September 27, 2025 8:10 PM

views 74

সমগ্ৰ দেশতে স্বদেশী প্রযুক্তিৰে নিৰ্মিত ৯৭, ৫০০টা ফ’ৰ জি ম’বাইল টাৱাৰ উদ্বোধন

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি উড়িশাৰ পৰা ভার্চুৱেল ব্যৱস্থাৰে সমগ্ৰ দেশতে ৩৭ হাজাৰ কোটি টকা ব্যয় সাপেক্ষে স্বদেশী প্রযুক্তিৰে নিৰ্মিত ৯৭ হাজাৰ ৫০০টা ফ'ৰ জি ম'বাইল টাৱাৰ উদ্বোধন কৰে। এই উপলক্ষে আজি গুৱাহাটীত আয়োজিত কাৰ্যসূচীৰ জৰিয়তে কেন্দ্ৰীয় মন্ত্ৰী জ্যোতিৰাদিত্য সিন্ধিয়া আৰু মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই অনুষ্ঠানত ভার্চুৱেলী অংশগ্রহণ কৰে। স্বদেশী ফ'ৰ জি নেটৱৰ্কৰ উদ্বোধনী কাৰ্যসূচীৰ প্ৰাক্ মুহূৰ্তত কেন্দ্রীয় মন্ত্রী সিন্ধিয়া আৰু টাটা ছন্‌ছৰ অধ্যক্ষ এম চন্দ্ৰশেখৰণৰ সৈতে মুখ্যমন...

September 27, 2025 6:51 PM

views 62

ওড়িশাত ৬০ হাজাৰ কোটি টকাতকৈও অধিক পৰিমাণৰ পুঁজি ব্যয় সাপেক্ষ কেইবাটাও প্রকল্প উদ্বোধন প্রধানমন্ত্ৰীৰ

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ওড়িশাৰ ঝাৰছুগুড়াত ৬০ হাজাৰ কোটি টকাতকৈও অধিক পৰিমাণৰ পুঁজি ব্যয় সাপেক্ষ কেইবাটাও প্রকল্প উদ্বোধন কৰাৰ লগতে এনে প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰে। এই প্রকল্পসমূহৰ ভিতৰত দূৰসংযোগ, ৰে'লপথ, উচ্চ শিক্ষা, স্বাস্থ্য সেৱা, দক্ষতা বিকাশ, গ্রামাঞ্চলৰ বাসগৃহ নির্মাণ আদিকে ধৰি ভালেমান খণ্ডক সামৰি লোৱা হৈছে। প্ৰধানমন্ত্ৰী মোদীয়ে লগতে ওড়িশাৰ বেৰহামপুৰ আৰু উধনাৰ মাজত চলাচল কৰিবলগীয়া অমৃত-ভাৰত এক্সপ্ৰেছ ৰে'লগাড়ী খনৰো যাত্ৰাৰ শুভাৰম্ভ কৰে। ওড়িশাৰ ৰাজ্যপাল হৰিবাবু কান্তাম্পতি...

September 22, 2025 7:21 PM

views 77

প্রধানমন্ত্ৰী মোদীৰ জি এছ টি সংস্কাৰৰ পদক্ষেপক প্ৰশংসা গৃহমন্ত্রী অমিত শ্বাহৰ

দেশৰ দৰিদ্ৰ, যুৱ প্ৰজন্ম, কৃষক আৰু মহিলাসকলৰ উন্নয়নৰ ক্ষেত্ৰত পৰৱৰ্তী প্ৰজন্মৰ সামগ্ৰী আৰু সেৱা কৰ অৰ্থাৎ‍ জি এছ টিৰ সংস্কাৰে গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিব। সামাজিক মাধ্যমৰ এলানি বাৰ্তাত কেন্দ্ৰীয় গৃহমন্ত্রী অমিত শ্বাহে প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ জি এছ টি সংস্কাৰৰ পদক্ষেপক প্ৰশংসা কৰি এই কথা প্ৰকাশ কৰে। তেওঁ কয়, যে নতুন সংস্কাৰে ভালেসংখ্যক সামগ্ৰীৰ ক্ষেত্ৰত জি এছ টিৰ হাৰ হ্ৰাস কৰি সামগ্ৰিকভাৱে জনসাধাৰণৰ ব্যয় হ্ৰাস কৰাত গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিব। ইয়াৰ ফলত দেশৰ অৰ্থনীতিৰ বিকাশ দ্রুত হ...

