August 31, 2024 5:13 PM

views 40

সমাজত মহিলাৰ বিৰুদ্ধে হোৱা অপৰাধ আৰু শিশুৰ সুৰক্ষা চিন্তানীয় বিষয় হৈ পৰিছেঃ প্রধানমন্ত্ৰী

◊ প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কৈছে যে, সমাজত মহিলাৰ বিৰুদ্ধে হোৱা অপৰাধ আৰু শিশুৰ সুৰক্ষা চিন্তানীয় বিষয় হৈ পৰিছে। তেওঁ কয় যে, মহিলাৰ সুৰক্ষাৰ বাবে দেশত বহুতো কঠোৰ আইন প্ৰণয়ন কৰা হৈছে, কিন্তু সম্প্রতি এই আইনসমূহ অধিক সক্ৰিয় কৰি তোলাৰ প্ৰয়োজন হৈছে। শ্ৰী মোদীয়ে নাৰী নিৰ্যাতনৰ গোচৰৰ বিচাৰ প্ৰক্ৰিয়া দ্রুত হোৱাত গুৰুত্ব দি কয় যে, তেতিয়াহে মহিলাৰ সুৰক্ষা নিশ্চিত হৈ উঠিব। প্রধানমন্ত্ৰীয়ে নতুন দিল্লীৰ ভাৰত মণ্ডপমত অনুষ্ঠিত দুদিনীয়া ৰাষ্ট্ৰীয় জিলা ন্যায়িক সমাৰোহ উদ্বোধন কৰি দিয়া ভাষণত আ...

August 19, 2024 8:24 PM

views 63

কলকাতাৰ আৰ জি কৰ চিকিৎসা মহাবিদ্যালয়ৰ ঘটনাক লৈ দেশৰ পদ্ম বঁটাৰে সন্মানিত ৭০ গৰাকীতকৈ অধিক চিকিৎসকৰ প্ৰধানমন্ত্ৰীলৈ পত্ৰ প্ৰেৰণ

দেশৰ পদ্ম বঁটাৰে সন্মানিত ৭০ গৰাকীতকৈ অধিক চিকিৎসকে কলকাতাৰ আৰ জি কৰ চিকিৎসা মহাবিদ্যালয় আৰু হাস্পতালৰ আবাসিক চিকিৎসকৰ ধৰ্ষণ আৰু হত্যাৰ ঘটনাৰ সৈতে জড়িত গোচৰত ব্যক্তিগতভাৱে হস্তক্ষেপ কৰাৰ আহ্বান জনাই প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীলৈ পত্ৰ প্ৰেৰণ কৰিছে। চিকিৎসকসকলে পত্ৰত উল্লেখ কৰিছে যে, এনেধৰণৰ অমানুসিক কাৰ্যই চিকিৎসা সেৱাৰ আন্তঃগাঁথনিক জোকাৰি যায়। তেওঁলোকে লগতে এনে দুষ্কার্য, বিশেষকৈ মহিলা, কিশোৰী তথা স্বাস্থ্যকৰ্মীসকলৰ বিৰুদ্ধে সংঘটিত অপৰাধ নির্মূল কৰাৰ তাৎক্ষণিক প্ৰয়োজনীয়তাৰ ওপৰতো আলোকপাত কৰে...

August 19, 2024 8:20 PM

views 47

বিশ্ব সংস্কৃত দিৱস উপলক্ষে প্রধানমন্ত্ৰী মোদীৰ জনসাধাৰণলৈ শুভেচ্ছা জ্ঞাপন

বিশ্ব সংস্কৃত দিৱস উপলক্ষে প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে জনসাধাৰণক শুভেচ্ছা জ্ঞাপন কৰিছে। সামাজিক মাধ্যমৰ এটা পোষ্টত তেওঁ ভাষাটোৰ প্ৰতি অনুৰাগী, শ্রদ্ধাশীল আৰু এই ভাষাটোৰ প্ৰসাৰৰ হকে কাম কৰি থকা সকলো লোককে অভিনন্দন জ্ঞাপন কৰিছে। ৰাজ্যৰ বিভিন্ন স্থানতো আজি সংস্কৃত দিৱস উদযাপন কৰা হয়। নলবাৰী সংস্কৃত মহাবিদ্যালয়ত আজি দিনজোৰা কাৰ্যসূচীৰে এই দিৱস উদযাপন কৰা হয়। এই উপলক্ষে ছাত্ৰ-ছাত্ৰীসকলৰ মাজত সংস্কৃত শ্লোক আবৃত্তি প্ৰতিযোগিতা আৰু মুকলি সভা অনুষ্ঠিত হয়। মুকলি সভাত সংস্কৃত মহাবিদ্যালয়ৰ অধ্যক্ষ দ...

