September 22, 2025 7:35 PM

views 66

দেশৰ প্ৰতিৰক্ষা উদ্যোগত এক লাখ ৫০ হাজাৰ কোটি টকা মূল্যৰ সামগ্রী উৎপাদন

দেশৰ প্ৰতিৰক্ষা উদ্যোগত এক লাখ ৫০ হাজাৰ কোটি টকা মূল্যৰ সামগ্রী উৎপাদন কৰা হৈছে। একেদৰে প্ৰতিৰক্ষা সঁজুলি ৰপ্তানিৰ পৰিমাণে ২৩ হাজাৰ কোটি টকাৰ নিৰিখ অতিক্ৰম কৰিছে। প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে কালি মৰক্কোত এই কথা প্ৰকাশ কৰে। দেশখনৰ ৰাবাটত ভাৰতীয় সম্প্ৰদায়ৰ লোকসকলৰ সৈতে মত বিনিময় কৰি তেওঁ লগতে কয়, যে ভাৰতে সম্প্রতি এশ খনতকৈও অধিক ৰাষ্ট্ৰলৈ প্ৰতিৰক্ষা সঁজুলি ৰপ্তানি কৰি আছে। বিগত দশকটোত প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত ভাৰতে সৰ্বাত্মক অগ্রগতি লাভ কৰিছে বুলি মত প্ৰকাশ কৰি তেওঁ কয়, যে আন্...

September 17, 2025 8:37 PM

views 42

কাইলৈ নতুন দিল্লীত মন্থন-২০২৫ শীৰ্ষক ৰাষ্ট্ৰীয় সন্মিলন

প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে কাইলৈ নতুন দিল্লীত মন্থন-২০২৫ শীৰ্ষক ৰাষ্ট্ৰীয় সন্মিলন উদ্বোধন কৰিব। প্ৰতিৰক্ষা সম্পদৰ সঞ্চালকালয় প্ৰধানৰ দ্বাৰা বিকশিত ভাৰত-২০৪৭ৰ বাবে কৌশলগত ৰূপৰেখা বিষয়বস্তুৰে দুদিনীয়া এই সন্মিলনৰ আয়োজন কৰা হৈছে। সন্মিলনৰ উদ্বোধনী সত্ৰত বিগত এবছৰত প্ৰতিৰক্ষা সম্পদ বিভাগৰ সফলতা আৰু পদক্ষেপ সন্দৰ্ভত বিশেষ আলোচনা অনুষ্ঠিত হ'ব। দ্বিতীয় দিনা ভূমি সম্পদ বিভাগৰ সচিব মনোজ যোশী, ভাৰতৰ এটর্ণী জেনেৰেল আৰ ভেংকটৰমণীকে ধৰি বিশিষ্ট ব্যক্তিসকলৰ আলোচনা অনুষ্ঠিত হ'ব।

August 22, 2025 8:16 PM

views 62

নতুন দিল্লীত ৰাজহুৱা অনুষ্ঠানত ভাষণ প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙৰ

প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে কৈছে যে ভাৰতে উদ্ভাৱন আৰু প্ৰযুক্তি বিকাশক প্ৰসাৰিত কৰাৰ লগতে ঘৰুৱা কোম্পানীসমূহক উপযুক্ত সুবিধা প্রদান কৰি শক্তিশালী প্ৰতিৰক্ষা পৰিৱেশ তন্ত্ৰ গঢ়ি তুলিছে। তেওঁ কয়, দেশখনে পঞ্চম প্রজন্মৰ যুদ্ধ বিমান নিৰ্মাণৰ লগতে বিমানখনৰ ইঞ্জিন নিৰ্মাণৰ দিশত আগবাঢ়িছে। তেওঁ কয় যে, ফ্ৰান্সৰ ছাফ্ৰান নামৰ প্ৰতিষ্ঠানটোৰ সহযোগত ভাৰতে দেশীয়ভাৱে ইঞ্জিন নিৰ্মাণৰ কাম আৰম্ভ কৰিব। আজি নতুন দিল্লীত অনুষ্ঠিত এটা ৰাজহুৱা অনুষ্ঠানত ভাষণ দি প্ৰতিৰক্ষা মন্ত্ৰীগৰাকীয়ে কয় যে চৰকাৰে ৯৭খন তেজস যু...

July 13, 2025 9:25 PM

views 44

অপাৰেচন সিন্দূৰৰ সময়ত ব্রাহ্মোছ ক্ষেপণাস্ত্রই উল্লেখযোগ্য ভূমিকা গ্ৰহণ কৰিছিল : কেন্দ্ৰীয় প্ৰতিৰক্ষা মন্ত্ৰী