September 16, 2025 1:16 PM

views 52

লালকিল্লাৰ প্ৰাচীৰৰ পৰা প্ৰধানমন্ত্ৰী জি এছ টি সংস্কাৰৰ কথা ঘোষণা প্ৰধানমন্ত্ৰীৰ

এইবেলি স্বাধীনতা দিৱসত লালকিল্লাৰ প্ৰাচীৰৰ পৰা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে জি এছ টি সংস্কাৰৰ কথা ঘোষণা কৰিছিল । চলিত মাহৰ ৩ তাৰিখে জি এছ টি পৰিষদে বহু খণ্ডত কৰ হ্ৰাস কৰি নাগৰিকৰ জীৱন সহজ কৰি তোলাৰ লগে লগে প্রধানমন্ত্ৰীগৰাকীৰ এই দৃষ্টিভংগী বাস্তৱায়িত হয়। এই সংস্কাৰৰ অধীনত চৰকাৰে কৃষিখণ্ডত জি এছ টি হ্ৰাস কৰি কৃষকসকলক সকাহ দিছে । এই সংস্কাৰ অনুসৰি, ১৮০০ CC ৰ তলৰ ট্ৰেক্টৰৰ কৰৰ পৰিমাণ ১২ শতাংশৰ পৰা ৫ শতাংশলৈ হ্ৰাস কৰা হ'ব। টায়াৰ আৰু টিউব, হাইড্ৰলিক পাম্প আদিকে ধৰি ট্ৰেক্টৰৰ উপাদানসমূহ ১৮ শতাংশৰ...

September 16, 2025 1:15 PM

views 44

বিহাৰ, পশ্চিমবংগ আৰু অসমক অনুপ্ৰৱেশকাৰীৰ কৱলৰ পৰা ৰক্ষা কৰিবলৈ এন ডি এৰ চৰকাৰ বদ্ধপৰিকৰ বুলি প্ৰধানমন্ত্ৰীৰ প্ৰকাশ

 বিহাৰ, পশ্চিমবংগ আৰু অসমক অনুপ্ৰৱেশকাৰীৰ কৱলৰ পৰা ৰক্ষা কৰিবলৈ এন ডি এৰ চৰকাৰ বদ্ধপৰিকৰ বুলি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে প্ৰকাশ কৰে। বিহাৰৰ পুৰ্ণীয়াত অনুষ্ঠিত এখন জনসভাত ভাষণ দি শ্রীমোদীয়ে কালি এইদৰে কয় । উল্লেখযোগ্য যে প্রধানমন্ত্রী মোদীয়ে কালি বিহাৰৰ পুৰ্ণীয়া জিলাৰ পৰা ৪০ হাজাৰ কোটি টকাৰো অধিক ব্যয়েৰে ৰাজ্যখনৰ বিভিন্ন উন্নয়নমূলক প্রকল্প উদ্বোধন আৰু আধাৰশিলা স্থাপন কৰে। পুৰ্ণীয়া জিলাৰ গোলাপবাগত আয়োজিত এখন ৰাজহুৱা সভাত ভাষণ দি প্রধানমন্ত্ৰীগৰাকীয়ে কয় যে বিহাৰৰ জনসাধাৰণৰ জীৱন ধাৰণৰ...

