February 10, 2025 7:30 PM

views 64

চীনদেশে তিব্বতত ব্ৰহ্মপুত্ৰত নিৰ্মাণ কৰিবলৈ লোৱা বিশ্বৰ সৰ্ববৃহৎ নদীবান্ধ সম্পৰ্কত সাংসদ দিলীপ শ‍ইকীয়াৰ উদ্বেগ প্রকাশ

দৰং-ওদালগুৰিৰ সাংসদ দিলীপ শ‍ইকীয়াই চীনদেশে তিববতত ব্ৰহ্মপুত্ৰৰ ওপৰত নিৰ্মাণ কৰিবলৈ লোৱা বিশ্বৰ সৰ্ববৃহৎ নদীবান্ধ সম্পৰ্কত গভীৰ উদ্বেগ প্রকাশ কৰিছে। আজি লোকসভাত এটা দৃষ্টি আকৰ্ষণকাৰী প্ৰসংগ উত্থাপন কৰি সাংসদ শ‍ইকীয়াই এই বান্ধ নিৰ্মাণ হ'লে অসম, অৰুণাচল প্ৰদেশ আৰু বাংলাদেশৰ পাৰিপাশ্বিকতাৰ ওপৰত বিৰূপ প্রভাব পৰিব বুলি আশংকা প্ৰকাশ কৰে। তেওঁ কয়, যে দক্ষিণ এছিয়াৰ এই অঞ্চলটো ভূমিকম্প আৰু বানপানীকে ধৰি অতিশয় দুর্যোগপ্রবন অঞ্চল। এই বান্ধৰ লগতে চীনে বৃহৎ আকাৰৰ জলাধাৰ নিৰ্মাণৰো প্ৰস্তাৱ কৰিছে বুলি তেওঁ...

February 10, 2025 6:55 PM

views 56

দেশত খাদ্য সুৰক্ষা আইনখন অধিক কার্যকৰীভাৱে ৰূপায়ণ কৰিবলৈ ছোনিয়া গান্ধীৰ আহ্বান

কংগ্ৰেছৰ জ্যেষ্ঠ নেত্ৰী ছোনিয়া গান্ধীয়ে দেশত খাদ্য সুৰক্ষা আইনখন অধিক কার্যকৰীভাৱে ৰূপায়ণ কৰাৰ বাবে আহ্বান জনাইছে। আজি ৰাজ্যসভাৰ অধিবেশনৰ শূণ্য কালত বিষয়টো উত্থাপন কৰি ৰাষ্ট্ৰজোৰা লোকপিয়লত বিলম্ব হোৱাৰ ফলত খাদ্য সুৰক্ষা লাভৰ পৰা প্ৰায় ১৪ কোটি যোগ্য ব্যক্তি বঞ্চিত হোৱা বুলি তেওঁ অভিযোগ কৰে। লোকপিয়ল যথাসম্ভৱ শীঘ্ৰেই সম্পন্ন কৰিবলৈকো তেওঁ দাবী জনায়। নেত্ৰীগৰাকীয়ে লগতে খাদ্য সুৰক্ষা অগ্ৰাধিকাৰৰ বিষয় নহয়, বৰঞ্চ এয়া নাগৰিকসকলৰ মৌলিক অধিকাৰ বুলি মত প্ৰকাশ কৰে।

February 10, 2025 6:52 PM

views 67

দেশৰ সংসদ আৰু বিভিন্ন ৰাজ্যৰ বিধানসভাত জনপ্রতিনিধিসকলৰ অংশগ্ৰহণৰ হাৰ আৰু বৈঠকৰ সংখ্যা হ্ৰাস পোৱা বিষয়ক লৈ লোকসভাৰ অধ্যক্ষj উদ্বেগ প্রকাশ