অপাৰেচন সিন্দূৰৰ সময়ত ব্রাহ্মোছ ক্ষেপণাস্ত্রই উল্লেখযোগ্য ভূমিকা গ্ৰহণ কৰিছিল বুলি কেন্দ্ৰীয় প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে প্ৰকাশ কৰিছে। অপাৰেচন সিন্দূৰৰ পাছত বিদেশত ব্রাহ্মোছ ক্ষেপণাস্ত্ৰৰ চাহিদা বৃদ্ধি পাইছে। লক্ষ্ণৌ সংসদীয় সমষ্টিলৈ দুদিনীয়া ভ্রমণসূচীৰে যোৱা প্ৰতিৰক্ষা মন্ত্ৰীগৰাকীয়ে তেওঁৰ ভ্ৰমণৰ দ্বিতীয় দিনা নেচনেল পি জি কলেজত উত্তৰ প্ৰদেশৰ প্ৰাক্তন মুখ্যমন্ত্ৰী চন্দ্ৰভানু গুপ্তাৰ প্ৰতিমূৰ্তি উন্মোচন কৰি ১৪ খন দেশে ব্রাহ্মোছ ক্ষেপণাস্ত্ৰ বিচৰাৰ কথা উল্লেখ কৰে। তেওঁ লগতে এই ক্ষেপণাস্ত্ৰ...

July 3, 2025 8:26 PM

views 55

এক লাখ কোটিৰে অধিক টকাৰ ১০ টা মূলধনী ক্রয় প্ৰস্তাৱত অনুমোদন প্ৰতিৰক্ষা ক্ৰয় পৰিষদৰ

প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙৰ অধ্যক্ষতাত প্ৰতিৰক্ষা ক্ৰয় পৰিষদে থলুৱা উৎসৰ পৰা এক লাখ কোটিৰে অধিক টকাৰ ১০ টা মূলধনী ক্রয় প্ৰস্তাৱত অনুমোদন জনাইছে। সেই অনুসৰি বৈদ্যুতিন যুদ্ধ প্রণালী, সেনাবাহিনীৰ তিনিওটা শাখাৰ বাবে সংহত উমৈহতীয়া দ্রব্য তালিকা ব্যৱস্থাপনা প্রণালী, ভূপৃস্থৰ পৰা আকাশ মাৰ্গলৈ নিক্ষেপ কৰিব পৰা ক্ষেপণাস্ত্ৰ আৰু বৰ্মসজ্জিত বাহন ক্ৰয়ৰ প্ৰস্তাৱত অমোদন দিয়া হৈছে। প্ৰতিৰক্ষা মন্ত্ৰ্যালয়ে প্ৰকাশ কৰা মতে এই প্ৰস্তাৱসমূহে উন্নত যোগান শৃংখলা ব্যৱস্থাপনা, ফলপ্রসূ বায়ু প্ৰতিৰক্ষা ব্যৱস্থা...

June 26, 2025 10:48 AM

views 46

ছাংহাই সহযোগিতা সংস্থাৰ প্ৰতিৰক্ষা মন্ত্ৰীৰ বৈঠকত প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং

প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে আজি চীনৰ কুইংডাওত ছাংহাই সহযোগিতা সংস্থাৰ প্ৰতিৰক্ষা মন্ত্ৰীসকলৰ বৈঠকত অংশগ্ৰহণ কৰিব। প্ৰতিৰক্ষা মন্ত্ৰীগৰাকী কালি সন্ধিয়া চীনত উপস্থিত হয়। এই দুদিনীয়া বৈঠকত ছাংহাই সহযোগিতা সংস্থাৰ সদস্য ৰাষ্ট্ৰৰ প্ৰতিৰক্ষা মন্ত্ৰীসকলে আঞ্চলিক আৰু আন্তঃৰাষ্ট্ৰীয় সুৰক্ষা, সন্ত্ৰাসবাদ প্রতিহত কৰাৰ প্ৰচেষ্টা আৰু প্ৰতিৰক্ষা মন্ত্ৰ্যালয়সমূহৰ মাজত সহযোগিতা বৃদ্ধিকে ধৰি ভালেমান গুৰুত্বপূৰ্ণ বিষয়ত আলোচনা কৰাৰ আশা কৰা হৈছে। শ্রীসিঙে বৈঠকত আন্তঃৰাষ্ট্ৰীয় শান্তি আৰু সুৰক্ষাৰ প্ৰচাৰৰ ক...

June 23, 2025 8:32 PM

views 43

দিল্লীত ৰাষ্ট্ৰপতি মুৰ্মুৰ ভাষণৰ দ্বিতীয়টো সংকলন ৱিংজ টু আৱাৰ হোপছ্ নামৰ গ্ৰন্থখন মুকলি প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙৰ

প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে আজি নতুন দিল্লীত ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুৰ্মুৰ ভাষণৰ দ্বিতীয়টো সংকলন ৱিংজ টু আৱাৰ হোপছ্ নামৰ গ্ৰন্থখন মুকলি কৰে। উল্লেখযোগ্য যে এইটো সংকলনত ২০২৩ চনৰ আগষ্ট মাহৰ পৰা ২০২৪ চনৰ জুলাই মাহলৈকে বিভিন্ন অনুষ্ঠানত ৰাষ্ট্ৰপতিগৰাকীয়ে প্ৰদান কৰা ভাষণসমূহক লিপিবদ্ধ কৰি গ্ৰন্থৰ ৰূপ দিয়া হৈছে। আজিৰ গ্ৰন্থ উন্মোচনী অনুষ্ঠানত কেন্দ্ৰীয় তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰী অশ্বিনী বৈষ্ণৱ আৰু সংসদীয় পৰিক্ৰমা দপ্তৰৰ ৰাজ্যমন্ত্ৰী এল মুৰুগানো উপস্থিত থাকে। গ্ৰন্থখন মুকলি কৰি প্ৰতিৰক্ষা ...

