September 8, 2026 8:06 PM | Press Meet

printer

বজালী জিলাৰ পাঠশালাৰ মহকুমা অসামৰিক চিকিৎসালয়ত পর্যালোচনা বৈঠক

অসংক্ৰামক ৰোগৰ আগতীয়া চিনাক্তকৰণ, পৰীক্ষা-নিৰীক্ষা আৰু চিকিৎসা ব্যবস্থা উন্নত কৰাৰ লক্ষ্যৰে বজালী জিলাৰ পাঠশালাৰ ছহিদ মদন ৰাউতা মহকুমা অসামৰিক চিকিৎসালয়ত আজি জিলা পর্যায়ত পর্যালোচনা বৈঠক আৰু প্রশিক্ষণ কার্যসূচী অনুষ্ঠিত হয়। এই কার্যসূচীত নাৰ্ছ, স্বাস্থ্যকর্মী আৰু সামূহিক স্বাস্থ্য বিষয়াসকলক অসংক্রামক ৰোগ সম্পৰ্কীয় বিভিন্ন দিশত প্রশিক্ষণ প্রদান কৰা হয়। প্রশিক্ষণ কাৰ্যসূচীত ৮০ বছৰ বা তাতকৈ অধিক বয়সৰ জ্যেষ্ঠ নাগৰিকসকলৰ ঘৰে ঘৰে গৈ চিকিৎসা সেৱা প্ৰদানৰ ওপৰত গুৰুত্ব আৰোপ কৰা হয়। বৈঠকত উচ্চ ৰক্তচাপ, মধুমেহ, হৃদৰোগ, কৰ্কট ৰোগকে ধৰি বিভিন্ন অসংক্ৰামক ৰোগৰ আগতীয়াকৈ চিনাক্তকৰণ আৰু পৰীক্ষা-নিৰীক্ষা সন্দৰ্ভত বিস্তৃতভাবে আলোচনা কৰা হয়।

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।