লোকসভাৰ অধ্যক্ষ ওম বিৰলাই দেশৰ সংসদ আৰু বিভিন্ন ৰাজ্যৰ বিধানসভাত জনপ্রতিনিধিসকলৰ অংশগ্ৰহণৰ হাৰ আৰু বৈঠকৰ সংখ্যা হ্ৰাস পোৱাৰ বিষয়টোক লৈ উদ্বেগ প্রকাশ কৰিছে। নতুন দিল্লীত আজি পঞ্চদশ মহাৰাষ্ট্ৰ বিধানসভাৰ নৱনিৰ্বাচিত বিধায়কসকলক লৈ আয়োজিত এটা অনুষ্ঠানত ভাষণ দি তেওঁ কয় যে সদনৰ কাম-কাজ পৰিকল্পিতভাৱে ব্যাহত কৰাটোৱে সংসদীয় গণতন্ত্ৰৰ বাবে অশুভ ইংগিত বহন কৰে। নৱনিৰ্বাচিত বিধায়কসকলক সংবিধানৰ প্ৰস্তাৱনা পাঠ কৰোৱা এই অনুষ্ঠানত লোকসভাৰ অধ্যক্ষগৰাকীয়ে মহাৰাষ্ট্ৰ বিধানসভাৰ গঠনমূলক কাম-কাজৰ শলাগ লয়।

February 10, 2025 6:10 PM

views 60

গ্রাম্য স্বচ্ছ ভাৰত অভিযানৰ অধীনত ১২ কোটিৰো অধিক শৌচাগাৰ নিৰ্মাণৰ ফলত ৩ লাখৰো অধিক শিশুৰ জীৱন ৰক্ষা পৰিছেঃ কেন্দ্ৰীয় মন্ত্রী চি আৰ পাৰ্টিল

কেন্দ্রীয় জল শক্তি মন্ত্রী চি আৰ পাৰ্টিলে আজি কয় যে গ্রাম্য স্বচ্ছ ভাৰত অভিযানৰ অধীনত ১২ কোটিৰো অধিক শৌচাগাৰ নিৰ্মাণৰ ফলত ৩ লাখৰো অধিক শিশুৰ জীৱন ৰক্ষা পৰিছে। ৰাজ্যসভাৰ শূণ্য কালত এটা পৰিপূৰক প্ৰশ্নৰ উত্তৰত মন্ত্ৰীগৰাকীয়ে কয় যে এই অভিযানৰ অধীনত ৰূপায়ণ কৰা সজাগতামূলক কাৰ্যসূচীসমূহৰ ফলত শৌচাগাৰ ব্যৱহাৰকে ধৰি অন্যান্য স্বাস্থ্যসন্মত দিশত শিশুসকলৰ মাজত বহুতো ব্যৱহাৰিক পৰিৱৰ্তন পৰিলক্ষিত হৈছে। বিশ্ব স্বাস্থ্য সংস্থাৰ এখন প্ৰতিবেদনৰ উদ্ধৃতি দি মন্ত্ৰীগৰাকীয়ে কয় যে ইয়াৰ ফলত ৩ লাখ শিশুৰ জীৱন সুৰ...

February 7, 2025 5:40 PM

views 50

শ্ৰীলংকাৰ কৰ্তৃপক্ষই তামিলনাডুৰ মাছমৰীয়াসকলক কৰায়ত্ত কৰি ৰখাৰ বিষয়ক লৈ প্ৰতিবাদ বিৰোধী সাংসদৰ

লোকসভাত আজি ভালেমান বিৰোধী সাংসদে শ্ৰীলংকাৰ কৰ্তৃপক্ষই তামিলনাডুৰ মাছমৰীয়াসকলক কৰায়ত্ত কৰি ৰখাৰ বিষয়টোক লৈ প্ৰতিবাদ সাব্যস্ত কৰে। ডি এম কেৰ সাংসদ দয়ানিধী মৰাণ, কানিমুঝী আৰু এ ৰাজা, কংগ্ৰেছ সাংসদ হিবিয়াডেন, আৰ জে ডিৰ সাংসদ মনোজ ঝা, চিপি আই এমৰ পি সন্তোস আদিয়ে প্ৰতিবাদ সাব্যস্ত কৰে। সংবাদ মাধ্যমৰ সৈতে হোৱা কথা-বতৰাত কানিমুঝীয়ে কয় যে প্রায় ৯৭ গৰাকী মাছমৰীয়াক শ্ৰীলংকাৰ কৰ্তৃপক্ষই গ্ৰেপ্তাৰ কৰি ৰাখিছে আৰু তেওঁলোকক ভাৰতলৈ ওভতাই অনা উচিত। পাছত তেওঁ সদনৰ শূন্য কালতো এই বিষয়টো উত্থাপন কৰে।

