September 8, 2026 8:06 PM
6
বজালী জিলাৰ পাঠশালাৰ মহকুমা অসামৰিক চিকিৎসালয়ত পর্যালোচনা বৈঠক
অসংক্ৰামক ৰোগৰ আগতীয়া চিনাক্তকৰণ, পৰীক্ষা-নিৰীক্ষা আৰু চিকিৎসা ব্যবস্থা উন্নত কৰাৰ লক্ষ্যৰে বজালী জিলাৰ পাঠশালাৰ ছহিদ মদন ৰাউতা মহকুমা অসামৰিক চিকিৎসালয়ত আজি জিলা পর্যায়ত পর্যালোচনা বৈঠক আৰু প্রশিক্ষণ কার্যসূচী অনুষ্ঠিত হয়। এই কার্যসূচীত নাৰ্ছ, স্বাস্থ্যকর্মী আৰু সামূহিক স্বাস্থ্য বিষয়াসকলক অসংক্রামক ৰোগ সম্পৰ্কীয় বিভিন্ন দিশত প্রশিক্ষণ প্রদান কৰা হয়। প্রশিক্ষণ কাৰ্যসূচীত ৮০ বছৰ বা তাতকৈ অধিক বয়সৰ জ্যেষ্ঠ নাগৰিকসকলৰ ঘৰে ঘৰে গৈ চিকিৎসা সেৱা প্ৰদানৰ ওপৰত গুৰুত্ব আৰোপ কৰা হয়। বৈঠকত উচ্চ ৰক্তচাপ, মধ...