ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুৰ্মু আজি তিনি দিনীয়া ভ্রমণসূচীৰে কেন্দ্ৰীয় শাসিত অঞ্চল দাদ্ৰা আৰু নগৰ হাভেলী আৰু দমন আৰু ডিউলৈ ৰাওনা হ’ব। ভ্ৰমণৰ প্ৰথম দিনা আজি ৰাষ্ট্ৰপতিগৰাকীয়ে দমনৰ চৰকাৰী অভিযান্ত্রিক মহাবিদ্যালয় তথা ৰাষ্ট্ৰীয় ফেশ্বন প্রযুক্তি প্রতিষ্ঠানকে ধৰি বিভিন্ন অনুষ্ঠান পৰিদৰ্শন কৰিব। ৰাষ্ট্ৰপতিগৰাকী কাইলৈ ছিলভাছাত থকা নমো চিকিৎসা শিক্ষা আৰু গৱেষণা প্ৰতিষ্ঠানলৈ যাব।
ভ্ৰমণৰ সময়ছোৱাত শ্ৰীমতী মুৰ্মুৱে বিভিন্ন শৈক্ষিক প্ৰতিষ্ঠানৰ ছাত্ৰ-ছাত্ৰী তথা শিক্ষক-শিক্ষয়িত্ৰীবৰ্গৰ সৈতে বাৰ্তালাপত মিলিত হ’ব। তেওঁ জান্দা চ’ক বিদ্যালয় মুকলি কৰাৰ লগতে ছিলভাছাত এখন জনসভাতো অংশগ্রহণ কৰিব। ৰাষ্ট্ৰপতিগৰাকীয়ে ডিউত থকা আই এন এছ খুক্ৰী স্মাৰকো পৰিদৰ্শন কৰিব।
Assamese | November 12, 2024 8:01 AM | Droupadi Murmu | President Murmu
৩ দিনীয়া ভ্রমণসূচীৰে ৰাষ্ট্ৰপতি মুৰ্মু দাদ্ৰা আৰু নগৰ হাভেলী আৰু দমন আৰু ডিউলৈ ৰাওনা হ’ব