November 15, 2024 11:41 AM

views 52

গুৰু নানক জয়ন্তী উপলক্ষে ৰাষ্ট্ৰপতি দ্রৌপদী মুৰ্মু আৰু উপ-ৰাষ্ট্ৰপতি জগদীপ ধনখড়ৰ দেশবাসীলৈ শুভেচ্ছা

দেশত আজি ধৰ্মীয় ৰীতি-নীতি আৰু উৎসাহ উদ্দীপনাৰে গুৰু নানক জয়ন্তী বা গুৰুপৰব পালন কৰা হৈছে। গুৰু নানক জয়ন্তী উপলক্ষে ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুৰ্মু আৰু উপ-ৰাষ্ট্ৰপতি জগদীপ ধনখড়ে দেশবাসীক ওলগ জনাইছে। ৰাষ্ট্ৰপতি মুৰ্মুৱে এটা বার্তা যোগে দেশ-বিদেশত বাস কৰা সকলো ভাৰতীয়, বিশেষকৈ শিখ সম্প্ৰদায়ৰ লোকসকলক শুভেচ্ছা জ্ঞাপন কৰিছে। ৰাষ্ট্ৰপতিগৰাকীয়ে তেওঁৰ বাৰ্তাত কয়, যে গুৰু নানকে প্রেম, ভালপোৱা, ভাতৃত্ববোধ, সত্য আৰু ত্যাগৰ দৰে প্ৰমূল্যৰাজিৰ ওপৰত গুৰুত্ব আৰোপ কৰিছিল আৰু তেওঁৰ শিকনিৰাজিয়ে জনসাধাৰণক ...

November 12, 2024 8:01 AM

views 70

৩ দিনীয়া ভ্রমণসূচীৰে ৰাষ্ট্ৰপতি মুৰ্মু দাদ্ৰা আৰু নগৰ হাভেলী আৰু দমন আৰু ডিউলৈ ৰাওনা হ’ব

ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুৰ্মু আজি তিনি দিনীয়া ভ্রমণসূচীৰে কেন্দ্ৰীয় শাসিত অঞ্চল দাদ্ৰা আৰু নগৰ হাভেলী আৰু দমন আৰু ডিউলৈ ৰাওনা হ'ব। ভ্ৰমণৰ প্ৰথম দিনা আজি ৰাষ্ট্ৰপতিগৰাকীয়ে দমনৰ চৰকাৰী অভিযান্ত্রিক মহাবিদ্যালয় তথা ৰাষ্ট্ৰীয় ফেশ্বন প্রযুক্তি প্রতিষ্ঠানকে ধৰি বিভিন্ন অনুষ্ঠান পৰিদৰ্শন কৰিব। ৰাষ্ট্ৰপতিগৰাকী কাইলৈ ছিলভাছাত থকা নমো চিকিৎসা শিক্ষা আৰু গৱেষণা প্ৰতিষ্ঠানলৈ যাব। ভ্ৰমণৰ সময়ছোৱাত শ্ৰীমতী মুৰ্মুৱে বিভিন্ন শৈক্ষিক প্ৰতিষ্ঠানৰ ছাত্ৰ-ছাত্ৰী তথা শিক্ষক-শিক্ষয়িত্ৰীবৰ্গৰ সৈতে বাৰ্তালাপত ...

November 5, 2024 1:57 PM

views 88

ভাৰত ধৰ্ম্মৰ পৱিত্ৰ ভূমি আৰু প্ৰত্যেক যুগতে এই পৱিত্ৰ ভূমিত মহান গুৰু আৰু সাধকৰ জন্ম হৈছেঃ ৰাষ্ট্ৰপতি

ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুৰ্মুৱে কৈছে যে ভাৰত ধৰ্ম্মৰ পৱিত্ৰ ভূমি আৰু প্ৰত্যেক যুগতে এই পৱিত্ৰ ভূমিত মহান গুৰু আৰু সাধকৰ জন্ম হৈছে। নতুন দিল্লীত আজি প্ৰথম এছিয় বৌদ্ধ শীৰ্ষ সন্মিলত ভাষণ দি ৰাষ্ট্ৰপতিগৰাকীয়ে এইদৰে প্ৰকাশ কৰে। তেওঁ কয় যে এই পথ প্ৰদৰ্শকসকলৰ মাজত ভগৱান বুদ্ধৰ অন্যন্য স্থান আছে। তেওঁ কয় যে বুদ্ধ গয়াৰ বোধিবৃক্ষৰ তলত সিদ্ধার্থ গৌতমে জ্ঞান লাভ কৰাটো ইতিহাসৰ অভূতপূৰ্ব ঘটনাৰূপে বিবেচিত হৈ আহিছে। ৰাষ্ট্ৰপতিগৰাকীয়ে কয় যে বিশ্ব সম্প্ৰতি বিভিন্ন ক্ষেত্ৰত অস্তিত্বৰ সংকটত ভোগাৰ এই সময়...

October 26, 2024 1:25 PM

views 60

প্রখ্যাত পদার্থবিজ্ঞানী ৰোহিনী গোড়বোলেৰ মৃত্যুত প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ শোক প্ৰকাশ

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে প্রখ্যাত পদার্থবিজ্ঞানী ৰোহিনী গোড়বোলেৰ মৃত্যুত শোক প্ৰকাশ কৰিছে। শ্রীমোদীয়ে প্রয়াত বিজ্ঞানীগৰাকীক এগৰাকী অগ্ৰণী বিজ্ঞানী আৰু উদ্ভাৱক হিচাপে প্ৰশংসা কৰি কয় যে তেওঁ বিজ্ঞানৰ জগতত মহিলাৰ অংশগ্ৰহণৰ সমৰ্থক আছিল। প্রয়াত বিজ্ঞানীগৰাকীৰ শৈক্ষিক প্ৰচেষ্টাই পৰৱৰ্তী প্ৰজন্মসমূহক পথ প্ৰদৰ্শন কৰি যাব বুলি তেওঁ উল্লেখ কৰে।

October 10, 2024 7:20 PM

views 65

ৰাষ্ট্ৰপতি মুৰ্মু, উপ-ৰাষ্ট্ৰপতি জগদীপ ধনখড় আৰু প্ৰধানমন্ত্ৰী মোদীৰ ৰতন টাটাৰ বিয়োগত গভীৰ শোকপ্ৰকাশ

প্রসিদ্ধ উদ্যোগপতি তথা লোকহিতৈষী ৰতন টাটাৰ শেষকৃত্য ক্ষন্তেক পাছতে মুম্বাইৰ ৱলিত সম্পন্ন কৰা হ'ব। গৃহমন্ত্ৰী অমিত শ্বাহে কেন্দ্ৰীয় চৰকাৰৰ হৈ ৰতন টাটাৰ অন্ত্যেষ্টিক্ৰিয়াত অংশগ্ৰহণ কৰিব। ইতিমধ্যে কেন্দ্রীয় গৃহমন্ত্রী শ্রী শ্বাহ মুম্বাইত উপস্থিত হৈছে। উল্লেখযোগ্য যে ৰতন টাটাক শেষ শ্রদ্ধা জনোৱাৰ বাবে মুম্বাইৰ পৰিৱেশ্য কলাৰ ৰাষ্ট্ৰীয় কেন্দ্ৰত সহস্ৰাধিক গুণমুগ্ধই ভিৰ কৰে। মুম্বাইৰ এখন ব্যক্তিগত হাস্পতালত কালি ৮৬ বছৰ বয়সত মৃত্যু হোৱা ৰতন টাটাক শেষ শ্ৰদ্ধা জনাবলৈ বিভিন্ন ক্ষেত্ৰৰ বিশিষ্ট ব্যক্তিসকল...