August 8, 2024 2:10 PM

views 34

শনিবাৰে প্রধানমন্ত্ৰী মোদীয়ে ভূমিস্খলন প্রভাৱিত কেৰালাৰ ৱায়নাড ভ্ৰমণ কৰিব

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে অহা শনিবাৰে ভূমিস্খলন প্রভাৱিত কেৰালাৰ ৱায়নাড ভ্ৰমণ কৰিব। প্ৰধানমন্ত্ৰীৰ ভ্ৰমণৰ পৰিপ্ৰেক্ষিতত কন্ন’ড় আৰু ৱায়নাডত প্ৰস্তুতি অব্যাহত থকাৰ লগতে আজি এখন নিৰাপত্তা বৈঠক অনুষ্ঠিত হয়। প্রধানমন্ত্রীয়ে ভূমিস্খলন প্রভাৱিত এলেকাত বিমানেৰে নিৰীক্ষণ চলাব। উল্লেখযোগ্য যে কেৰালা আৰু কৰ্ণাটকত নিয়োজিত সেনা বাহিনীৰ ৫০০তকৈও অধিক জোৱানক ৱায়নাডৰ পৰা ঘূৰাই অনাৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। ইপিনে, ৱায়নাডত নতুনকৈ নির্মিত বেইলী দলং শক্তিশালী কৰি তোলাৰ উদ্দেশ্যে আৰু হেলিকপ্তাৰেৰে উদ্ধা...

August 3, 2024 2:16 PM

views 73

ভাৰত পর্যাপ্ত খাদ্য-সামগ্রী থকা দেশ আৰু দেশখনে গোলকীয় খাদ্য-সুৰক্ষা তথা পুষ্টিকৰণ সুৰক্ষাৰ ক্ষেত্ৰত সমাধান সূত্ৰ আগবঢ়াবলৈ সমৰ্থ হৈছেঃ মোদী

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কৈছে যে ভাৰত পর্যাপ্ত খাদ্য-সামগ্রী থকা দেশ আৰু দেশখনে গোলকীয় খাদ্য-সুৰক্ষা তথা পুষ্টিকৰণ সুৰক্ষাৰ ক্ষেত্ৰত সমাধান সূত্ৰ আগবঢ়াবলৈ সমৰ্থ হৈছে। তেওঁ কয় যে, বহু সংস্কাৰ সাধনেৰে চৰকাৰে কৃষি খণ্ডক সবল কৰি তোলাৰ জৰিয়তে কৃষকসকলৰ জীৱন ধাৰণৰ মান উন্নত কৰাৰ লক্ষ্য নিৰ্ধাৰণ কৰিছে। নতুন দিল্লীত অনুষ্ঠিত ৩২ সংখ্যক আন্তর্জাতিক কৃষি অর্থনীতিবিদ সমাৰোহত ভাষণ দি আজি প্রধানমন্ত্ৰীয়ে এইদৰে কয়। কৃষিক চৰকাৰৰ অৰ্থনৈতিক নীতিৰ কেন্দ্ৰবিন্দু বুলি উল্লেখ কৰি শ্ৰী মোদীয়ে কয় যে, ভাৰত ...

August 3, 2024 12:37 PM

views 34

মুঠ ৯৩৬ কিলোমিটাৰ দৈৰ্ঘ্যৰ গুৱাহাটীসহ ৮টা হাই স্পীড ৰোড ক’ৰিডৰ নিৰ্মাণত অনুমোদন কেন্দ্ৰীয় কেবিনেটৰ

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ অধ্যক্ষতাত অনুষ্ঠিত কেন্দ্ৰীয় কেবিনেটে কালি মুঠ ৯৩৬ কিলোমিটাৰ দৈৰ্ঘ্যৰ গুৱাহাটীসহ ৮টা হাই স্পীড ৰোড ক'ৰিডৰ নিৰ্মাণত অনুমোদন জনায়। এই ৮টা ঘাইপথ প্ৰকল্পৰ বাবে মুঠ ৫০ হাজাৰ ৬৫৫ কোটি টকা ব্যয় হ'ব বুলি চৰকাৰে জানিবলৈ দিছে। ইয়াৰ ভিতৰত ১২১ কিলোমিটাৰ দৈৰ্ঘ্যৰ গুৱাহাটীৰ ৰিং ৰোড প্ৰকল্পটোৰ নামত ৫ হাজাৰ ৭২৯ কোটি টকা আৱণ্টনৰ বাবে কেবিনেটে অনুমোদন জনাইছে। এই প্ৰকল্পই ৰাজ্যখনৰ যোগাযোগ ব্যৱস্থাৰ লগতে আৰ্থ-সামাজিক উত্থানত গুৰুত্বপূৰ্ণ ভূমিকা গ্রহণ কৰিব বুলি আশা কৰা হৈছে। উল্লেখয...