February 7, 2025 5:02 PM

views 46

লোকসভাত ২০২৫-২৬ বৰ্ষৰ সাধাৰণ বাজেট সন্দৰ্ভত আলোচনা অনুষ্ঠিত

লোকসভাত আজি ২০২৫-২৬ বৰ্ষৰ সাধাৰণ বাজেট সন্দৰ্ভত আলোচনা অনুষ্ঠিত হৈছে। আলোচনা আৰম্ভ কৰি কংগ্ৰেছৰ সাংসদ ধৰ্মবীৰ গান্ধীয়ে দেশে সন্মুখীন হোৱা কৃষি প্ৰত্যাহ্বানসমূহ উত্থাপন কৰাত কেন্দ্ৰীয় বাজেট নিষ্ফল হৈছে বুলি অভিযোগ কৰে। তেওঁ লগতে কৃষকৰ আত্মহননৰ বিষয়টো সদনত উত্থাপন কৰে। শ্ৰী গান্ধীয়ে কয় যে চৰকাৰে ক্ষুদ্ৰ, লঘু আৰু মজলীয়া উদ্যোগ খণ্ডক গুৰুত্ব দিয়া নাই আৰু বাজেটতো এই বিষয়ত বিশেষ গুৰুত্ব আৰোপ কৰা হোৱা নাই৷ দেশত দিনে দিনে গুণগত শিক্ষা অধিক ব্যয়বহুল হৈ পৰিছে বুলি উল্লেখ কৰি শ্ৰী গান্ধীয়ে কয় যে...

January 30, 2025 3:36 PM

views 48

কাইলৈ সংসদৰ বাজেট অধিবেশন

সংসদৰ বাজেট অধিবেশন কাইলৈ আৰম্ভ হ'ব। এই অধিবেশনৰ পূৰ্বে আকাশবাণী বাতৰি সেৱা বিভাগে আজি সংসদ কে সমক্ষ মুড্ডে আৰু ইছ্যুজ বিফ'ৰ পাৰ্লিয়ামেণ্ট শীর্ষক এটা বিশেষ আলোচনাৰ অনুষ্ঠান প্ৰচাৰ কৰিব। সংসদ কে সমক্ষ মুড্ডে শীর্ষক হিন্দী ভাষাৰ অনুষ্ঠানটি আকাশবাণী গোল্ডৰ ১০০.১ মেগাহার্টজ আৰু অতিৰিক্ত ফ্ৰিকুৱেন্সিসমূহত নিশা ৯.৩০ বজাত শুনিবলৈ পোৱা যাব। ইংৰাজী ভাষাত আনটো অনুষ্ঠান একে সময়তে আকাশবাণী ৰেইনব’ৰ ১০২.৬ মেগাহার্টজ আৰু অতিৰিক্ত ফ্ৰিকুৱেন্সিসমূহত শুনিবলৈ পোৱা যাব। অনুষ্ঠান দুটা আকাশবাণীৰ ইউটিউব চেনেল নিউজ অ...

