তেল আৰু প্ৰাকৃতিক গেছ নিগমৰ শিৱসাগৰ জিলাৰ ৰুদ্ৰসাগৰ তৈলক্ষেত্ৰৰ অধীনস্থ ১৪৭ নম্বৰ ৰীগত হোৱা গেছৰ নির্গমন আজিও অব্যাহত আছে। ৰীগটোৰ পৰা অবিৰতভাৱে হৈ থকা নিৰ্গমন এতিয়ালৈ নিয়ন্ত্ৰণ কৰিব পৰা হোৱা নাই যদিও বিশেষজ্ঞৰ দ্বাৰা প্ৰচেষ্টা চলাই থকা হৈছে বুলি নিগমে প্ৰেছ বিবৃতিযোগে প্ৰকাশ কৰিছে। উল্লেখযোগ্য যে যোৱা বৃহস্পতিবাৰে দুপৰীয়া তেল কূপটোত গেছৰ নিগমন আৰম্ভ হয়। প্রচণ্ড শব্দৰে নিৰ্গত হোৱা এই গেছৰ ফলত জনস্বাস্থ্যৰ প্ৰতি সৃষ্টি হোৱা ভাবুকিৰ প্ৰতি লক্ষ্য ৰাখি জিলা প্ৰশাসনে সমীপৰ ৭০ টা পৰিয়ালক সেই অঞ্চলৰ পৰা স্থানান্তৰ কৰিছে। অস্থায়ীভাৱে ভাটিবনগাওঁ এলেকাত স্থাপন কৰা শিবিৰত এই লোকসকলক থকা-খোৱাৰ ব্যৱস্থা কৰা হৈছে। ইপিনে, এই গেছ নির্গমনৰ পাছত হৃদক্রিয়া বন্ধ হৈ ভটিয়াপাৰৰ নৰেন গগৈ নামৰ এজন লোকৰ মৃত্যু হোৱা বুলি পৰিয়ালৰ লোকে অভিযোগ তুলিছে। সংকটজনক অৱস্থাত লোকজনক শিৱসাগৰৰ এখন ব্যক্তিগত চিকিৎসালয়লৈ লৈ যোৱা হয় যদিও লোকজনৰ চিকিৎসা গ্ৰহণৰ পূর্বে মৃত্যু হয়।
Assamese | June 14, 2025 8:02 PM | Sibsagar
শিৱসাগৰ জিলাৰ ৰুদ্ৰসাগৰ তৈলক্ষেত্ৰৰ ৰীগত হোৱা গেছৰ নির্গমন অব্যাহত