September 8, 2025 11:38 AM

views 54

পঞ্জাৱৰ বান পৰিস্থিতি পর্যালোচনাৰ বাবে প্রধানমন্ত্ৰী কাইলৈ ৰাজ্যখনলৈ ৰাওনা

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদী পঞ্জাৱৰ বান পৰিস্থিতি পর্যালোচনাৰ বাবে কাইলৈ ৰাজ্যখনলৈ যাব। প্রধানমন্ত্রীয়ে ব্যক্তিগতভাৱে পৰিস্থিতি পৰিদৰ্শন কৰি বানত ক্ষতিগ্ৰস্ত লোকসকললৈ পৰ্যাপ্ত সাহায্য নিশ্চিত কৰিব বুলি আশা কৰা হৈছে। পঞ্জাৱ বিজেপিৰ সভাপতি সুনীল জাখৰে সামাজিক মাধ্যমৰ এট বাৰ্তাত প্রধানমন্ত্ৰী শ্ৰীমোদীৰ ভ্ৰমণৰ কথা নিশ্চিত কৰিছে। তেওঁ কয়, যে এই দুৰ্যোগক লৈ প্ৰধানমন্ত্ৰীগৰাকী গভীৰভাৱে চিন্তিত আৰু তেওঁ নিৰন্তৰ পৰিস্থিতি নিৰীক্ষণ কৰি আছে। প্রধানমন্ত্ৰীৰ ভ্ৰমণৰ পূৰ্বে কেন্দ্ৰীয় কৃষিমন্ত্রী শিৱৰাজ সিং ...

September 5, 2025 10:47 AM

views 50

জি এছ টি ব্যৱস্থাৰ যুক্তিসংগতকৰণক স্বাধীনতা লাভৰ পাছৰ সৰ্ববৃহৎ সংস্কাৰ বুলি অভিহিত প্রধানমন্ত্ৰীৰ

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে সামগ্ৰী আৰু সেৱাকৰ জি এছ টি ব্যৱস্থাৰ যুক্তিসংগতকৰণক স্বাধীনতা লাভৰ পাছৰে পৰা সৰ্ববৃহৎ সংস্কাৰ বুলি অভিহিত কৰিছে। নতুন দিল্লীত কালি ৰাষ্ট্ৰীয় কৃতী শিক্ষক বঁটা প্ৰাপক শিক্ষক-শিক্ষয়িত্ৰীসকলৰ সৈতে মত-বিনিময় কৰি প্ৰধানমন্ত্ৰীয়ে এইদৰে প্ৰকাশ কৰে। তেওঁ কয়, যে এই পদক্ষেপে বিভিন্ন সামগ্ৰীৰ ওপৰত আৰোপিত কৰ হ্ৰাস কৰি আৰু ৰুটি আৰু জীৱনৰক্ষী ঔষধৰ ওপৰত আৰোপিত কৰ বিলুপ্ত কৰি মধ্যবিত্তক আর্থিকভাৱে সকাহ প্ৰদান কৰিব বুলি আশা কৰা হৈছে। তেওঁ কয়, যে ২২ ছেপ্তেম্বৰত নৱৰাত্ৰিৰ প্ৰথম...

September 4, 2025 8:41 PM

views 49

ভার্চুৱেল মাধ্যমেৰে জে এন বন্দৰ পি এছ এ মুম্বাই টার্মিনেলৰ দ্বিতীয় পৰ্য্যায়ৰ উন্মোচন

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোডী আৰু ছিংগাপুৰৰ প্ৰধানমন্ত্রী লৰেন্স ৱঙে আজি ভার্চুৱেল মাধ্যমেৰে জে এন বন্দৰ পি এছ এ মুম্বাই টার্মিনেলৰ দ্বিতীয় পৰ্য্যায়ৰ উন্মোচন কৰে। কেন্দ্ৰীয় বন্দৰ, জাহাজ আৰু জলপথ মন্ত্ৰী সৰ্বানন্দ সোণোৱালে অনলাইন মাধ্যমেৰে এই উদ্বোধনী অনুষ্ঠানত অংশগ্ৰহণ কৰে। নৱী মুম্বাইত অনুষ্ঠিত এই অনুষ্ঠানত মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী দেৱেন্দ্ৰ ফাড়নবিছ আৰু কেন্দ্ৰীয় বন্দৰ, জাহাজ আৰু জলপথ ৰাজ্যমন্ত্ৰী শান্তনু ঠাকুৰেও অংশগ্রহণ কৰে। মন্ত্ৰী শ্ৰী ঠাকুৰে অনুষ্ঠানত অংশগ্ৰহণ কৰি কয় যে,৪ দশমিক ৮ টি ই ...