September 16, 2025 1:00 PM

views 41

সেনাবাহিনীৰ সন্মিলনত উত্তৰ-পূৰ্বাঞ্চলৰ সীমান্তৰ নিৰাপত্তা সন্দৰ্ভত আলোচনা প্রধানমন্ত্ৰীৰ

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কলকাতাৰ ফ'ৰ্ট উইলিয়ামত কালি সেনাবাহিনীৰ সন্মিলনত অংশগ্ৰহণ কৰি উত্তৰ-পূৰ্বাঞ্চলৰ সীমান্তৰ নিৰাপত্তা সন্দৰ্ভত আলোচনা কৰে। প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং, ৰাষ্ট্ৰীয় নিৰাপত্তা উপদেষ্টা অজিত ডোভাল আৰু সেনাবাহিনীৰ তিনিওটা গোটৰ মুৰববীৰ উপস্থিতিত অনুষ্ঠিত এই সন্মিলনত উত্তৰ- পূৰ্বাঞ্চলৰ সীমান্তৰ সুৰক্ষাৰ সন্দৰ্ভত বিতংভাৱে আলোচনা কৰা হয়। ভাৰতীয় উপ-মহাদেশত সলনি হৈ থকা ভূৰাজনৈতিক পৰিস্থিতিৰ বাবে সেনাবাহিনীৰ মাজত সমন্বয় বৃদ্ধি আৰু পৰিকাঠামো আধুনিকীকৰণ সন্দৰ্ভতো সন্মিলনত গুৰ...

September 12, 2025 12:53 PM

views 40

কাইলৈ প্ৰধানমন্ত্ৰীৰ চাইৰাঙৰ পৰা তিনিখন এক্সপ্ৰেছ ৰে’লগাড়ীৰ যাত্ৰা আনুষ্ঠানিকভাৱে শুভাৰম্ভ

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কাইলৈ মিজোৰামৰ ৰাজধানী আইজলৰ নিকটৱৰ্তী চাইৰাঙৰ পৰা নতুন দিল্লীৰ মাজত সাপ্তাহিক ৰাজধানী এক্সপ্ৰেছ, চাইৰাং আৰু গুৱাহাটীৰ মাজত দৈনিক এক্সপ্ৰেছ আৰু চাইৰাং আৰু ক'লকাতাৰ মাজত ত্ৰিসাপ্তাহিক এক্সপ্ৰেছ ৰে'লগাড়ীৰ যাত্ৰা আনুষ্ঠানিকভাৱে শুভাৰম্ভ কৰিব। চাইৰাং আৰু দিল্লীৰ আনন্দ বিহাৰ ষ্টেচনৰ মাজত সপ্তাহত এদিনকৈ চলিবলগীয়া ২০৫০৭ আৰু ২০৫০৮ নম্বৰৰ এই ৰাজধানী এক্সপ্ৰেছখনে চাইৰাঙৰ পৰা আনন্দ বিহাৰলৈ দুহেজাৰ ৫১০ কিলোমিটাৰ দূৰত্ব ৪৩ ঘণ্টা ২৫ মিনিটত সম্পূৰ্ণ কৰিব। নিয়মীয়া যাত্ৰাত এই ৰ...

September 12, 2025 12:22 PM

views 50

নতুন দিল্লীত আজি আয়োজিত জ্ঞান ভাৰতম্ আন্তঃৰাষ্ট্ৰীয় সন্মিলনত প্রধানমন্ত্ৰীৰ অংশগ্ৰহণ

