ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুৰ্মু চাৰিদিনীয়া ভ্ৰমণসূচীৰে আজি গৃহ ৰাজ্য ওড়িশালৈ যাব। ৰাষ্ট্ৰপতিগৰাকীয়ে কাইলৈ পুৰীত হ’বলগীয়া বিশ্বখ্যাত ভগৱান জগন্নাথ, বলোভদ্ৰ, দেৱী শুভদ্ৰা আৰু সুদৰ্শনৰ ৰথ যাত্ৰা চাব। ৰাষ্ট্ৰপতি ভৱনৰ সূত্ৰই প্ৰকাশ কৰা অনুসৰি শ্ৰী মতী মুর্মু আজি সন্ধিয়া ভূৱনেশ্বৰত হ’বলগীয়া উৎকলমানী পণ্ডিত গোপবন্ধু দাসৰ ৯৬ সংখ্যক মৃত্যু দিৱসৰ অনুষ্ঠানত উপস্থিত থাকিব। এই ভ্ৰমণকালত তেওঁ ভুবনেশ্বৰৰ উদয়গিৰি আৰু খণ্ডগিৰিৰ গুহাসমূহ পৰিদৰ্শন কৰিব। সোমবাৰে তেওঁ বিভূতি কাননগু কলেজ আৰু উৎকল সাংস্কৃতিক বিশ্ববিদ্যালয়ৰ শিক্ষাৰ্থীসকলৰ সৈতে মত বিনিময় কৰিব। মঙলবাৰে তেওঁ ৰাষ্ট্ৰীয় বিজ্ঞান শিক্ষা আৰু গৱেষণা প্ৰতিষ্ঠানৰ ত্ৰয়োদশ সমাৱৰ্তন অনুষ্ঠানত উপস্থিত থাকিব। সেই দিনাই তেওঁ দিল্লীলৈ উভতি আহিব।
Assamese | July 6, 2024 5:04 PM | Droupadi Murmu | Odisha | President Murmu
৪ দিনীয়া ভ্ৰমণসূচীৰে গৃহ ৰাজ্য ওড়িশালৈ ৰাষ্ট্ৰপতি মুৰ্মু