July 6, 2024 5:04 PM

views 85

৪ দিনীয়া ভ্ৰমণসূচীৰে গৃহ ৰাজ্য ওড়িশালৈ ৰাষ্ট্ৰপতি মুৰ্মু

ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুৰ্মু চাৰিদিনীয়া ভ্ৰমণসূচীৰে আজি গৃহ ৰাজ্য ওড়িশালৈ যাব। ৰাষ্ট্ৰপতিগৰাকীয়ে কাইলৈ পুৰীত হ'বলগীয়া বিশ্বখ্যাত ভগৱান জগন্নাথ, বলোভদ্ৰ, দেৱী শুভদ্ৰা আৰু সুদৰ্শনৰ ৰথ যাত্ৰা চাব। ৰাষ্ট্ৰপতি ভৱনৰ সূত্ৰই প্ৰকাশ কৰা অনুসৰি শ্ৰী মতী মুর্মু আজি সন্ধিয়া ভূৱনেশ্বৰত হ'বলগীয়া উৎকলমানী পণ্ডিত গোপবন্ধু দাসৰ ৯৬ সংখ্যক মৃত্যু দিৱসৰ অনুষ্ঠানত উপস্থিত থাকিব। এই ভ্ৰমণকালত তেওঁ ভুবনেশ্বৰৰ উদয়গিৰি আৰু খণ্ডগিৰিৰ গুহাসমূহ পৰিদৰ্শন কৰিব। সোমবাৰে তেওঁ বিভূতি কাননগু কলেজ আৰু উৎকল সাংস্কৃতিক ...

June 28, 2024 8:14 PM

views 66

সংসদৰ উভয় সদনৰ যুটীয়া বৈঠকক সম্বোধন কৰি ৰাষ্ট্ৰপতি মুৰ্মুৱে দিয়া ভাষণৰ প্ৰতি ধন্যবাদসূচক প্ৰস্তাৱ সন্দৰ্ভত আলোচনা

ৰাজ্যসভাত আজি নীট পৰীক্ষাৰ বিষয় লৈ বিৰোধী পক্ষৰ সদস্যসকলে সৃষ্টি কৰা হুলস্থূলীয়া পৰিস্থিতিৰ মাজত সংসদৰ উভয় সদনৰ যুটীয়া বৈঠকক সম্বোধন কৰি ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুৰ্মুৱে দিয়া ভাষণৰ প্ৰতি ধন্যবাদসূচক প্ৰস্তাৱ সন্দৰ্ভত আলোচনা আৰম্ভ হয়। এই আলোচনাৰ বাবে মুঠ ২১ ঘণ্টা আবণ্টন কৰা হৈছে। আলোচনাৰ পাতনি মেলি বিজেপিৰ সুধাংশু ত্রিবেদীয়ে চৰকাৰে বিগত ১০ বছৰত লাভ কৰা সাফল্যৰ ওপৰত আলোকপাত কৰে। তেওঁ কয় যে, ভাৰতে ব্ৰিটেইনক চেৰ পেলাই ইতিমধ্যে বিশ্বৰ পঞ্চম সর্ববৃহৎ অর্থব্যৱস্থাৰ দেশৰূপে পৰিগণিত হৈছে। চৰকা...

June 27, 2024 8:01 PM

views 65

উত্তৰ পূৰ্বাঞ্চলত শান্তি বৰ্তাই ৰখাৰ বাবে কেন্দ্ৰীয় চৰকাৰে বিশেষ গুৰুত্ব আৰোপ কৰিছে আৰু অঞ্চলটোৰ বিভিন্ন সমস্যা বিগত ১০ বছৰত সমাধান কৰা হৈছেঃ ৰাষ্ট্ৰপতি মুর্মু