September 3, 2025 12:35 PM

views 37

২০৭০ চনৰ ভিতৰত ভাৰতক কাৰ্বন শূন্য দেশৰূপে গঢ়ি তোলাৰ লক্ষ্য প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ২০৭০ চনৰ ভিতৰত ভাৰতক কাৰ্বন শূন্য দেশ ৰূপে গঢ়ি তোলাৰ লক্ষ্য স্থিৰ কৰিছে। কুৰি সংখ্যক আন্তঃৰাষ্ট্ৰীয় বহন ক্ষমতা সন্মিলনত অংশ লৈ কেন্দ্ৰীয় পথ পৰিবহণ আৰু ঘাইপথ মন্ত্ৰী নীতিন গাডকাৰীয়ে এই কথা প্ৰকাশ কৰে। শ্ৰীগাডকাৰীয়ে কয়, যে পৰৱৰ্তী প্ৰজন্মৰ বাবে জলবায়ু পৰিৱৰ্তন আৰু গোলকীয় উষ্ণতা শংকাৰ অন্যতম কাৰণ ৰূপে পৰিগণিত হৈছে। এইখন দেশ নাইবা সমাজৰ বাবে নীতি-অর্থনীতি আৰু পৰিৱেশ অত্যন্ত জৰুৰী বুলি শ্ৰীগাডকাৰীয়ে মন্তব্য কৰে ।

September 2, 2025 8:30 PM

views 47

ভাৰতে অর্ধ-পৰিবাহী খণ্ডৰ বাবে অনুকূল তন্ত্ৰ নিৰ্মাণ কৰি আছে আৰু ই দেশক আত্ম-নিৰ্ভৰ কৰি তুলিব বুলি প্ৰধানমন্ত্ৰীৰ প্ৰকাশ

ভাৰতে অর্ধ-পৰিবাহী খণ্ডৰ বাবে অনুকূল তন্ত্ৰ নিৰ্মাণ কৰি আছে আৰু ই দেশক আত্ম-নিৰ্ভৰ আৰু গোলকীয় পৰ্যায়ত প্রতিস্পধামুখী কৰি তুলিব বুলি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে প্ৰকাশ কৰিছে। নতুন দিল্লীত আজি ছেমিকন ইণ্ডিয়া-২০২৫ শীর্ষক সন্মিলন উদ্বোধন কৰাৰ পাছত এটা সমাৱেশত ভাষণ দি শ্রীমোদীয়ে এইদৰে প্ৰকাশ কৰে। প্ৰধানমন্ত্ৰীয়ে কয়, যে গোলকীয় অর্ধ-পৰিবাহী বজাৰৰ পৰিধি ইতিমধ্যে ৬০ হাজাৰ কোটি ডলাৰ হৈছে আৰু অনাগত সময়ত এই পৰিমাণ ১ লাখ কোটি ডলাৰলৈ বৃদ্ধি পোৱাৰ সম্ভাৱনা আছে। তেওঁ লগতে ভাৰত এই গোলকীয় অৰ্ধ পৰিবাহী...

September 1, 2025 2:48 PM

views 67

সন্ত্রাসবাদ সন্দৰ্ভত দ্বৈত মান কোনো কাৰণতে গ্রহণযোগ্য নহয়ঃ প্রধানমন্ত্রী

● সন্ত্রাসবাদ সন্দৰ্ভত দ্বৈত মান কোনো কাৰণতে গ্রহণযোগ্য নহয় বুলি প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীয়ে মন্তব্য কৰিছে। চীনৰ টিয়ানজিনত অনুষ্ঠিত চাংহাই সহযোগিতা সংস্থাৰ শীৰ্ষ সন্মিলনত দিয়া বিবৃতিত প্রধানমন্ত্ৰীয়ে সন্ত্রাসবাদক মানৱতাৰ বিৰুদ্ধে বৃহৎ ভাবুকি বুলি উল্লেখ কৰাৰ লগতে যিকোনো প্ৰকাৰৰ সন্ত্ৰাসবাদ গৰিহণাযোগ্য বুলি মন্তব্য কৰে। তেওঁ কয়, যে ভাৰতে বিগত চাৰিটা দশক ধৰি সন্ত্ৰাসবাদৰ বিৰুদ্ধে যুঁজ দি আহিছে। পেহেলগামৰ সন্ত্ৰাসবাদী আক্ৰমণত ভাৰতৰ প্ৰতি সমৰ্থন আগবঢ়োৱা ৰাষ্ট্ৰসমূহৰ প্ৰতি শ্ৰী মোদীয়ে কৃতজ্...

August 29, 2025 8:32 PM

views 50

শ্বিগেৰু ইশ্বিবাৰ সৈতে পঞ্চদশ ভাৰত-জাপান বাৰ্ষিক শীৰ্ষ সন্মিলনত অংশগ্ৰহণ প্রধানমন্ত্ৰীৰ

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আজি টকিঅ'ত জাপানৰ প্ৰধানমন্ত্ৰী শ্বিগেৰু ইশ্বিবাৰ সৈতে পঞ্চদশ ভাৰত-জাপান বাৰ্ষিক শীৰ্ষ সন্মিলনত অংশগ্ৰহণ কৰে। সন্মিলনত দুয়োগৰাকী নেতাই দুয়োখন দেশৰ মাজত থকা সম্পৰ্কৰ কথা সকলো দিশৰ পৰা আলোচনা কৰি এটা সমীক্ষা আগবঢ়ায় আৰু বিশেষ কৌশলগত আৰু বিশ্বব্যাপী অংশীদাৰিত্বৰ পৰৱৰ্ত্তী পৰ্যায়ক আগুৱাই নিয়াৰ উপায়ৰ বিষয়ে আলোচনা কৰে। যৌথ সংবাদ মেলত ভাষণ প্ৰদান কৰি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কয় যে আজিৰ আলোচনা উৎপাদনশীল আৰু উদ্দেশ্য প্রণোদিত। বিশ্বশান্তি আৰু স্থিতিশীলতাৰ বাবে ভা...

