December 19, 2024 5:20 PM

views 60

দুদিনীয়া ভ্রমণসূচীৰে প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদী শনিবাৰে কুৱেইটত উপস্থিত হ’ব

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদী পৰহিলৈ দুদিনীয়া ভ্রমণসূচীৰে কুৱেইটত উপস্থিত হ'ব। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী হ'ব যোৱা ৪৩ বছৰত কুৱেইট ভ্ৰমণ কৰা প্ৰথমগৰাকী ভাৰতীয় প্ৰধানমন্ত্রী। বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ সূত্ৰই প্ৰকাশ কৰা মতে, এই ভ্ৰমণকালত প্রধানমন্ত্ৰীয়ে কুৱেইটৰ নেতাসকলৰ সৈতে দ্বিপাক্ষিক আলোচনাত মিলিত হোৱাৰ লগতে দেশখনত বাস কৰা ভাৰতীয় সম্প্ৰদায়ৰ লোকসকলৰ সৈতেও মত বিনিময় কৰিব। শ্রীমোদীৰ এই ভ্রমণে দুয়োদেশৰ মাজৰ বন্ধুত্বপূৰ্ণ সম্পর্ক অধিক সূদৃঢ় কৰাৰ লগতে দেশ দুখনৰ জনসাধাৰণৰ মাজৰ মৈত্রীপূর্ণ সম্...

December 14, 2024 3:03 PM

views 44

মুখ্য সচিবসকলৰ চতুৰ্থ ৰাষ্ট্ৰীয় সমাৰোহত প্রধানমন্ত্ৰী মোদীৰ অধ্যক্ষতা

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে নতুন দিল্লীত অনুষ্ঠিত মুখ্য সচিবসকলৰ চতুৰ্থ ৰাষ্ট্ৰীয় সমাৰোহত অধ্যক্ষতা কৰিছে। এই তিনিদিনীয়া সমাৰোহ কালিৰে পৰা অনুষ্ঠিত হৈছে। সমাৰোহখনত ৰাজ্যসমূহৰ সহযোগিতাত বিভিন্ন উন্নয়নমূলক কাম-কাজৰ ৰূপায়ণ সন্দৰ্ভত পৰ্যালোচনা কৰা হ'ব। কেন্দ্ৰীয় চৰকাৰৰ সৈতে ৰাজ্য চৰকাৰসমূহৰ অংশীদাৰীত্ব শক্তিশালী কৰি তোলাৰ লক্ষ্য লোৱাৰ লগতে সমাৰোহখনত সহযোগিতামূলক ফেডাৰেল ব্যৱস্থাত আলোকপাত কৰা হ'ব। তদুপৰি দ্ৰুত বিকাশ আৰু উন্নয়নৰ লক্ষ্যত উপনীত হোৱাৰ বাবে কেন্দ্ৰ-ৰাজ্যৰ অধিক সমন্বয়ত গুৰুত্ব দি...

December 13, 2024 8:28 PM

views 54

দেশত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত বিগত ১০ বছৰত আন্তঃগাঁথনি খণ্ডত অভূতপূর্ব বিকাশ হৈছেঃ বিত্ত ৰাজ্য মন্ত্ৰী পংকজ চৌধুৰী

দেশত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত বিগত ১০ বছৰত আন্তঃগাঁথনি খণ্ডত অভূতপূর্ব বিকাশ হৈছে বুলি বিত্ত ৰাজ্য মন্ত্ৰী পংকজ চৌধুৰীয়ে প্ৰকাশ কৰিছে। নতুন দিল্লীত আজি সাংবাদিকৰ সৈতে হোৱা কথা-বতৰাত মন্ত্ৰীগৰাকীয়ে কয়, যে ২০১৪ চনত ৰাষ্ট্ৰীয় ঘাইপথ নেটৱৰ্কৰ দৈৰ্ঘ্য ৯১ হাজাৰ ২৮৭ কিলোমিটাৰ আছিল আৰু যোৱা নবেম্বৰ পৰ্য্যন্ত এই নেটৱৰ্ক প্ৰায় ডেৰ গুণ বৃদ্ধি পাই ১ লাখ ৪৬ হাজাৰ ১৯৫ কিলোমিটাৰ হৈছে।