August 2, 2024 3:01 PM

views 37

ৰাষ্ট্ৰীয় পতাকাৰ আৰ্হি প্ৰস্তুত কৰোতা তথা মহান স্বাধীনতা সংগ্রামী পিংগালী ভেংকয়াক জন্মবার্ষিকীত প্রধানমন্ত্ৰী মোদীৰ স্মৰণ

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ৰাষ্ট্ৰীয় পতাকাৰ আৰ্হি প্ৰস্তুত কৰোতা তথা মহান স্বাধীনতা সংগ্রামী পিংগালী ভেংকয়াক জন্মবার্ষিকীত স্মৰণ কৰে। সামাজিক মাধ্যমৰ এটা বাৰ্তাত প্ৰধানমন্ত্রীয়ে কয় যে জাতিটোক ত্ৰিৰংগা প্ৰদানৰ ক্ষেত্ৰত পিংগালী ভেংকয়াই কৰা প্ৰচেষ্টা সদায় স্মৰণীয় হৈ থাকিব।

August 1, 2024 8:25 PM

views 52

বিগত ১০ বছৰত ভাৰত আৰু ভিয়েটনামৰ মাজৰ সম্পর্ক অধিক সম্প্ৰসাৰিত আৰু গভীৰ হৈ পৰিছেঃ প্রধানমন্ত্ৰী

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি নতুন দিল্লীত ভিয়েটনামৰ প্ৰধানমন্ত্ৰী ফাম মিন চিনহৰ সৈতে আলোচনাত মিলিত হয়। আলোচনাৰ অন্তত দুয়োগৰাকী নেতাই ভার্চুৱেল ব্যৱস্থাৰে ভিয়েটনামৰ নহা তৰাঙৰ দূৰ সংযোগ বিশ্ববিদ্যালয়ৰ সেনা ছফ্টৱেৰ উদ্যান মুকলি কৰে। ভাৰত আৰু ভিয়েটনামৰ মাজৰ সহযোগিতামূলক প্ৰকল্পৰ অধীনত এই উদ্যানখন নিৰ্মাণ কৰি উলিয়াইছে। ভাৰতে এই প্ৰকল্পৰ বাবে ৫০ লাখ ডলাৰৰ সাহায্য অনুদান আগবঢ়াইছে। দুয়ো পক্ষই সীমা শুল্ক, সামর্থ বৃদ্ধি, কৃষি গৱেষণা আৰু শিক্ষা, সামুদ্রিক ঐতিহ্য, ঔষধি গছ আৰু আইনী ক্ষেত্ৰত সহ...

July 16, 2024 1:38 PM

views 45

কে কমৰাজৰ জয়ন্তীত প্রধানমন্ত্ৰী মোদীৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে খ্যাতনামা ৰাজনীতিক কে কমৰাজৰ জয়ন্তীত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছে। সামাজিক মাধ্যমৰ এটা পোষ্টত প্ৰধানমন্ত্ৰীগৰাকীয়ে কয় যে শিক্ষাৰ ক্ষেত্ৰত প্ৰয়াত কমৰাজৰ অৱদান এতিয়াও অনন্য আৰু তেঁওৰ আদৰ্শক বাস্তবায়িত কৰাৰ লগতে এখন কল্যাণকামী সমাজ গঢ়িবলৈ চৰকাৰ সংকল্পবদ্ধ।

July 13, 2024 9:29 AM

views 44

মুম্বাইৰ গোৰেগাঁৱৰ এন ই এছ চি অ’ প্রদর্শনী কেন্দ্ৰত প্ৰধানমন্ত্ৰী মোদীয়ে কেইটাবাও প্ৰকল্পৰ উদ্বোধন আৰু আধাৰশিলা স্থাপন কৰিব

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি মুম্বাইৰ গোৰেগাঁৱৰ এন ই এছ চি অ' প্রদর্শনী কেন্দ্ৰত ২৯ হাজাৰ ৪০০ কোটিৰো অধিক টকা ব্যয় সাপেক্ষ পথ, ৰে'লৱে আৰু বন্দৰ খণ্ডৰ কেইটাবাও প্ৰকল্পৰ উদ্বোধন আৰু আধাৰশিলা স্থাপন কৰিব। বিয়লিৰ ভাগত শ্ৰীমোদীয়ে ভাৰতীয় বাতৰি সেৱা সচিবালয়ত আই এন এছ টাৱাৰ মুকলি কৰিব। ভ্রমণকালত প্রধানমন্ত্ৰীয়ে ১৬ হাজাৰ ৬০০ কোটি টকাৰে নিৰ্মাণ কৰিবলগীয়া থানে-বোড়িৱলি সুৰংগ প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰিব। প্ৰায় ১২ কিলোমিটাৰ দৈৰ্ঘ্যৰ এই দ্বৈত টিউব সুৰংগৰ ফলত থানে আৰু বোড়িৱলিৰ মাজৰ যাত্রা পথ ১...