January 30, 2025 3:34 PM

views 48

সংসদৰ বাজেট অধিবেশনৰ পূৰ্বে নতুন দিল্লীত সর্বদলীয় বৈঠক অনুষ্ঠিত

সংসদৰ বাজেট অধিবেশনৰ পূৰ্বে নতুন দিল্লীত আজি এখন সর্বদলীয় বৈঠক অনুষ্ঠিত হৈছে। প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং, স্বাস্থ্য মন্ত্রী জে পি নাড্ডা, সংসদীয় পৰিক্ৰমা মন্ত্ৰী কিৰেণ ৰিজিজু, কংগ্ৰেছ সাংসদ জয়ৰাম ৰমেশ আৰু গৌৰৱ গগৈ, তৃণমূল কংগ্ৰেছৰ সাংসদ সুদীপ বন্দোপধ্যায়, সমাজবাদী পাৰ্টীৰ সাংসদ ৰাম গোপাল যাদৱ, বিজেপিৰ সাংসদ সস্মিত পাত্ৰ আৰু ডি এম কে সাংসদ টি আৰ বালুৰ লগতে অন্য বহুকেইগৰাকী সাংসদে এই বৈঠকত অংশ লৈছে। বৈঠকত সংসদৰ অধিবেশনৰ সকলো কাৰ্যসূচী সুলকমে চলাই নিবলৈ চৰকাৰে আটাইবোৰ দলৰে সহযোগিতা আশা কৰিছে...

December 19, 2024 8:41 PM

views 58

ভালেমান দেশতকৈ ভাৰতৰ বিমান ভাড়াৰ পৰিমাণ কমঃ মুৰুলীধৰ মহল

অসামৰিক বিমান পৰিবহন দপ্তৰৰ ৰাজ্য মন্ত্ৰী মুৰুলীধৰ মহলে কয়, যে ভালেমান দেশতকৈ ভাৰতৰ বিমান ভাড়াৰ পৰিমাণ কম। লোকসভাত আজি এটা লিখিত উত্তৰত শ্ৰী মহলে কয়, যে অসামৰিক বিমান পৰিবহন সঞ্চালকালয়ে বিমান ভাড়া নিৰীক্ষণ গোট স্থাপন কৰিছে আৰু এই গোটে বিভিন্ন দেশৰ বিমান ভাড়া নিৰীক্ষণ কৰিছে। মন্ত্ৰীগৰাকীয়ে কয়, যে ২০২৩ বৰ্ষৰ তুলনাত চলিত বৰ্ষত এই ভাড়াৰ পৰিমাণ হ্ৰাস পাইছে। তেওঁ দাবী কৰে যে, প্রতি কিলোমিটাৰ হিচাপত ভাৰতীয় বিমান পৰিবহন সংস্থাসমূহে নিৰ্ধাৰণ কৰা ভাড়া বিশ্বৰ আন বিমান পৰিবহন সংস্থাৰ ভাড়াতকৈ কম।...

December 19, 2024 4:12 PM

views 53

কংগ্ৰেছ দলে ড০ বি আৰ আম্বেদকাৰক অপমান কৰাৰ অভিযোগ উত্থাপন কৰি বিজেপি সাংসদসকলৰ সংসদৰ বাহিৰত প্ৰতিবাদ সাব্যস্ত

কংগ্ৰেছ দলে ড০ বি আৰ আম্বেদকাৰক অপমান কৰাৰ অভিযোগ উত্থাপন কৰি আজি বিজেপি সাংসদসকলে সংসদৰ বাহিৰত প্ৰতিবাদ সাব্যস্ত কৰে। দলৰ সদস্যসকলে প্লেকার্ড লৈ বিৰোধীৰ বিৰুদ্ধে শ্লোগান দিয়ে। সংবাদ মাধ্যমৰ সৈতে হোৱা কথা-বতৰাত প্রাক্তন কেন্দ্ৰীয় মন্ত্ৰী অনুৰাগ সিং ঠাকুৰে নেহৰু-গান্ধী পৰিয়ালে সদায় ডাঃ আম্বেদকাৰৰ প্রতি অসন্মান প্রদর্শন কৰি আহিছে বুলি অভিযোগ তোলে। জৱাহৰ লাল নেহৰুৱে নিজেই ড০ আম্বেদকাৰৰ বিৰুদ্ধে ষড়যন্ত্ৰ কৰি তেওঁক নিৰ্বাচনত পৰাস্ত কৰাৰ লগতে ৰাজনীতি ত্যাগ কৰিবলৈ বাধ্য কৰা বুলিও শ্রী ঠাকুৰে অভিযো...