July 24, 2025 8:59 PM

views 77

সম্প্ৰসাদৰণ, যান্ত্ৰিকীকিকৰণ, ডিজিটেলাইজেছন আৰু ব্যৱসায়িক সুচলতাৰ ফলত গোলকীয় বাণিজ্যৰ কেন্দ্ৰ হিচাপে দেশৰ বন্দৰসমূহৰ উত্থান ঘটিছেঃ প্ৰধানমন্ত্ৰী মোদী

সম্প্ৰসাদৰণ, যান্ত্ৰিকীকিকৰণ, ডিজিটেলাইজেছন আৰু ব্যৱসায়িক সুচলতাৰ ফলত গোলকীয় বাণিজ্যৰ কেন্দ্ৰ হিচাপে দেশৰ বন্দৰসমূহৰ উত্থান ঘটিছে বুলি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে প্ৰকাশ কৰিছে। বন্দৰ, জাহাজ পৰিবহন আৰু জলপথ মন্ত্ৰী সৰ্বানন্দ সোণোৱালে এখন দৈনিক বাতৰি কাকতৰ বাবে লিখা এটা প্ৰবন্ধ শ্বেয়াৰ কৰি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এইদৰে মন্তব্য কৰে। প্ৰবন্ধটোত শ্ৰী সোণোৱালে বিশ্বৰ আগশাৰীৰ জাহাজ নির্মাণ কোম্পানীসমূহে কিদৰে ভাৰতীয় কোম্পানীসমূহৰ সৈতে অংশীদাৰিত্বৰে আগবাঢ়িছে আৰু কৰ্মসংস্থাপনৰ পথ প্ৰশস্ত ক...

July 18, 2025 3:24 PM

views 64

বিহাৰৰ পূব চম্পাৰণ জিলাৰ মতিহাৰীত উন্নয়নমূলক প্ৰকল্পৰ উদ্বোধন আৰু আধাৰশিলা প্রধানমন্ত্ৰী মোদীৰ

● প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আজি বিহাৰৰ পূব চম্পাৰণ জিলাৰ মতিহাৰীত ৭ হাজাৰ ২০০ কোটিৰো অধিক টকা ব্যয়সাপেক্ষ ভালেমান উন্নয়নমূলক প্ৰকল্পৰ উদ্বোধন আৰু আধাৰশিলা স্থাপন কৰে। এই প্রকল্পসমূহৰ ভিতৰত ৰে’ল, পথ, গ্ৰামোন্নয়ন, মীন, বৈদ্যুতিন আৰু তথ্য প্ৰযুক্তি খণ্ডৰ প্ৰকল্প আছে। প্রধানমন্ত্রীয়ে লগতে ভিডিঅ' কনফাৰেন্সিং ব্যৱস্থাৰে ৰাজেন্দ্ৰ নগৰ, দভাংগা, ভগলপুৰ আৰু মতিহাৰী ৰে'ল ষ্টেচনৰ পৰা চাৰিখনকৈ নতুন অমৃত ভাৰত ৰে'লৰ যাত্ৰাৰ শুভাৰম্ভ কৰে। এই ৰে'লকেইখনে ৰাজ্যখনৰ গুৰুত্বপূৰ্ণ চহৰ কেইখনক দেশৰ আন অংশৰ সৈতে সং...

July 14, 2025 3:12 PM

views 47

নাইজেৰিয়াৰ প্ৰাক্তন ৰাষ্ট্ৰপতি মহম্মদো বুহাৰিৰ মৃত্যুত প্ৰধানমন্ত্ৰী মোদীৰ গভীৰ শোক প্ৰকাশ

■ প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে নাইজেৰিয়াৰ প্ৰাক্তন ৰাষ্ট্ৰপতি মহম্মদো বুহাৰিৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰিছে। প্রধানমন্ত্রীয়ে এটা শোকবার্তাত প্ৰয়াত ৰাষ্ট্ৰপতিগৰাকীৰ বুদ্ধিমত্তা আৰু ভাৰত-নাইজেৰিয়া মিত্ৰতাৰ প্ৰতি থকা প্ৰতিশ্রুতিবদ্ধতা অদ্বিতীয় আছিল বুলি উল্লেখ কৰে। শ্ৰী মোদীয়ে বিভিন্ন অনুষ্ঠানত মহম্মদো বুহাৰিৰ সৈতে হোৱা বৈঠক তথা মত বিনিময়ক সোঁৱৰে। তেওঁ লগতে প্ৰয়াত ৰাষ্ট্ৰপতিগৰাকীৰ পৰিয়াল তথা নাইজেৰিয়া চৰকাৰ আৰু জনসাধাৰণলৈ আন্তৰিক সমবেদনা জ্ঞাপন কৰে।

July 5, 2025 4:34 PM

views 40

আৰ্জেণ্টিনাৰ ৰাজধানী বুয়েন’ছ আয়াৰ্ছত উপস্থিত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী

