April 26, 2024 12:02 PM

views 64

বিহাৰৰ আৰাৰিয়া আৰু মুংগেৰত প্রধানমন্ত্রীৰ আজি দুখন নির্বাচনী সভা

বিজেপিৰ জ্যেষ্ঠ নেতা তথা প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীয়ে আজি বিহাৰৰ আৰাৰিয়া আৰু মুংগেৰত এন ডি এ প্রার্থীৰ হকে দুখন নির্বাচনী সভাত অংশগ্ৰহণ কৰিব। ইয়াৰে প্ৰথমখন সভা আৰাৰিয়াৰ ফৰ্বেছগঞ্জ বিমানবন্দৰ গ্ৰাউণ্ডত আয়োজন কৰা হৈছে। পাছত তেওঁ মুংগেৰ সমষ্টিৰ ছফিয়াচৰাই বিমানবন্দৰ গ্রাউণ্ডৰ দ্বিতীয়খন সভাত ভাগ ল'ব। প্রধানমন্ত্রীৰ কাৰ্যসূচীলৈ চাই বাজ্যখনত কটকটীয়া সুৰক্ষাৰ ব্যৱস্থা কৰা হৈছে।

April 23, 2024 6:20 PM

views 192

হনুমান জয়ন্তী উপলক্ষে দেশবাসীক প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ওলগ

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে হনুমান জয়ন্তী উপলক্ষে দেশবাসীক ওলগ জনাইছে। শ্রী মোদীয়ে সামাজিক মাধ্যমযোগে ভগৱান হনুমানক স্মৰণ কৰি কৈছে যে সকলো ৰাম ভক্তৰ বাবে পৱন পুত্ৰৰ নিষ্ঠা সদায় অনুপ্ৰেৰণাৰ উৎস হৈ থাকিব। তেওঁ লগতে ভগৱান হনুমানৰ আশিষে বিকশিত ভাৰতৰ সংকল্পত নতুন মাত্ৰা প্ৰদান কৰিব বুলি আশা প্রকাশ কৰে।

April 23, 2024 5:37 PM

views 75

উচ্চ শিক্ষাৰ ক্ষেত্ৰত শেহতীয়া বিশ্ব বাছনি তালিকাত ভাৰতৰ প্ৰদৰ্শন উৎসাহজনক : প্ৰধানমন্ত্ৰী

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ক্বাব্বেৰেলী ছাইমণ্ডছ, Qs নামৰ ব্ৰিটেইনৰ প্ৰতিষ্ঠানটোৰ উচ্চ শিক্ষা সম্পৰ্কীয় শেহতীয়া বিশ্ব বাছনি তালিকাত ভাৰতৰ প্ৰদৰ্শন উৎসাহজনক বুলি অভিহিত কৰিছে। শ্রী মোদীয়ে সামাজিক মাধ্যমযোগে কৈছে যে দেশৰ যুৱ শক্তিৰ হিতার্থে ভৱিষ্যতে গুণগত শিক্ষাৰ ওপৰত অধিক গুৰুত্ব আৰোপ কৰা হ'ব। চৰকাৰে গৱেষণা, শিকণ আৰু উদ্ভাৱনৰ ব্যাপক গুৰুত্ব আৰোপ কৰিছে বুলিও প্রধানমন্ত্ৰীয়ে প্ৰকাশ কৰে। শ্ৰী মোদীয়ে লগতে QS ৰ মুখ্য কাৰ্যবাহী বিষয়া নুন্‌জিঅ' ক্বাক্বেৰেলীক সাক্ষাৎ‍ কৰে। শ্ৰী ক্বাকেৰেলীয়ে পৰ...

April 21, 2024 8:19 PM

views 69

দেশক উন্নয়নৰ শিখৰত আৰোহণ কৰোৱাৰ উদ্দেশ্যে মই কাম কৰি আহিছোঃ নৰেন্দ্ৰ মোদী

বিজেপিৰ জ্যেষ্ঠ নেতা তথা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কয় যে, তেওঁ দেশক উন্নয়নৰ শিখৰত আৰোহণ কৰোৱাৰ উদ্দেশ্যে কাম কৰি আহিছে। ৰাজস্থানৰ জালোৰ লোকসভা সমষ্টিত আজি আয়োজিত এটা নির্বাচনী সমাৱেশত ভাষণ প্ৰসংগত তেওঁ কয় যে, কেন্দ্ৰীয় চৰকাৰে বাসগৃহসমূহত শৌচাগাৰ নিৰ্মাণ তথা ৰন্ধন গেছৰ সংযোগকে ধৰি বিভিন্ন সুবিধা প্ৰদানৰ জৰিয়তে মহিলাসকলৰ জীৱন সুচল কৰি তুলিবলৈ নানা আঁচনি মুকলি কৰিছে। শ্রীমোদীয়ে কংগ্ৰেছক সুবিধাবাদী মিত্রজোঁট গঠন কৰা বুলি সমালোচনা কৰি কয় যে, এনে মিত্ৰজোঁটৰ হাতত দেশৰ শাসনভাৰ অৰ্পণ কৰা উচি...