লোকসভা আৰু ৰাজ্যসভাৰ যৌথ বৈঠকত কার্যবিধি কিছুসময়ৰ বাবে অব্যাহত থকাৰ পাছত আজি দিনটোৰ বাবে স্থগিত ৰখা হয়। বৈঠকত ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুর্মুৱে ভাষণ দি কয় যে উত্তৰ পূৰ্বাঞ্চলত শান্তি বৰ্তাই ৰখাৰ বাবে কেন্দ্ৰীয় চৰকাৰে বিশেষ গুৰুত্ব আৰোপ কৰিছে আৰু অঞ্চলটোৰ বিভিন্ন সমস্যা বিগত ১০ বছৰত সমাধান কৰা হৈছে। তেওঁ কয় যে অঞ্চলটোত শান্তি-শৃংখলা অব্যাহত থকাৰ প্ৰতি লক্ষ্য ৰাখি প্ৰতিৰক্ষা বাহিনীৰ বিশেষ ক্ষমতা আইন পর্যায়ক্রমে বিভিন্ন ঠাইৰ পৰা প্ৰত্যাহাৰ কৰা হৈছে। সংসদৰ উভয় সদনৰ যুটীয়া বৈঠকত তেওঁ কয় যে...

June 27, 2024 6:59 PM

views 57

উত্তৰ পূৰ্বাঞ্চলত শান্তি বৰ্তাই ৰখাৰ বাবে কেন্দ্ৰীয় চৰকাৰে বিশেষ গুৰুত্ব আৰোপ কৰিছেঃ ৰাষ্ট্ৰপতি

ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুৰ্মুৱে কৈছে যে উত্তৰ পূৰ্বাঞ্চলত শান্তি বৰ্তাই ৰখাৰ বাবে কেন্দ্ৰীয় চৰকাৰে বিশেষ গুৰুত্ব আৰোপ কৰিছে আৰু অঞ্চলটোৰ বিভিন্ন সমস্যা বিগত ১০ বছৰত সমাধান কৰা হৈছে। ৰাষ্ট্ৰপতি শ্রীমতী মুৰ্মুৱে লগতে কয় যে অঞ্চলটোত শান্তি-শৃংখলা অব্যাহত থকাৰ প্ৰতি লক্ষ্য ৰাখি প্ৰতিৰক্ষা বাহিনীৰ বিশেষ ক্ষমতা আইন পর্যায়ক্রমে বিভিন্ন ঠাইৰ পৰা প্ৰত্যাহাৰ কৰা হৈছে। আজি সংসদ উভয় সদনৰ যুটীয়া বৈঠকত ভাষণ দি তেওঁ কয় যে, জনসাধাৰণে এইবাৰ অনুধাৱন কৰিছে যে চৰকাৰেহে তেওঁলোকৰ আশা-আকাংক্ষা পূৰণ কৰিব পাৰে...

June 20, 2024 8:33 PM

views 55

দিব্যাংগ শিশুসকলৰ সৈতে ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুৰ্মুৰ মত বিনিময়

ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুৰ্মুৱে আজি নতুন দিল্লীৰ শাৰীৰিক ভাৱে অক্ষম ব্যক্তিৰ প্ৰতিষ্ঠান দীনদয়াল উপাধ্যায় National Institute for Persons with Physical Disabilities পৰিদৰ্শন কৰে। ভ্ৰমণৰ সময়ত ৰাষ্ট্ৰপতি শ্ৰীমতী মুৰ্মুৱে দিব্যাংগ শিশুসকলৰ সৈতে মত বিনিময় কৰে আৰু শিশুসকলৰ সাংস্কৃতিক প্ৰদৰ্শন উপভোগ কৰে। ইয়াৰ উপৰি ৰাষ্ট্ৰপতি শ্ৰীমতী মুমুৰে পুনৰনিৰ্মাণ কৰা প্রস্থেছিছ আৰু অৰ্থচিছ চেণ্টাৰো পৰিদৰ্শন কৰি ৰোগীসকলৰ সৈতে মত বিনিয়ম কৰে। সভাত ভাষণ দি ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুর্মুরে কয় যে, এখন দেশ ব...

June 20, 2024 6:07 PM

views 49

জন্মদিন উপলক্ষে ৰাষ্ট্ৰপতি শ্রীমতী দ্রৌপদী মুৰ্মক উপ-ৰাষ্ট্ৰপতি, প্রধানমন্ত্রীৰ শুভেচ্ছা জ্ঞাপন

