ভাৰতৰ স্কোৱাছ খেলুৱৈ আনাহাট সিং অষ্ট্ৰেলিয়াত চলি থকা এন এছ ডব্লিউ বেগা অপেন প্রতিযোগিতাৰ ফাইনেলত প্ৰৱেশ কৰিছে। ১৭ বছৰীয়া খেলুৱৈগৰাকীয়ে ৫৪ মিনিট ধৰি চলা তীব্র প্রতিদ্বন্দিতামূলক ছেমিফাইনেল খেলত ইজিপ্তৰ নৌৰ খাফাগিক ১০-১২, ১১-৫, ১১-৫, ১০-১২, ১১-৭ ফলাফলত পৰাস্ত কৰে। আঘাটসত্বেও আনাহাটে খেলখনত সুন্দৰ খেল প্ৰদৰ্শন কৰে। খেলুৱৈগৰাকী ফাইনেলত ইজিপ্তৰ হাবিবা হানিৰ বিৰুদ্ধে খেলিব। হানিয়ে ছেমিফাইনেলত ভাৰতৰ আকাংক্ষা ছালুংকেক ৩-১ ফলাফলত পৰাস্ত কৰিছে। আনাহাট সিঙে ইয়াৰ পূৰ্বে ফাইনেলত দক্ষিণ আফ্ৰিকাৰ হেইলে ৱাৰ্ডক পৰাস্ত কৰিছিল।
Assamese | August 16, 2025 8:12 PM | Indian Sports | SPORTS | squash game
অষ্ট্ৰেলিয়াত চলি থকা এন এছ ডব্লিউ বেগা অপেন প্রতিযোগিতাৰ ফাইনেলত প্ৰৱেশ ভাৰতৰ স্কোৱাছ খেলুৱৈ আনাহাট সিং