September 3, 2024 5:53 PM

views 60

শৈক্ষিক প্রতিষ্ঠানসমূহে ছাত্ৰীসকলৰ বাবে এটা নিৰাপদ পৰিৱেশ সৃষ্টি কৰা উচিতঃ ৰাষ্ট্ৰপতি মুৰ্মু

ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুৰ্মুৱে কৈছে যে শৈক্ষিক প্রতিষ্ঠানসমূহে ছাত্ৰীসকলৰ বাবে এটা নিৰাপদ পৰিৱেশ সৃষ্টি কৰা উচিত, কিয়নো দেশৰ বিকাশৰ ক্ষেত্ৰত তেওঁলোকো গুৰুত্বপূৰ্ণ অংশ। আজি পুনেত ছিম্বায় 'ছিছ বিশ্ববিদ্যালয়ৰ ২১ সংখ্যক সমাৱৰ্তন অনুষ্ঠানত ভাগ লৈ শ্ৰীমতী মুৰ্মুৱে এইদৰে কয়। তেওঁ লিংগ ক্ষমতাৰ ওপৰত গুৰুত্ব আৰোপ কৰি বিশ্ববিদ্যালয়খনে সর্বাংগীন উন্নয়নৰ দিশত কৰা প্ৰচেষ্টাৰ শলাগ লয় আৰু ১১ গৰাকী সোণৰ পদক প্রাপ্ত শিক্ষাৰ্থীৰ ভিতৰত ৮ গৰাকীয়ে ছোৱালী বুলি উল্লেখ কৰে। তেওঁ শৈক্ষিক প্ৰতিষ্ঠানসমূহে মূল্...

August 8, 2024 12:59 PM

views 48

ৰাষ্ট্ৰপতি মুৰ্মুৱে শিক্ষাক সামাজিক পৰিৱৰ্তন আৰু ৰাষ্ট্ৰ গঠনৰ মাধ্যম বুলি অভিহিত কৰিছে

ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুৰ্মুৱে শিক্ষাক সামাজিক পৰিৱৰ্তন আৰু ৰাষ্ট্ৰ গঠনৰ মাধ্যম বুলি অভিহিত কৰিছে। নিউজিলেণ্ডৰ ৱেলিংটনৰ টাকিনা বেলিংটন অভিৱৰ্তন কেন্দ্ৰত আয়োজিত নিউজিলেণ্ড আন্তঃৰাষ্ট্ৰীয় শিক্ষা সন্মিলনত ভাষণ দি ৰাষ্ট্ৰপতিয়ে আজি এইদৰে প্ৰকাশ কৰে। তেওঁ কয় যে ভাৰত চৰকাৰে দেশত শিক্ষাৰ মান উন্নত কৰাৰ উদ্দেশ্যে ভালেমান পদক্ষেপ লৈছে। ৰাষ্ট্ৰপতিগৰাকীয়ে আজি পুৱা দুদিনীয়া নিউজিলেণ্ড ভ্রমণসূচীৰে দেশখনৰ ৰাজধানী ৱেলিংটনত উপস্থিত হয়। তাত তেওঁ দেশখনৰ গৱৰ্ণৰ জেনেৰেল ডেম চিন্দি কিবোৰ উপস্থিতিত ৰয়েল গ...

July 25, 2024 8:25 PM

views 65

ৰাষ্ট্ৰপতিত্বৰ দুবছৰ সম্পূৰ্ণ হোৱাৰ পৰিপ্ৰেক্ষিতত নৱম শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীক পাঠদান ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুৰ্মুৰ

ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুৰ্মুৱে আজি তেওঁ ৰাষ্ট্ৰপতিত্বৰ দুবছৰ সম্পূৰ্ণ হোৱাৰ পৰিপ্ৰেক্ষিতত নতুন দিল্লীৰ ৰাষ্ট্ৰপতি ভৱনৰ চৌহদতস্থিত ডº ৰাজেন্দ্ৰ প্ৰসাদ কেন্দ্ৰীয় বিদ্যালয়ৰ নৱম শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীসকলক পাঠদান কৰে ৷ ছাত্ৰ-ছাত্ৰীসকলৰ সৈতে হোৱা মত বিনিময়ৰ সময়ত তেওঁ বৰ্তমানৰ আধুনিক বিশ্বত উদ্ভৱ হোৱা বিভিন্ন সমস্যাৰ বিষয়ে আলোচনা কৰি এই সমস্যাসমূহৰ সকলো লোককে অৱগত কৰিবলৈ ছাত্ৰ-ছাত্ৰীসকলক আহ্বান জনায়।

July 10, 2024 2:42 PM

views 50

উত্তৰ প্ৰদেশৰ লক্ষ্ণৌ-আগ্রা এক্সপ্ৰেছৱেত কেইবাজনো লোকৰ প্রাণহানি হোৱা পথ দুৰ্ঘটনাক লৈ ৰাষ্ট্ৰপতি মুৰ্মুৰ গভীৰ শোক প্ৰকাশ

ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুৰ্মুৱে উত্তৰ প্ৰদেশৰ উন্নাও জিলাৰ লক্ষ্ণৌ-আগ্রা এক্সপ্ৰেছৱেত আজি পুৱা কেইবাজনো লোকৰ প্রাণহানি হোৱা পথ দুৰ্ঘটনাটোক লৈ গভীৰ শোক প্ৰকাশ কৰিছে। এই দুৰ্ঘটনাত ১৮ জন লোকৰ মৃত্যু হোৱাৰ লগতে ১৯ জন লোক গুৰুতৰভাৱে আহত হৈছে। সামাজিক মাধ্যমযোগে দিয়া এটা বাৰ্তাত ৰাষ্ট্ৰপতিগৰাকীয়ে এই দুৰ্ঘটনাটোৰ বাবে অতিশয় শোক পোৱা বুলি প্ৰকাশ কৰাৰ লগতে ভুক্তভোগী পৰিয়ালসমূহৰ সদস্যসকললৈ গভীৰ সমবেদনা ব্যক্ত কৰে। তদুপৰি তেওঁ দুৰ্ঘটনাটোত আহত লোকসকলৰ আশু আৰোগ্য কামনা কৰে। একেদৰে প্ৰধানমন্ত্ৰী নৰেন্দ...

July 6, 2024 8:10 PM

views 75

আজি ৪ দিনীয়া ভ্ৰমণসূচীৰে ভূৱনেশ্বৰত উপস্থিত ৰাষ্ট্ৰপতি মুৰ্মু

চাৰিদিনীয়া ভ্ৰমণসূচীৰে ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুৰ্মু আজি গৃহ ৰাজ্য ওড়িশাৰ ভূৱনেশ্বৰত উপস্থিত হয়। বিজু পাটনায়ক আন্তঃৰাষ্ট্ৰীয় বিমান বন্দৰত শ্ৰীমতী মুৰ্মুক ওড়িশাৰ ৰাজ্যপাল ৰঘূবৰ দাস, মুখ্যমন্ত্ৰী মোহন চৰণ মাঝি আৰু অন্যান্য বিশিষ্ট ব্যক্তিসকলে আদৰণি জনায়৷ ৰাষ্ট্ৰপতিগৰাকীয়ে কাইলৈ পুৰীত হ’বলগীয়া বিশ্বখ্যাত ভগৱান জগন্নাথ, বলোভদ্ৰ, দেৱী শুভদ্ৰা আৰু সুদৰ্শনৰ ৰথ যাত্ৰা চাব। শ্রী মতী মুৰ্মু আজি সন্ধিয়া ভূৱনেশ্বৰত হ’বলগীয়া উৎকলমানী পণ্ডিত গোপবন্ধু দাসৰ ৯৬ সংখ্যক মৃত্যু দিৱসৰ অনুষ্ঠানত উপস্থি...