়াৰ ৰিষ্টো লিলেমেটছে তেওঁৰ পৰৱৰ্তী স্থান দখল কৰে৷

July 24, 2025 8:15 PM

views 70

ভাৰত আৰু ইংলেণ্ডৰ মাজত অ’ল্ড ট্রেফ’ৰ্ডত চতুর্থ ক্রিকেট টেষ্টত ভাৰতে প্রথম ইনিংছত আটাইকেইটা উইকেট হেৰুৱাই ৩৫৮ ৰান সংগ্ৰহ কৰিবলৈ সমৰ্থ

ভাৰত আৰু ইংলেণ্ডৰ মাজত অ’ল্ড ট্রেফ'ৰ্ডত চলি থকা চতুর্থ ক্রিকেট টেষ্টৰ আজি দ্বিতীয় দিনা ভাৰতে প্রথম ইনিংছত আটাইকেইটা উইকেট হেৰুৱাই ৩৫৮ ৰান সংগ্ৰহ কৰিবলৈ সমৰ্থ হয়। ভোজন বিৰতিৰ পৰলৈকে ৬ উইকেটৰ বিনিময়ত ৩২২ ৰান সংগ্ৰহ কৰা ভাৰতৰ হৈ ছাই সুদৰ্শন ৬১ ৰান কৰি, ছার্দুল ঠাকুৰে ৪১ বান আৰু ৰবীন্দ্ৰ জাডেজাই ২০ ৰান কৰি আউট হয়। কালি আঘাতপ্ৰাপ্ত হৈ খেলপথাৰ ত্যাগ কৰিবলগীয়া হোৱা ভাৰতৰ উপ-অধিনায়ক ঋষভ পণ্ট বেটিং কৰিবলৈ আহে আৰু ভাৰতৰ ৰান সংখ্যা আগবঢ়াবলৈ চেষ্টা কৰে যদিও ক্রমাগত উইকেট পতনৰ ফলত ৩৫৮ ৰানত ইনিংছ সামৰি...

July 24, 2025 8:10 PM

views 52

চৰাইদেউ জিলা যোগাসন ক্রীড়া সন্থাৰ সহযোগত সাপেখাটিত আজিৰে পৰা পঞ্চম বার্ষিক সদৌ অসম যোগাসন ক্রীড়া প্রতিযোগিতা আৰম্ভ

সদৌ অসম যোগাসন ক্রীড়া সন্থাৰ উদ্যোগত চৰাইদেউ জিলা যোগাসন ক্রীড়া সন্থাৰ সহযোগত সাপেখাটিত আজিৰে পৰা পঞ্চম বার্ষিক সদৌ অসম যোগাসন ক্রীড়া প্রতিযোগিতা আৰম্ভ হৈছে। সাপেখাটি মজলীয়া বিদ্যালয়ৰ খেলপথাৰত চাৰিদিনীয়াকৈ আয়োজন কৰা প্ৰতিযোগিতাখনত বিভিন্ন জিলাৰ প্ৰায় ৫ শতাধিক খেলুৱৈয়ে অংশগ্ৰহণ কৰিছে। প্রাক্তন সাংসদ তপন কুমাৰ গগৈয়ে পতাকা উত্তোলন কৰা প্ৰতিযোগিতাখনৰ সোণাৰি সমষ্টিৰ বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰে শুভ উদ্বোধন কৰে। প্ৰতিযোগিতাৰ বিজয়ী প্ৰতিযোগীসকলে ৰাষ্ট্ৰীয় পৰ্যায়ত খেলাৰ সুবিধা লাভ কৰিব।