ট্রেনিদাদ আৰু টবেগ'ৰ সফল ভ্ৰমণ সামৰি পাঁচ দেশীয় ভ্রমণসূচীৰ তৃতীয় পৰ্যায়ত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰ্জেণ্টিনাৰ ৰাজধানী বুয়েন' ছ আয়াৰ্ছত উপস্থিত হৈছে। প্রধানমন্ত্রী মোদীক প্রবাসী ভাৰতীয়সকলে বিশেষ শাস্ত্রীয় নৃত্যৰে আদৰণি জনায়। শ্ৰীমোদীয়ে আৰ্জেণ্টিনাৰ প্ৰসিদ্ধ স্বাধীনতা সংগ্রামী তথা জাতীয় নায়ক জেনেৰেল জোছ ডে ছেন মার্টিনৰ প্রতিমূর্তিত শ্রদ্ধাঞ্জলি জ্ঞাপন কৰি তেওঁৰ ভ্ৰমণ আৰম্ভ কৰিব। আনুষ্ঠানিক অভ্যর্থনাৰ পাছত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী উভয় দেশৰ মাজৰ কৌশলগত অংশীদাৰিত্ব অধিক সুদৃঢ় কৰাৰ...

June 30, 2025 7:47 PM

views 33

বুধবাৰৰ পৰা প্ৰধানমন্ত্ৰী মোদীৰ পঞ্চদেশীয় ভ্ৰমণ কাৰ্যসূচী

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে অহা বুধবাৰৰ পৰা পঞ্চদেশীয় ভ্ৰমণ কাৰ্যসূচীৰে ঘানা, ত্রিনিদাদ আৰু তবাগো, আৰ্জেণ্টিনা, ব্রাজিল আৰু নামিবিয়ালৈ যাব। এই সন্দৰ্ভত বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ অৰ্থনৈতিক পৰিক্ৰমা বিভাগৰ সচিব দাম্বু ৰবিয়ে সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰা অনুসৰি প্ৰধানমন্ত্ৰীগৰাকীয়ে ২ আৰু ৩ জুলাইত ঘানা ভ্ৰমণ কৰিব আৰু এয়া হ'ব ঘানালৈ শ্ৰীমোদীৰ প্ৰথমটো দ্বিপাক্ষিক ভ্ৰমণ। শ্ৰীৰবিয়ে লগতে কয়, যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ঘানাৰ ৰাষ্ট্ৰপতিৰ সৈতেও আলোচনাত অংশগ্ৰহণ কৰিব। দুয়োখন ৰাষ্ট্ৰই শক্ত...

June 23, 2025 8:37 PM

views 50

ধানমন্ত্ৰী সংগ্ৰহালয় আৰু পুথিভড়াল সমাজৰ ৪৭ সংখ্যক বার্ষিক সাধাৰণ সভাত প্রধানমন্ত্ৰী মোদীৰ অধ্যক্ষতা

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি নতুন দিল্লীত প্রধানমন্ত্ৰী সংগ্ৰহালয় আৰু পুথিভড়াল সমাজৰ ৪৭ সংখ্যক বার্ষিক সাধাৰণ সভাত অধ্যক্ষতা কৰে। বৈঠকত কেন্দ্ৰীয় মন্ত্ৰী ৰাজনাথ সিং, নির্মলা সীতাৰমন, অশ্বিনী বৈষ্ণৱ, গজেন্দ্ৰ সিং সেখাৱট আৰু ধর্মেন্দ্ৰ প্ৰধানকে ধৰি ভালেমান বিশিষ্ট ব্যক্তি উপস্থিত থাকে। শ্রীমোদীয়ে ২০২২ চনত প্রধানমন্ত্রী সংগ্রহালয় মুকলি কৰিছিল। এই সংগ্ৰহালয়ত দেশৰ প্ৰতিগৰাকী প্ৰধানমন্ত্ৰীৰ অৱদান তথা কিদৰে আমাৰ গণতন্ত্রই সমাজৰ প্ৰতিটো শ্ৰেণীৰ নেতাক ৰাষ্ট্ৰ গঠনত অৰিহণা যোগোৱাত সুযোগ প্ৰদান ...

June 19, 2025 7:55 PM

views 36

ক্ৰ’ৱেছিয়া, কানাডা তথা চাইপ্ৰাছ ভ্রমণ সামৰি নতুন দিল্লীলৈ প্রধানমন্ত্ৰী মোদী

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ক্ৰ'ৱেছিয়া, কানাডা তথা চাইপ্ৰাছ ভ্রমণ সামৰি নতুন দিল্লীলৈ উভতি আহিছে। ক্ৰ'ৱেছিয়া ভ্ৰমণ কালত শ্রীমোদীয়ে দেশখনৰ প্ৰধানমন্ত্রী আন্দ্ৰে প্লেংকোভিকৰ সৈতে দুয়ো দেশৰ সম্পর্ক শক্তিশালী কৰাৰ বাবে আলোচনাত মিলিত হয়। দুয়োগৰাকী নেতাই দ্বিপাক্ষিক বাণিজ্য শক্তিশালী কৰাৰ লগতে স্থিতিস্থাপক আৰু নিৰ্ভৰযোগ্য যোগান শৃংখলা গঢ়ি তোলাৰ বাবে সন্মতি প্ৰকাশ কৰে। তদুপৰি ফাৰ্মাচিউটিকেলছ, কৃষি, তথ্য প্ৰযুক্তি, স্বচ্ছ আৰু ডিজিটেল প্ৰযুক্তি, নৱীকৰণযোগ্য শক্তি আৰু ছেমিকণ্ডাক্টৰকে ধৰি দ্বিপাক্ষি...

