শিৱসাগৰ বিধানসভাৰ এলেকাৰ বান আৰু খহনীয়া সমস্যা সমাধান কৰাৰ বাবে ২০০ কোটি টকা ব্যয় কৰা হ’ব বুলি জলসম্পদ মন্ত্রী পীযূষ হাজৰিকাই ঘোষণা কৰিছে। এ ডি বি আঁচনি অনুসৰি এই ২০০ কোটি টকাৰে শিৱসাগৰ সমষ্টিৰ ২০ কিলোমিটাৰ মথাউৰিৰ লগতে ছখন শুইছ গে’টৰ মেৰামতিৰ কামো কৰা হ’ব বুলি মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে। কালি সন্ধিয়া শিৱসাগৰ জিলাৰ মামল গড়ভঙাৰ শুইছ গে’ট পৰিদৰ্শন কৰি মন্ত্ৰী হাজৰিকাই এই কথা ঘোষণা কৰে। মন্ত্রী হাজৰিকাৰ পৰিদৰ্শন কালত জলসম্পদ বিভাগৰ বিষয়াসকলৰ সৈতে আলোচনাত মিলিত হৈ ব্ৰহ্মপুত্ৰ আৰু উপনৈসমূহৰ বানপ্ৰৱণ অঞ্চলসমূহৰ পৰিস্থিতিৰ বুজ লয়। মন্ত্ৰীগৰাকীৰ এই পৰিদৰ্শন কালত শিৱসাগৰৰ বিধায়ক অখিল গগৈয়ে সংগ দিয়ে।
Assamese | June 16, 2025 1:38 PM | Sibsagar
শিৱসাগৰ বান আৰু খহনীয়া সমস্যা সমাধান কৰাৰ বাবে ২০০ কোটি টকা ব্যয় কৰা হ’ব বুলি পীযূষ হাজৰিকাৰ ঘোষণা