ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুৰ্মুৱে শিক্ষাক সামাজিক পৰিৱৰ্তন আৰু ৰাষ্ট্ৰ গঠনৰ মাধ্যম বুলি অভিহিত কৰিছে। নিউজিলেণ্ডৰ ৱেলিংটনৰ টাকিনা বেলিংটন অভিৱৰ্তন কেন্দ্ৰত আয়োজিত নিউজিলেণ্ড আন্তঃৰাষ্ট্ৰীয় শিক্ষা সন্মিলনত ভাষণ দি ৰাষ্ট্ৰপতিয়ে আজি এইদৰে প্ৰকাশ কৰে। তেওঁ কয় যে ভাৰত চৰকাৰে দেশত শিক্ষাৰ মান উন্নত কৰাৰ উদ্দেশ্যে ভালেমান পদক্ষেপ লৈছে। ৰাষ্ট্ৰপতিগৰাকীয়ে আজি পুৱা দুদিনীয়া নিউজিলেণ্ড ভ্রমণসূচীৰে দেশখনৰ ৰাজধানী ৱেলিংটনত উপস্থিত হয়। তাত তেওঁ দেশখনৰ গৱৰ্ণৰ জেনেৰেল ডেম চিন্দি কিবোৰ উপস্থিতিত ৰয়েল গার্ড অব অনাৰেৰে অভ্যর্থনা জনোৱা হয়।
Assamese | August 8, 2024 12:59 PM | Droupadi Murmu | President Murmu
ৰাষ্ট্ৰপতি মুৰ্মুৱে শিক্ষাক সামাজিক পৰিৱৰ্তন আৰু ৰাষ্ট্ৰ গঠনৰ মাধ্যম বুলি অভিহিত কৰিছে