April 4, 2025 8:30 PM

views 58

ভাৰতত দুর্যোগ ব্যৱস্থাপনাৰ বিমষ্টেক উৎকর্ষতা কেন্দ্ৰ স্থাপন কৰা হ’বঃ প্রধানমন্ত্ৰী মোদী

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আন্তর্জাতিক কল্যাণ ত্বৰান্বিত কৰাৰ হকে বিমষ্টেক এখন উল্লেখযোগ্য মঞ্চ বুলি মত প্রকাশ কৰে। তেওঁ লগতে কয়, যে বিমষ্টেক অধিক শক্তিশালী হোৱাটো প্ৰয়োজন। বেংককত অনুষ্ঠিত ষষ্ঠ বিমষ্টেক শীৰ্ষ সন্মিলনত প্রধানমন্ত্ৰীগৰাকীয়ে সহযোগিতাৰ বিভিন্ন দিশ সামৰি ২১ দফীয়া কাৰ্য পৰিকল্পনাৰ প্ৰস্তাৱ আগবঢ়ায়। বিমষ্টেকৰ ৰাষ্ট্ৰসমূহৰ মাজত ব্যৱসায় ত্বৰান্বিত হোৱা উচিত বুলি মন্তব্য কৰি শ্ৰী মোদীয়ে বিমষ্টেক চেম্বাৰ অব্ কমাৰ্চ স্থাপন কৰাৰ বিষয়ে ঘোষণা কৰে তথা প্ৰতিবছৰে বিমষ্টেক বাণিজ্য শীৰ্...

April 4, 2025 5:12 PM

views 43

আন্তর্জাতিক কল্যাণ ত্বৰান্বিত কৰাৰ হকে বিমষ্টেক এখন উল্লেখযোগ্য মঞ্চঃ প্রধানমন্ত্ৰী

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আন্তর্জাতিক কল্যাণ ত্বৰান্বিত কৰাৰ হকে বিমষ্টেক এখন উল্লেখযোগ্য মঞ্চ বুলি মত প্ৰকাশ কৰি কয়, যে বিমষ্টেক অধিক শক্তিশালী হোৱাটো প্রয়োজন। বেংককত অনুষ্ঠিত ষষ্ঠ বিমষ্টেক শীর্ষ সন্মিলনত প্রধানমন্ত্ৰীগৰাকীয়ে সহযোগিতাৰ বিভিন্ন দিশ সামৰি ২১ দফীয়া কাৰ্য পৰিকল্পনাৰ প্ৰস্তাৱ আগবঢ়ায়। বিমষ্টেকৰ ৰাষ্ট্ৰসমূহৰ মাজত ব্যৱসায় ত্বৰান্বিত হোৱা উচিত বুলি মন্তব্য কৰি শ্ৰী মোদীয়ে বিমস্টেক চেম্বাৰ অব্ কমাৰ্চ স্থাপন কৰাৰ বিষয়ে ঘোষণা কৰে তথা প্ৰতিবছৰে বিমষ্টেক বাণিজ্য শীৰ্ষ সন্মিলনৰ ...

March 30, 2025 8:21 PM

views 43

ছট্টিশগড়ত ৩৩,৭০০ কোটিতকৈও অধিক ধনৰ ব্যয়সাপেক্ষে কেইবাটাও প্ৰকল্পৰ আধাৰশিলা প্ৰধানমন্ত্ৰী মোদীৰ

■ প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ছট্টিশগড়ৰ বিলাসপুৰ জিলাৰ মোহভট্টাত গৃহ নিৰ্মাণ, শিক্ষা, তেল আৰু গেছ, ৰে'ল, পথ তথা বিদ্যুৎ শক্তি সম্পৰ্কীয় ৩৩,৭০০ কোটিতকৈও অধিক ধনৰ ব্যয়সাপেক্ষে নির্মাণ হ'বলগীয়া কেইবাটাও প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰাৰ লগতে কিছুসংখ্যক উন্নয়নমূলক প্রকল্প মুকলি কৰে। এই উপলক্ষে আয়োজিত জনসভাত ভাষণ দি প্রধানমন্ত্ৰীগৰাকীয়ে কয়, যে ছট্টিশগড়ৰ নক্সালবাদী অধ্যুষিত অঞ্চলসমূহত শান্তিৰ নতুন দিগন্ত পৰিলক্ষিত হৈছে। তেওঁ কয়, যে ৰাজ্যখনৰ দূৰৱৰ্তী জনজাতীয় অঞ্চলসমূহত স্বাস্থ্যৰ সুবিধা, ...