ৰাষ্ট্ৰপতি শ্রীমতী দ্রৌপদী মুৰ্মৰ জন্মদিন উপলক্ষে আজি উপ-ৰাষ্ট্ৰপতি জগদীপ ধনখড় আৰু তেওঁ পত্নী ডº সুৰেশ ধনখড়ে ৰাষ্ট্ৰপতি শ্রীমতী মুৰ্মুক সাক্ষাৎ কৰি জন্মদিনৰ শুভেচ্ছা জ্ঞাপন কৰে। সামাজিক মাধ্যমৰ এটা পোষ্টত ৰাজহুৱা জীৱনত ৰাষ্ট্ৰপতিগৰাকীৰ সমৃদ্ধ অৱদানৰ কথা স্মৰণ কৰাৰ লগতে শ্রীমতী মুৰ্মৰ সুখ আৰু সুস্বাস্থ্যৰে সমৃদ্ধ দীর্ঘ জীৱনৰ বাবে শুভেচ্ছা জ্ঞাপন কৰে। প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীয়েও ৰাষ্ট্রপতি শ্রীমতী দ্রৌপদী মুর্মুক জন্মদিনৰ শুভেচ্ছা জ্ঞাপন কৰে। সামাজিক মাধ্যমৰ এটা পোষ্টত প্রধানমন্ত্রী মোদীয়ে ৰাষ্...

June 1, 2024 8:41 PM

views 55

পশ্চিমবংগসহ দেশৰ উত্তৰ-পূব অংশত ৰীমাল ঘূর্ণি বতাহৰ ফলত প্ৰাণনাশ আৰু ক্ষয়-ক্ষতিকলৈ ৰাষ্ট্ৰপতি আৰু উপ-ৰাষ্ট্ৰপতিৰ গভীৰ শোক প্ৰকাশ

ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুৰ্মু আৰু উপ-ৰাষ্ট্ৰপতি জগদীপ ধনখড়ে পশ্চিমবংগসহ দেশৰ উত্তৰ-পূব অংশত ৰীমাল ঘূর্ণি বতাহৰ ফলত হোৱা প্ৰাণনাশ আৰু ক্ষয়-ক্ষতিকলৈ গভীৰ শোক প্ৰকাশ কৰিছে। শ্ৰীমতী মুমুৱে আজি সামাজি মাধ্যমযোগে কয় যে, ৰীমাল ধুমুহাৰ ফলত ধন-জন হানি হোৱা আৰু ভালেসংখ্যক লোকক আন ঠাইলৈ স্থানান্তৰ কৰিবলগীয়া হোৱা ঘটনাই তেওঁক ব্যাথিত কৰি তুলিছে। ৰাষ্ট্ৰপতিগৰাকীয়ে কয় যে সমগ্ৰ দেশ এই প্রাকৃতিক বিপর্যয়ৰ দ্বাৰা প্ৰভাৱিত লোকসকলৰ সৈতে আছে। তেওঁ লগতে উদ্ধাৰ আৰু সাহাৰ্য প্ৰয়াসৰ সফল্য কামনা কৰে আৰু শীঘ্ৰে...

May 9, 2024 8:15 PM

views 61

ৰাষ্ট্ৰপতি ভৱনত সন্মানীয় পদ্ম বঁটাসমূহ প্ৰদান ৰাষ্ট্ৰপতি মুৰ্মুৰ

ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুৰ্মুৱে আজি দিল্লীৰ ৰাষ্ট্ৰপতি ভৱনত সন্মানীয় পদ্ম বঁটাসমূহ প্ৰদান কৰে। দেশৰ সৰ্বোচ্চ অসামৰিক সন্মান পদ্ম বঁটাসমূহ পদ্ম বিভূষণ, পদ্ম ভূষণ আৰু পদ্মশ্ৰী এই তিনিটা শিতানত প্ৰদান কৰা হয়। কলা, সমাজসেৱা, বিজ্ঞান আৰু অভিযান্ত্ৰিক, বাণিজ্য আৰু উদ্যোগ, ঔষধ, সাহিত্য আৰু শিক্ষা, ক্ৰীড়া আৰু অসামৰিক সেৱা আদি বিভিন্ন শিতানত পদ্ম বঁটাসমূহ প্ৰদান কৰা হয়। প্ৰতি বছৰে গণৰাজ্য দিৱসৰ দিনা এই বঁটাসমূহ ঘোষণা কৰা হয়। যোৱা ২২ এপ্ৰিলত ৰাষ্ট্ৰপতি শ্ৰীমতী মুমুৱে তিনিগৰাকী ব্যক্তিক পদ্মবিভূষণ...