April 21, 2024 5:36 PM

views 58

নতুন দিল্লীত ভগৱান মহাবীৰৰ ২,৫৫০ সংখ্যক নিৰ্বাণ মহোৎসৱ মুকলি

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কৈছে যে, বর্তমান সমগ্র বিশ্বই গোলকীয় শান্তি সুনিশ্চিত কৰাৰ বাবে ভাৰতলৈ চাই আছে। মহাবীৰ জয়ন্তীৰ পবিত্ৰ ক্ষণত আজি নতুন দিল্লীত ভগৱান মহাবীৰৰ ২৫৫০ সংখ্যক নির্বাণ মহোৎসৱ মুকলি কৰি প্ৰধানমন্ত্ৰীয়ে এইদৰে প্ৰকাশ কৰে। শ্ৰীমোদীয়ে দেশৰ বৰ্ধিত সমৰ্থ আৰু বিদেশ নীতিক নতুন ভাৰতৰ এই নতুন ভূমিকাৰ কৃতিত্ব প্ৰদান কৰে। তেওঁ কয় যে, গোলকীয় সংঘৰ্ষৰ সময়ত ভাৰতৰ তীৰ্থাংকৰ সকলৰ শিকনিসমূহ অধিক প্ৰাসংগিক হৈ পৰিছে। ভগৱান মহাবীৰৰ প্ৰতি যুৱ প্ৰজন্মৰ আকৰ্ষণে দেশ সঠিক দিশত আগুৱাৰ নিশ্চয়তা ...

April 21, 2024 12:06 PM

views 55

বিধি বলৱৎকাৰী সঞ্চালকালয় আৰু চিবিআইৰ দৰে কেন্দ্ৰীয় সংস্থাসমূহক স্বতন্ত্রভাৱে কাম কৰিবলৈ দিব লাগে আৰু চৰকাৰ তথা ৰাজনীতিকসকলে এনে সংস্থাসমূহৰ কাম-কাজত হস্তক্ষেপ কৰিব নালাগেঃ প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদী

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কৈছে যে, বিধি বলৱৎকাৰী সঞ্চালকালয় আৰু চিবিআইৰ দৰে কেন্দ্ৰীয় সংস্থাসমূহক স্বতন্ত্রভাৱে কাম কৰিবলৈ দিব লাগে আৰু চৰকাৰ তথা ৰাজনীতিকসকলে এনে সংস্থাসমূহৰ কাম-কাজত হস্তক্ষেপ কৰিব নালাগে। এটা ব্যক্তিগত টিভি চেনেলৰ সৈতে হোৱা সাক্ষাৎকাৰৰ সময়ত কেন্দ্ৰীয় সংস্থাসমূহৰ অপপ্ৰয়োগৰ অভিযোগ সন্দৰ্ভত সোধা এটা প্ৰশ্নৰ উত্তৰত প্রধানমন্ত্ৰীগৰাকীয়ে কালি এইদৰে প্ৰকাশ কৰে। শ্ৰী মোদীয়ে কয় যে, সংস্থাসমূহে নিজৰ কাম কৰি আছে আৰু এগৰাকী প্ৰধানমন্ত্ৰী হিচাপে তেওঁৰো বিধি বলৱৎকাৰী সঞ্চালকালয...

April 20, 2024 8:16 PM

views 46

মহাৰাষ্ট্ৰৰ পৰৰ্ভণীত প্ৰধানমন্ত্ৰীৰ নির্বাচনী সভা

বিজেপিৰ জ্যেষ্ঠ নেতা তথা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি বিয়লি মহাৰাষ্ট্ৰৰ পৰৰ্ভণীত এখন নির্বাচনী সভা সম্বোধন কৰে। শ্ৰীমোদীয়ে তেওঁৰ ভাষণত সবকা সাথ-সবকা বিকাশ মন্ত্ৰৰে সৰ্বাত্মক উন্নয়নৰ প্ৰতি এন ডি এ চৰকাৰৰ প্ৰতিশ্ৰুতিৱদ্ধতাত জোৰ দিয়ে। তেওঁ সীমান্তৰে চলা সন্ত্ৰাসবাদৰ অৱসানৰ লগতে ভৱিষ্যতৰ প্ৰগতিৰো প্ৰতিশ্ৰুতি প্ৰদান কৰে। চৰকাৰে দৰিদ্ৰতা দূৰীকৰণৰ বাবে সক্রিয়ভাৱে কাম কৰি আছে আৰু ৰেচনৰ উচিত বিতৰণ সুনিশ্চিত কৰিছে বুলি শ্রীমোদীয়ে জনসাধাৰণক আশ্বাস প্ৰদান কৰে। শ্ৰীমোদীয়ে তৃতীয়টো কাৰ্য্যকালৰ বা...