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি বিয়লি নতুন দিল্লীত আয়োজিত জ্ঞান ভাৰতম্ আন্তঃৰাষ্ট্ৰীয় সন্মিলনত অংশগ্ৰহণ কৰিব। তেওঁ এই সন্মিলনতে পাণ্ডুলিপিৰ ডিজিটেল ৰূপ প্ৰদান, সংৰক্ষণ আৰু জনসাধাৰণৰ বাবে এনে পাণ্ডুলিপি সহজলভ্য কৰি তোলাৰ প্ৰক্ৰিয়া ত্বৰান্বিত কৰাৰ উদ্দেশ্যে জ্ঞান ভাৰতম্ নামৰ এখন সুকীয়া ডিজিটেল মঞ্চ মুকলি কৰিব আৰু এটা সমাৱেশতো ভাষণ দিব। পাণ্ডুলিপি ঐতিহ্যৰ মাধ্যমেৰে ভাৰতৰ জ্ঞান ঐহিত্যৰ পুনৰ প্ৰাপ্তি বিষয়বস্তুৰে তিনিদিনীয়া কাৰ্যসূচীৰে কালিৰে পৰা এই সন্মিলন অনুষ্ঠিত হৈছে। ভাৰতৰ অভূতপূৰ্ব পাণ...

September 12, 2025 12:21 PM

views 56

নৰেন্দ্ৰ মোদী আৰু ড° নবীনচন্দ্ৰ ৰামগুলামৰ মাজত দেশ দুখনৰ দ্বিপাক্ষিক সম্বন্ধৰ সকলো দিশৰ পৰ্যালোচনা

মৰিছাচৰ প্ৰধানমন্ত্ৰী ড° নবীনচন্দ্ৰ ৰামগুলামৰ কাশী ভ্রমণ চহৰখনৰ সাংস্কৃতিক গুৰুত্ব আৰু ভাৰত আৰু মৰিছাচৰ মাজত শক্তিশালী সাংস্কৃতিক সম্বন্ধৰ পৰিপ্ৰেক্ষিতত বিশেষ হৈ উঠা বুলি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে উল্লেখ কৰিছে। শ্রীমোদীয়ে সামাজিক মাধ্যম যোগে কয়, যে এই ভ্ৰমণ কালত হোৱা বৈঠকত তেওঁলোকে দেশ দুখনৰ মাজৰ দ্বিপাক্ষিক সম্বন্ধৰ সকলো দিশৰ পৰ্যালোচনা চলায় আৰু বিভিন্ন আঞ্চলিক আৰু গোলকীয় বিষয় লৈ আলোচনা কৰে। প্ৰধানমন্ত্ৰীয়ে কয়, যে তেওঁলোকে আন্তঃগাঁথনি, স্বাস্থ্য যতন, ডিজিটেল প্ৰযুক্তি, শক্তি আৰু সাম...

September 8, 2025 11:39 AM

views 55

অহা ১৩ ছেপ্তেম্বৰত দুখন জনসভাত অংশ লোৱাৰ উদ্দেশ্যে প্ৰধানমন্ত্ৰীৰ মণিপুৰ ভ্ৰমণ

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদী অহা ১৩ ছেপ্তেম্বৰত কিছুসময়ৰ বাবে মণিপুৰলৈ যাব। আকাশবাণী ইম্ফলৰ সংবাদদাতাই জনোৱা মতে প্রধানমন্ত্রীয়ে দুখন জনসভাত অংশ লোৱাৰ কথা। ইম্ফলৰ ৰাজভৱনত শ্ৰীমোদীৰ এই ভ্রমণ সন্দৰ্ভত কালি এখন বৈঠক অনুষ্ঠিত হয়। মণিপুৰৰ ৰাজ্যপাল অজয় কুমাৰ ভাল্লাৰ অধ্যক্ষতাত অনুষ্ঠিত এই বৈঠকত ৰাজ্যখনৰ প্ৰাক্তন মুখ্যমন্ত্ৰী এন বিৰেণ সিং, মণিপুৰ বিধানসভাৰ অধ্যক্ষ থকছম সত্যব্ৰত সিং, মণিপুৰ প্ৰদেশ বিজেপিৰ সভাপতি তথা বিধায়ক অধিকাৰীমায়ুম সাৰদা দেৱী উপস্থিত থাকে। বৈঠকত প্রধানমন্ত্ৰীয়ে অংশগ্রহণ কৰিবলগ...