অসম চৰকাৰৰ দক্ষতা বিকাশ অভিযানৰ অধীনত শিৱসাগৰ জিলাৰ শুকান পুখুৰী বৰ্ণ কুটিৰ শিল্পগ্রামত দহদিনীয়া বিশেষ মুখা প্রশিক্ষণ অনুষ্ঠিত হৈছে। মহাপুৰুষ শ্রীমন্ত শংকৰদেৱৰ সৃষ্টিৰাজিৰ অন্যতম উপাদান মুখা নিৰ্মাণৰ সকলো দিশ সামৰি লোৱা এই শিবিৰত ১০ গৰাকী প্রশিক্ষার্থীয়ে অংশগ্ৰহণ কৰিছে। এই প্রশিক্ষণত ভাওনাত ব্যৱহাৰ কৰা মুখাসমূহ স্থানীয়ভাবে পোৱা সামগ্রী বাঁহ, খেৰ, বোকামাটি, গোবৰ আদিৰে সাজি উলিওৱাৰ ব্যৱহাৰিক কৌশল প্রণালীবদ্ধভাবে শিকোৱা হৈছে। মুখাশিল্পী সুজিত বৰুৱাই এই কাৰ্যসূচীত মুখ্য প্রশিক্ষক হিচাপে অংশ লৈছে। ২৪ ডিচেম্বৰত এই প্রশিক্ষণ কাৰ্যসূচীৰ সামৰণি পৰিব।
Assamese | December 17, 2025 12:21 PM | Sibsagar
শিৱসাগৰ জিলাৰ শুকান পুখুৰী বৰ্ণ কুটিৰ শিল্পগ্রামত দহদিনীয়া বিশেষ মুখা প্রশিক্ষণ অনুষ্ঠিত