June 11, 2025 5:56 PM

views 86

চৰকাৰে আত্মনিৰ্ভৰশীল ভাৰতৰ ভেটি গঢ়ি আছেঃ প্ৰধানমন্ত্ৰী

ভৱিষ্যত প্ৰজন্মৰ আন্তঃগাঁথনিৰ বাবে ভাৰতৰ প্ৰয়াস স্থায়ী আৰু দীৰ্ঘকালীন দৃষ্টিভংগীৰে পৰিচালিত বুলি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে প্ৰকাশ কৰিছে। শ্রী মোদীয়ে আজি সামাজিক মাধ্যমযোগে কয়, যে চৰকাৰে আত্মনিৰ্ভৰশীল ভাৰতৰ ভেটি গঢ়ি আছে। তেওঁ কয়, যে আন্তঃগাঁথনি বিপ্লৱৰ ১১ টা বছৰ সম্পূৰ্ণ হৈছে আৰু এই সময়ছোৱাত বিশ্বমানৰ আন্তঃগাঁথনি বিকশাই তোলা হৈছে। ইয়াৰ ফলত দেশৰ বিকাশ ত্বৰান্বিত হৈছে বুলি তেওঁ মন্তব্য কৰে। শ্ৰী মোদীয়ে কয়, যে ৰে'লপথৰ পৰা ঘাইপথলৈ, বন্দৰৰ পৰা বিমান বন্দৰলৈ ভাৰতৰ দ্ৰুত বিকাশশীল বুনিয়াদ...

June 10, 2025 9:22 PM

views 70

নৰেন্দ্ৰ মোদী চৰকাৰৰ ১১ বছৰ সম্পূৰ্ণ

নৰেন্দ্ৰ মোদী চৰকাৰৰ ১১ বছৰ সম্পূৰ্ণ হোৱা উপলক্ষে নৰেন্দ্ৰ মোদী এপ্ অথবা নমো এপৰ জৰিয়তে আৰম্ভ কৰা জন-মন সমীক্ষাৰ প্ৰথম দিনতে সমগ্ৰ দেশৰ ৫ লাখৰো অধিক লোকে এই সমীক্ষাৰ জৰিয়তে প্রতিক্রিয়া জনাইছে। প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কালি দেশবাসীক বিগত ১১ বছৰত দেশৰ বিকাশ যাত্ৰা সন্দৰ্ভত নমো এপৰ জৰিয়তে সমীক্ষাত অংশগ্ৰহণ কৰিবলৈ আহ্বান জনাইছিল। এই সমীক্ষাই জনসাধাৰণৰ সৈতে চৰকাৰক পোনপটীয়াকৈ প্ৰতিক্ৰিয়া আৰু দিহা-পৰামৰ্শ আগবঢ়োৱাৰ মঞ্চ প্ৰদান কৰিছে। দেশৰ বিভিন্ন প্ৰান্তৰ প্ৰতিক্ৰিয়া সংগ্ৰহেৰে এই সমীক্ষাৰ ...

June 10, 2025 9:19 PM

views 73

দেশত ক্ৰীড়া আন্তঃগাঁথনিৰ সম্প্ৰসাৰণে গোলকীয় খেল মহাশক্তি হিচাপে প্ৰতিষ্ঠা কৰাৰ দিশত ভাৰতক আগুৱাই নিছেঃ প্ৰধানমন্ত্ৰী মোদী

দেশত ক্ৰীড়া আন্তঃগাঁথনিৰ সম্প্ৰসাৰণে গোলকীয় খেল মহাশক্তি হিচাপে প্ৰতিষ্ঠা কৰাৰ দিশত ভাৰতক আগুৱাই নিছে বুলি প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে প্ৰকাশ কৰিছে। কেন্দ্ৰীয় যুৱ পৰিক্ৰমা আৰু ক্ৰীড়া মন্ত্ৰী ড০ মনসুখ মন্দাভিয়াৰ এটা প্ৰৱন্ধ শ্বেয়াৰ কৰি প্ৰধানমন্ত্ৰীয়ে আজি কয়, যে যুৱক-যুৱতীসকলক কেন্দ্ৰ হিচাপে লৈ দেশত ক্ৰীড়া আন্তঃগাঁথনিৰ অভূতপূৰ্ব বিকাশ কৰা হৈছে। প্ৰৱন্ধটোত শ্ৰীমন্দাভিয়াই বিগত ১১ বছৰত ভাৰতত ক্ৰীড়া আন্তঃগাঁথনিৰ উল্লেখনীয় পৰিৱৰ্তন হৈছে বুলি প্ৰকাশ কৰিছে। তেওঁ কয়, যে বিগত এটা দশকত যুৱ ...