শুৱালকুছিৰ বস্ত্ৰ শিল্পই সাম্প্ৰতিক সময়ত সন্মুখীন হোৱা সমস্যা সন্দৰ্ভত জনসাধাৰণক অৱগত কৰাৰ বাবে কালি শুৱালকুছিৰ তাঁত শিল্প উন্নয়ন সমিতিয়ে এখন সংবাদ মেলৰ আয়োজন কৰে। এই সংবাদমেলত বস্তু শিল্পৰ বাবে প্ৰয়োজনীয় সামগ্ৰীসমূহৰ মূল্য বৃদ্ধিয়ে শিপিনীসকলৰ সমস্যাৰ সৃষ্টি কৰা বিষয়টোত আলোকপাত কৰা হয়। সংবাদমেলত শুৱালকুছিত থকা সূতা ভড়ালটো পৰিচালনাৰ দায়িত্ব শুৱালকুছি তাঁত শিল্প উন্নয়ন সমিতিক অৰ্পণ কৰাৰ বাবে চৰকাৰক আহ্বান জনোৱা হয়। একেদৰে হস্ততাঁত সুৰক্ষা আইন ১৯৮৫ সংশোধনৰ বাবেও সংবাদমেলত আহ্বান জনোৱা হয়। অনলাইন ব্যৱসায়ৰ নামত কেতবোৰ অসাধু ব্যৱসায়ীয়ে গ্ৰাহকক নিম্নামানৰ কাপোৰেৰে ঠগি অহা বিষয়টোও তেওঁলোকে প্ৰশাসনৰ দৃষ্টিগোচৰ কৰে।
Assamese | May 23, 2024 1:16 PM | Press Meet
সাম্প্ৰতিক সময়ত সন্মুখীন হোৱা সমস্যা সন্দৰ্ভত শুৱালকুছিৰ তাঁত শিল্প উন্নয়ন সমিতিৰ সংবাদ মেল