June 11, 2025 7:21 PM

views 62

চৰকাৰে ২০২৯ চনৰ ভিতৰত ৩ লাখ কোটি টকাৰ প্ৰতিৰক্ষা সামগ্রী উৎপাদনৰ লক্ষ্য নির্ধাৰণ কৰিছেঃ ৰাজনাথ সিং

প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে কয়, যে চৰকাৰে ২০২৯ চনৰ ভিতৰত ৩ লাখ কোটি টকাৰ প্ৰতিৰক্ষা সামগ্রী উৎপাদনৰ লক্ষ্য নির্ধাৰণ কৰিছে। উত্তৰাখণ্ডৰ ডেৰাডুনত অনুষ্ঠিত ৰাষ্ট্ৰীয় সুৰক্ষা আৰু সন্ত্ৰাসবাদ শীৰ্ষক এটা অনুষ্ঠানত ভাগ লৈ শ্ৰীসিঙে কয়, যে সেই সময়লৈ প্ৰতিৰক্ষা খণ্ডত দেশৰ ৰপ্তানি ৫০ হাজাৰ কোটি টকা হ'বগৈ। তেওঁ কয়, যে দেশৰ বাৰ্ষিক প্ৰতিৰক্ষা উৎপাদন ২০১৪ চনৰ ৪০ হাজাৰ কোটিৰ বিপৰীতে বর্তমান এক লাখ ৩০ হাজাৰ কোটি অতিক্ৰম কৰিছে। চৰকাৰে এই বছৰত এক লাখ ৭৫ হাজাৰ কোটি টকাৰ প্ৰতিৰক্ষা উৎপাদনৰ লক্ষ্য নিৰ্ধাৰণ ক...

May 5, 2025 8:33 PM

views 40

জাপানৰ প্ৰতিৰক্ষা মন্ত্ৰী জেনেৰেল নাকাটানিৰ সৈতে নতুন দিল্লীত প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙৰ দ্বিপাক্ষিক বৈঠক

প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে আজি জাপানৰ প্ৰতিৰক্ষা মন্ত্ৰী জেনেৰেল নাকাটানিৰ সৈতে নতুন দিল্লীত দ্বিপাক্ষিক বৈঠকত মিলিত হয়। দুয়োখন দেশে সন্ত্রাসবাদক গৰিহণা দিয়াৰ লগতে ভাৰত জাপান বিশেষ কৌশলগত আৰু গোলকীয় অংশীদাৰিত্বৰ প্ৰতিৰক্ষা আৰু নিৰাপত্তাৰ দিশসমূহ আলোচনা কৰে। ভাৰত আৰু জাপানৰ দ্বিপাক্ষিক সম্পৰ্ক সূদৃঢ় কৰাৰ লগতে আঞ্চলিক শান্তিৰ বাবে দুয়োখন দেশে প্রতিশ্রুতিবদ্ধ হয়। দুয়োগৰাকী নেতাই ভাৰত আৰু জাপানৰ মাজৰ সামুদ্রিক সহযোগিতা শক্তিশালী কৰাৰ উদ্দেশ্যে নতুন মাত্রা সংযোজন কৰিবলৈ সন্মত হয়। আৰম্ভণি...

May 5, 2025 1:05 PM

views 41

জাপানৰ প্ৰতিৰক্ষা মন্ত্ৰী জেন নাকাটানিৰ সৈতে আজি ৰাজনাথ সিঙৰ দ্বিপাক্ষিক বৈঠক

প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে আজি নতুন দিল্লীত জাপানৰ প্ৰতিৰক্ষা মন্ত্ৰী জেন নাকাটানিৰ সৈতে দ্বিপাক্ষিক বৈঠকত মিলিত হ'ব। প্ৰতিৰক্ষা মন্ত্ৰ্যালয়ে প্রকাশ এটা বিবৃতি মতে এই বৈঠকত দুয়োগৰাকী নেতাই আঞ্চলিক আৰু আন্তঃৰাষ্ট্ৰীয় নিৰাপত্তা পৰিস্থিতি সন্দৰ্ভত নিজৰ মত আৰু ধাৰণাৰ বিনিময় কৰাৰ লগতে দ্বিপাক্ষিক প্ৰতিৰক্ষা সহযোগিতা সন্দৰ্ভত আলোচনা কৰিব। উল্লেখযোগ্য যে, ভাৰত আৰু জাপানৰ মাজত দীৰ্ঘদিনীয়া বন্ধুত্বৰ সম্বন্ধ অক্ষুন্ন আছে। দুয়োখন দেশৰ সম্পৰ্কৰ ক্ষেত্ৰত প্ৰতিৰক্ষা আৰু নিৰাপত্তা বিষয় দুটা গুৰুত্বপ...