March 30, 2025 5:52 PM

views 57

নাগপুৰত উপস্থিত প্রধানমন্ত্ৰী মোদীঃ ভিন্ন কাৰ্যসূচীত অংশগ্ৰহণ

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আজি মহাৰাষ্ট্ৰৰ নাগপুৰত উপস্থিত হৈছে। তাত তেওঁ স্মৃতি মন্দিৰ দৰ্শন কৰাৰ লগতে ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ প্ৰতিষ্ঠাপক ড° কেশৱ হেডগেৱাৰ আৰু মাধৱৰাও গলৱাকাৰৰ প্ৰতি শ্ৰদ্ধাঞ্জলি নিবেদন কৰে। এই কাৰ্যসূচীত ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ মুৰব্বী মোহন ভগত, কেন্দ্রীয় মন্ত্রী নীতিন গাডকাৰী, মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্রী দেবেন্দ্র ফাড়নবীছো উপস্থিত থাকে। ১৯২৫ চনত নাগপুৰত ড০ কেশৱ হেডগেৱাৰে প্ৰতিষ্ঠা কৰা প্ৰতিষ্ঠা কৰা ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘই এইবাৰ শতবার্ষিকী উদযাপন কৰিছে। ইয়াৰ পাছতে প্...

March 30, 2025 1:15 PM

views 56

ছাত্ৰ-ছাত্ৰীসকলে শিকিবৰ বাবে বৰ্তমান বহু নতুন নতুন উপায় ওলাইছেঃ প্রধানমন্ত্ৰী

● প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আকাশবাণীৰ মন কী বাত অনুষ্ঠানৰ যোগেদি আজি কেইদিনমানৰ পাছতেই ভাৰতৰ কেইবাখনো ৰাজ্যত আৰম্ভ হ'বলগীয়া নৱবৰ্ষৰ বাবে শুভেচ্ছা জ্ঞাপন কৰে। দেশ-বিদেশৰ শ্ৰোতাৰ আগত মনৰ ভাৱ ব্যক্ত কৰি শ্ৰীমোদীয়ে কয় যে দেশৰ বিভিন্ন ৰাজ্যত বিশেষকৈ কৰ্ণাটক, অন্ধ্ৰপ্ৰদেশ আৰু তেলেংগানাত উগাড়ী উৎসৱ পালন কৰা হৈছে। আজি মহাৰাষ্ট্ৰত পালন কৰা গুড়ী পৰোৱা উৎসৱৰ কথা উল্লেখ কৰি তেওঁ কয়, যে বৈচিত্ৰতাৰে ভৰা আমাৰ দেশত কেইদিনমানৰ পাছতে অসমত ৰঙালী বিহু, পশ্চিমবংগত পহিলা বৈশাখ আৰু কাশ্মীৰত নৱৰেহ উৎসৱ পালন ...

February 19, 2025 2:28 PM

views 54

যোগীঘোপাত আভ্যন্তৰীণ জল পৰিবহণ টার্মিনেলৰ প্ৰশংসা প্রধানমন্ত্ৰী মোদীৰ

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে বঙাইগাঁও জিলাৰ যোগীঘোপাত কালি উদ্বোধন কৰা আভ্যন্তৰীণ জল পৰিবহণ টার্মিনেলৰ প্ৰশংসা কৰিছে। সামাজিক মাধ্যমযোগে শ্রীমোদীয়ে এই প্রকল্পক ঐতিহাসিক বুলি অভিহিত কৰি আগলৈ ই আন্তঃগাঁথনি উন্নয়ন তথা আভ্যন্তৰীণ জল পৰিবহণ ব্যৱস্থাৰ বিকাশ আৰু অগ্ৰগতিত যথেষ্ট অৰিহণা যোগাব আশা প্ৰকাশ কৰে। আমাৰ পূৰ্বৰ বাতৰিতে কোৱা হৈছে যে কেন্দ্ৰীয় বন্দৰ, জাহাজ চলাচল আৰু জলপথ দপ্তৰৰ মন্ত্ৰী সৰ্বানন্দ সোণোৱালে কালি যোগীঘোপাত ভূটানৰ উদ্যোগ, বাণিজ্য আৰু নিয়োগ মন্ত্ৰী নামগিয়াল দৰ্জী, ৰাজ্য চৰকাৰৰ কে...

January 31, 2025 3:28 PM

views 58

আমেৰিকান সেনা বাহিনীৰ ব্লেক-হক হেলিকপ্টাৰ আৰু যাত্রীবাহী বিমানৰ মাজত সংঘটিত দুৰ্ঘটনাত ৬৭জন লোকৰ মৃত্যুত প্রধানমন্ত্ৰী মোদীৰ শোক প্ৰকাশ

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৱাশ্বিংটনৰ মাজ আকাশত আমেৰিকান সেনা বাহিনীৰ ব্লেক-হক হেলিকপ্টাৰ আৰু এখন যাত্রীবাহী বিমানৰ মাজত সংঘটিত হোৱা দুৰ্ঘটনাত কমেও ৬৭জন লোকৰ মৃত্যুৰ হোৱাৰ ঘটনাত গভীৰ শোক প্রকাশ কৰিছে। এটা শোকবার্তাত প্ৰধানমন্ত্ৰীয়ে নিহতসকলৰ আত্মীয়লৈ গভীৰ সমবেদনা জ্ঞাপন কৰে। উল্লেখযোগ্য যে আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰোণাল্ড ৰেমন বিমান বন্দৰৰ সমীপত কালি সংঘটিত এই দুর্ঘটনাটোত সেনা বাহিনীৰ হেলিকপ্তাৰত ৩ জনকৈ সেনা জোৱানৰ লগতে যাত্রীবাহী বিমানখনৰ ৬৪ গৰাকী যাত্ৰীৰ মৃত্যু হোৱা বুল...