August 28, 2025 11:58 AM

views 55

আলেকজেণ্ডাৰ ষ্টাবৰ সৈতে টেলিফোনৰ জৰিয়তে প্রধানমন্ত্ৰীৰ বাৰ্তালাপ

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কালি বিয়লি ফিনলেণ্ডৰ ৰাষ্ট্ৰপতি আলেকজেণ্ডাৰ ষ্টাবৰ সৈতে টেলিফোনৰ জৰিয়তে বাৰ্তালাপ কৰে। এই সন্দৰ্ভত সামাজিক মাধ্যমত লিখা এটা পোষ্টত শ্রীমোদীয়ে ফিনলেণ্ডক ইউৰোপীয় সংঘৰ গুৰুত্বপূৰ্ণ অংশীদাৰ ৰাষ্ট্ৰ হিচাপে অভিহিত কৰে। আলোচনাকালত দুয়োগৰাকী নেতাই বাণিজ্য, প্ৰযুক্তি আৰু বহনক্ষমতাৰ লেখিয়া গুৰুত্বপূৰ্ণ বিষয়সমূহত উভয় দেশৰ সহযোগিতা ত্বৰান্বিত কৰাৰ বিভিন্ন উপায় সন্দৰ্ভত বিতংভাৱে আলোচনা কৰে। দুয়োগৰাকী নেতাই লগতে ইউক্রেইনৰ সংঘাতৰ শান্তিপূর্ণ সমাধানৰ বাবে চলি থকা প্ৰচেষ্...

August 28, 2025 11:59 AM

views 34

ভাৰত আৰু জাপানৰ পঞ্চদশ বাৰ্ষিক সন্মিলনত ভাগ লোৱাৰ উদ্দেশ্যে প্রধানমন্ত্ৰী আজি জাপানলৈ ৰাওনা

ভাৰত আৰু জাপানৰ পঞ্চদশ বাৰ্ষিক সন্মিলনত ভাগ লোৱাৰ উদ্দেশ্যে প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি বিয়লি জাপানলৈ ৰাওনা হ’ব। এয়া হ'ব শ্রীমোদীৰ অষ্টম জাপান ভ্রমণ। জাপানৰ প্ৰধানমন্ত্ৰী হিচাপে চিগেৰু ইশ্বিবাই কাৰ্যভাৰ গ্ৰহণ কৰাৰ পাছত এয়া হ'ব উভয় দেশৰ প্ৰথমখন বার্ষিক সন্মিলন। প্রধানমন্ত্ৰীৰ জাপান ভ্রমণ সন্দৰ্ভত বৈদেশিক পৰিক্ৰমা মন্ত্ৰ্যালয়ে এটা বিবৃতিৰ জৰিয়তে কয়, যে দুয়োগৰাকী প্ৰধানমন্ত্ৰীয়ে ভাৰত আৰু জাপানৰ বিশেষ কৌশলগত তথা গোলকীয় সহযোগিতাৰ পৰ্যালোচনা কৰিব। নেতা দুয়োগৰাকীয়ে প্ৰতিৰক্ষা আৰু নিৰ...

August 18, 2025 12:36 PM

views 56

ভাৰতীয় লোকসকলক দেশত নিৰ্মিত সামগ্ৰীসমূহ ক্ৰয় কৰিবলৈ আহ্বান প্রধানমন্ত্ৰীৰ

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ভোকেল ফৰ লোকেলৰ প্ৰতি আস্থা ৰাখি ভাৰতীয় লোকসকলক দেশত নিৰ্মিত সামগ্ৰীসমূহৰ ওপৰত বিশ্বাস ৰাখি এইসমূহ ক্ৰয় কৰিবলৈ আহ্বান জনাইছে। নতুন দিল্লীত কালি ১১ হাজাৰ কোটি টকা ব্যয়সাপেক্ষে নিৰ্মাণ হ'বলগীয়া দুটা ৰাষ্ট্ৰীয় ঘাইপথ প্ৰকল্পৰ উদ্বোধন কৰি শ্ৰীমোদীয়ে কয়, যে ভাৰতক এখন স্ব-নিৰ্ভৰশীল দেশ হিচাপে গঢ়ি তুলিবলৈ প্ৰয়াস অব্যাহত ৰাখিব লাগিব। তেওঁ লগতে কয়, যে সামগ্ৰী আৰু সেৱাকৰ ব্যৱস্থাৰ সংস্কাৰ সাধনৰ জৰিয়তে অনাগত সময়ছোৱাত সমগ্ৰ দেশৰ নাগৰিকসকল লাভান্বিত হ'ব। দ্বাৰকা এক্স...