প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ প্ৰতি থকা অপৰিসীম আগ্ৰহৰ বাবে অঞ্চলটোৰ অভূতপূর্ব উন্নয়ন হোৱা বুলি মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাই প্ৰকাশ কৰিছে। কিছুসময় পূৰ্বে গুৱাহাটীৰ বাজপেয়ী ভৱনত আয়োজিত এখন সংবাদমেলত মুখ্যমন্ত্ৰীয়ে কয়, যে প্রধানমন্ত্রীয়ে অসমক সদায় অগ্ৰাধিকাৰ দি আহিছে। তেওঁ কয়, যে বিগত ১২ বছৰত প্ৰধানমন্ত্রী মোদী ৩৬ বাৰ অসমলৈ আহিছে। পূর্বে কোনো প্রধানমন্ত্ৰী ইমানবাৰ অসমলৈ অহা নাছিল। শ্ৰী মোদীয়ে অসমৰ গামোচা বিশ্ববাসীক চিনাকি কৰি দিয়া বুলি তেওঁ মন্তব্য কৰে।
মুখ্যমন্ত্ৰীগৰাকীয়ে কয়, যে বিজেপি চৰকাৰৰ সময়ছোৱাত অসমৰ আৰ্থ সামাজিক, সাংস্কৃতিক, ৰাজনৈতিক আদি সকলো ক্ষেত্ৰত অভাৱনীয় পৰিৱৰ্তন হৈছে বুলি উল্লেখ কৰে। অসমক দেশৰ প্ৰথম ৫ খন ৰাজ্যৰ ভিতৰত অন্তৰ্ভুক্ত কৰাৰ বাবে ৰাজ্য চৰকাৰে গ্ৰহণ কৰা বিভিন্ন পদক্ষেপৰ বিষয়েও উল্লেখ কৰে। তেওঁ ৰাজ্যত ৰূপায়ণ হ’বলগীয়া উন্নয়নমূলক প্রকল্প আৰু পথ যোগাযোগৰ উন্নয়নৰ বাবে গ্ৰহণ কৰিবলগীয়া বিভিন্ন পৰিকল্পনাৰ কথাও সংবাদমেলত সদৰী কৰে। তেওঁ গুৱাহাটী-তিনিচুকীয়াৰ মাজত এক্সপ্ৰেছ ক’ৰিড’ৰ নিৰ্মাণ কৰা হ’ব বুলি প্ৰকাশ কৰে । শিলিগুড়ি শিলচৰ সংযোগী পথ নিৰ্মাণৰ কাম চলি আছে বুলি ড° শৰ্মাই জানিবলৈ দিয়ে। তেওঁ কয়, যে বাইহাটা চাৰিআলিৰ পৰা মিছন চাৰিআলিলৈ শীঘ্ৰে চাৰিটা লেনযুক্ত পথ নিৰ্মাণ কৰা হ’ব ।
ড° শৰ্মাই লগতে ৰাজ্যত দৰিদ্ৰ সীমাৰেখাৰ হাৰ পূৰ্বৰ তুলনাত ভালেখিনি হ্ৰাস পাইছে বুলিও কয়। তদুপৰি ২০০৬ চনৰ তুলনাত প্ৰসূতিৰ মৃত্যুৰ হাৰো প্ৰতি লাখত পূৰ্বৰ ৪৮০ৰ পৰা বৰ্তমান ৮৪লৈ হ্ৰাস পাইছে বুলি মুখ্যমন্ত্রী ড° শৰ্মাই উল্লেখ কৰে। বাংলাদেশৰ সীমান্ত সম্পূৰ্ণৰূপে বন্ধ কৰা সন্দৰ্ভত সাংবাদিকৰ এটা প্ৰশ্নৰ উত্তৰত মুখ্যমন্ত্রী ড° শৰ্মাই কেৱল অসমৰেই নহয় বাংলাদেশৰে সংযুক্ত দেশৰ আন ৰাজ্যৰো সীমান্ত সম্পূৰ্ণৰূপে ছীল কৰিলেহে অবৈধ প্ৰব্ৰজনৰ সমস্যাটো সমাধান হ’ব বুলি কয়।