April 20, 2024 7:09 PM

views 62

লোকসভা নিৰ্বাচনৰ প্ৰথম পৰ্যায়ত ভোটদাতাৰ সঁহাৰিত প্ৰধানমন্ত্ৰীৰ সন্তুষ্টি প্ৰকাশ

বিজেপিৰ জ্যেষ্ঠ নেতা তথা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে লোকসভা নিৰ্বাচনৰ প্ৰথম পৰ্যায়ত ভোটদাতাৰ সঁহাৰিত সন্তুষ্টি প্ৰকাশ কৰিছে। মহাৰাষ্ট্ৰৰ নান্দেডত আজি এখন নির্বাচনী সভাত অংশগ্ৰহণ কৰি শ্ৰী মোদীয়ে ভোটদানৰ এই ধাৰা পৰৱৰ্তী পৰ্যায়কেইটাতো অব্যাহত ৰাখিবলৈ আহ্বান জনায়। তেওঁ গণতন্ত্ৰৰ বাবে শাসকীয় দল আৰু বিৰোধী দলসমূহে অক্লান্তভাৱে কাম কৰি যোৱাত গুৰুত্ব দিয়ে। জনসভাত দিয়া ভাষণত শ্ৰী মোদীয়ে এন ডি এ চৰকাৰৰ বিভিন্ন সাফল্যৰ খতিয়ান দিয়ে। এই ক্ষেত্ৰত তেওঁ মহিলাৰ বাবে অনাময় ব্যৱস্থা, দৰিদ্ৰ লোকৰ বাবে...

April 20, 2024 12:35 PM

লোকসভা নিৰ্বাচনৰ প্ৰথম পৰ্যায়ৰ প্ৰতি জনসাধাৰণৰ বিপুল সঁহাৰিঃ প্ৰধানমন্ত্ৰী মোদী

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কৈছে যে লোকসভা নিৰ্বাচনৰ প্ৰথম পৰ্যায়ৰ প্ৰতি জনসাধাৰণৰ বিপুল সঁহাৰি পৰিলক্ষিত হৈছে। শ্ৰী মোদীয়ে সামাজিক মাধ্যমযোগে প্রথম পৰ্যায়ত ভোটদান কৰা প্ৰতিগৰাকী লোকক ধন্যবাদ জ্ঞাপন কৰিছে।

April 17, 2024 6:36 PM

views 70

সমগ্র দেশে এখন ৰাষ্ট্ৰ, এটা নিৰ্বাচনৰ প্ৰয়োজনীয়তা অনুভৱ কৰিছে বুলি এটা সাক্ষাৎকাৰত প্ৰকাশ প্ৰধানমন্ত্ৰীৰ

প্রধানমন্ত্রী তথা বিজেপিৰ জ্যেষ্ঠ নেতা নৰেন্দ্ৰ মোদীয়ে কয় যে সমগ্র দেশে এখন ৰাষ্ট্ৰ, এটা নিৰ্বাচনৰ প্ৰয়োজনীয়তা অনুভৱ কৰিছে। হিন্দী দৈনিক কাকত এখনক দিয়া এটা সাক্ষাৎকাৰত শ্ৰী মোদীয়ে কয় যে এখন ৰাষ্ট্ৰ এটা নির্বাচনৰ উচ্চস্তৰীয় সমিতিখনে ইতিবাচক পৰামৰ্শ লাভ কৰিছে। তেওঁ লগতে কয় যে এই ব্যৱস্থা কাৰ্যকৰী হ'লে দেশ বহুমাত্ৰিকভাৱে লাভৱান হ'ব৷ কাকতখনে সোধা প্ৰশ্নৰ উত্তৰত মোদীয়ে কয় যে ভাৰতক বিশ্বৰ প্ৰতিটো উদীয়মান খণ্ডৰ বাবে গোলকীয় কেন্দ্ৰ হিচাপে গঢ়ি তোলাটো তেওঁৰ দলৰ সংকল্প। তেওঁ কয় যে তেওঁলোকে স...