January 2, 2025 4:29 PM

views 39

কাইলৈ প্ৰধানমন্ত্ৰী মোদীয়ে দিল্লীত কেইবাটাও উন্নয়নমূলক প্রকল্প উদ্বোধন আৰু আধাৰশিলা স্থাপন কৰিব

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কাইলৈ নতুন দিল্লীত কেইবাটাও উন্নয়নমূলক প্রকল্প উদ্বোধন আৰু আধাৰশিলা স্থাপন কৰিব। শ্ৰী মোদীয়ে অশোক বিহাৰত প্ৰায় এহেজাৰ ৭০০টা নৱনিৰ্মিত ফ্লেট উদ্বোধন কৰি হিতাধিকাৰীসকলক ফ্লেটৰ চাবি প্ৰদান কৰিব। বস্তি অঞ্চলৰ লোকৰ পুনৰ সংস্থাপন প্ৰকল্পৰ অধীনত দিল্লী উন্নয়ন প্ৰাধিকৰণৰ দ্বাৰা এই ফ্লেটসমূহ নিৰ্মাণ কৰা হৈছে। ইয়াৰ জৰিয়তে বস্তি অঞ্চলত বসবাস কৰা লোকসকলক উপযুক্ত সা-সুবিধা থকা এটা উন্নত আৰু স্বাস্থ্যকৰ পৰিৱেশ প্ৰদান কৰাৰ লক্ষ্য নিৰ্ধাৰণ কৰা হৈছে। প্ৰধানমন্ত্ৰীয়ে লগতে নৌৰ...

January 2, 2025 4:02 PM

views 41

মহাৰাষ্ট্ৰ চৰকাৰে মাওবাদৰ কৱলত পৰা অঞ্চলসমূহত সৰ্বাংগীন উন্নয়ন নিশ্চিত কৰাৰ বাবে গ্ৰহণ কৰা পদক্ষেপক প্ৰধানমন্ত্ৰী মোদীৰ প্ৰশংসা

মহাৰাষ্ট্ৰ চৰকাৰে দূৰণিবতীয়া আৰু মাওবাদৰ কৱলত পৰা অঞ্চলসমূহত সৰ্বাংগীন উন্নয়ন নিশ্চিত কৰাৰ বাবে গ্ৰহণ কৰা পদক্ষেপক প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে প্ৰশংসা কৰিছে। সামাজিক মাধ্যমযোগে এইবিষয়ে প্রকাশ কৰি শ্ৰী মোদীয়ে কয়, যে এনে পদক্ষেপসমূহে জীৱন ধাৰণৰ সূচলতা বৃদ্ধি কৰাৰ লগতে অধিক উন্নয়নৰ পথ মুকলি কৰিছে। প্ৰধানমন্ত্ৰীগৰাকীয়ে বিশেষকৈ ৰাজ্যখনৰ গড়চিৰৌলি আৰু ইয়াৰ সমীপৰ অঞ্চলসমূহৰ জনসাধাৰণক অভিনন্দন জ্ঞাপন কৰে। উল্লেখযোগ্য যে কালি গড়চিৰৌলিত ৰাজ্যখনৰ মুখ্যমন্ত্ৰী দেৱেন্দ্ৰ ফাৰ্ণাৱিজৰ সন্মুখত ১১ জন ...

December 24, 2024 10:28 AM

views 53

ৰোজগাৰ মেলা উপলক্ষে ৭১ হাজাৰতকৈও অধিক নিযুক্তি পত্ৰ বিতৰণ প্রধানমন্ত্ৰী মোদীৰ

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কালি ভিডিঅ' কনফাৰেন্সিং ব্যৱস্থাৰে ৰোজগাৰ মেলা উপলক্ষে ৭১ হাজাৰতকৈও অধিক নিযুক্তি পত্ৰ বিতৰণ কৰে। প্রধানমন্ত্ৰীগৰাকীয়ে বিগত ডেৰ বছৰত দেশত প্ৰায় ১০ লাখ লোকক চৰকাৰী সংস্থাপন দিয়া হৈছে বুলি সদৰী কৰে। তেওঁ কয়, যে এই নিযুক্তিসমূহ সম্পূর্ণ স্বচ্ছভাৱে প্ৰদান কৰা হৈছে আৰু নিযুক্তিপ্রাপ্তসকলে সম্পূর্ণ একাগ্ৰতাৰে দেশৰ সেৱাত ব্ৰতী হৈ আছে। দেশৰ মুঠ ৪৫টা স্থানত নিযুক্তি পত্র বিতৰণৰ বাবে ৰোজগাৰ মেলাৰ আয়োজন কৰা হয়। বিভিন্ন চৰকাৰী বিভাগ আৰু মন্ত্ৰালয়ৰ খালী পদ পূৰণৰ দিশত পদক...