September 3, 2026 6:48 PM
11
শিৱসাগৰত ফ্ৰেমৱৰ্ক ফৰ ফার্টিলাইজাৰ ছেল ব্যৱস্থাৰ আনুষ্ঠানিক শুভাৰম্ভ
শিৱসাগৰ জিলাত সাৰ বিক্ৰি আৰু বিতৰণ ব্যৱস্থাক অধিক স্বচ্ছ, বিজ্ঞানসন্মত আৰু নিয়মানুৱৰ্তি কৰাৰ লক্ষ্যৰে আজিৰে পৰা ফ্ৰেমৱৰ্ক ফৰ ফার্টিলাইজাৰ ছেল নামৰ নতুন প্ৰণালীগত সাৰ বিক্ৰী ব্যৱস্থাৰ আনুষ্ঠানিকভাৱে শুভাৰম্ভ কৰা হয়। এই উপলক্ষে জিলা কৃষি বিষয়াৰ কাৰ্যালয়ত কেন্দ্ৰীয়ভাৱে উদ্বোধনী অনুষ্ঠান অনুষ্ঠিত হয়। অনুষ্ঠানত জিলা কৃষি বিষয়া, কৃষি বিজ্ঞানকেন্দ্ৰৰ মুখ্য বিজ্ঞানী, সহকাৰী কৃষি সঞ্চালকৰ লগতে কৃষি বিষয়া আৰু কৰ্মচাৰী উপস্থিত থাকে। এই অনুষ্ঠানত কোঁৱৰপুৰ কৃষি উন্নয়ন চক্ৰৰ ঋষিকেশ হাজৰিকাই কৃষকসকলক ...