April 2, 2025 9:27 PM

views 48

সংসদে আপ্ৰৱাসন আৰু বিদেশী আইন ২০২৫ গ্ৰহণ কৰিছে

সংসদে আপ্ৰৱাসন আৰু বিদেশী আইন ২০২৫ গ্ৰহণ কৰিছে। ৰাজ্যসভাই আজি বিধেয়কখনত অনুমোদন জনায়। লোকসভাত বিধেয়কখন ইতিপূর্বে গৃহীত হৈছে। এই বিধেয়কখনৰ জৰিয়তে দেশত বিদেশীৰ আপ্ৰৱাসন, প্ৰবেশ আৰু বাস নিয়ন্ত্ৰণ কৰিব বিচৰা হৈছে আৰু আপ্ৰৱাসন আইনসমূহৰ আধুনিকীকৰণেই বিধেয়কখনৰ মূল উদ্দেশ্য।

April 2, 2025 9:23 PM

views 90

ডেৰ বছৰৰ ভিতৰত সকলো ৰে’ল ষ্টেচনতে পৰ্যাপ্ত সংখ্যাত চিচি টিভি কেমেৰা স্থাপন কৰা হ’বঃ অশ্বিনী বৈষ্ণৱ

ডেৰ বছৰৰ ভিতৰত সকলো ৰে'ল ষ্টেচনতে পৰ্যাপ্ত সংখ্যাত চিচি টিভি কেমেৰা স্থাপন কৰা হ'ব বুলি ৰে'ল মন্ত্ৰী অশ্বিনী বৈষ্ণৱে প্ৰকাশ কৰিছে। লোকসভাত আজি প্রশ্নোত্তৰ কালত সোধা এটা পৰিপূৰক প্ৰশ্নৰ উত্তৰত শ্ৰীবৈষ্ণৱে কয় যে দেশৰ বিভিন্ন প্ৰান্তত ৰে'ল ষ্টেচনত চিচি টিভি কেমেৰা স্থাপনৰ কাম চলি আছে। মহিলাসকলৰ নিৰাপত্তা সন্দৰ্ভত মন্ত্ৰীগৰাকীয়ে কয় যে ভাৰতীয় ৰে'লৱেই মহিলাসকলৰ সুৰক্ষাৰ বাবে ভালেমান পদক্ষেপ লৈছে। তেওঁ কয় যে প্ৰতিটো সংমণ্ডল, মণ্ডল আৰু ৰে'ল পৰিষদত কেন্দ্ৰীয় কক্ষ স্থাপন কৰা হৈছে আৰু এই কক্ষৰ জৰিয়ত...

April 2, 2025 8:17 PM

views 69

লোকসভাত ৱাক্‌ফ সংশোধনী বিধেয়ক ২০২৫ সম্পর্কে আলোচনা অব্যহত

লোকসভাত ৱাক্‌ফ সংশোধনী বিধেয়ক ২০২৫ সম্পর্কে আলোচনা চলি আছে। ২০২৪ চনৰ ৮ আগষ্টত ৱাক্‌ফ সংশোধনী বিধেয়ক আৰু মুছলমান ৱাক্‌ফ বাতিলকৰণ বিধেয়ক ২০২৪ উত্থাপন কৰাৰ পাছত ইয়াক জগদম্বিকা পাল নেতৃত্বাধীন যুটীয়া সংসদীয় সমিতিলৈ প্ৰেৰণ কৰা হৈছিল। যুটীয়া সংসদীয় সমিতিয়ে দাখিল কৰা ইয়াৰ প্ৰতিবেদন যোৱা ১৩ ফেব্ৰুৱাৰীত লোকসভা আৰু ৰাজ্যসভাত দাখিল কৰা হৈছিল। কেন্দ্ৰীয় সংখ্যালঘু পৰিক্ৰমা মন্ত্ৰী কিৰেণ ৰিজিজুৱে আজি বিধেয়কখন উত্থাপন কৰি কয় যে মুছলমান সকলৰ ধৰ্মীয় প্ৰথাৰ সৈতে বিধেয়কখনৰ কোনো সম্পৰ্ক নাই আৰু ৱফ পৰ...

April 2, 2025 6:25 PM

views 69

মুছলমান সম্প্ৰদায়ৰ কোটি কোটি লোকেই নহয় বৰং সমগ্ৰ ৰাষ্ট্ৰই বিধেয়কখনৰ প্ৰতি বিধেয়কখনৰ প্ৰতি সমর্থন আগবঢ়াইছেঃ ৰিজিজু

সংসদীয় পৰিক্ৰমা মন্ত্ৰী কিৰেণ ৰিজিজুৱে ৱাক্‌ফ সংশোধনী বিধেয়কখন ৰাষ্ট্ৰৰ স্বাৰ্থৰ অনুকুল বুলি অভিহিত কৰিছে। নতুন দিল্লীত আজি সাংবাদিকৰ সৈতে হোৱা কথা বতৰাত মন্ত্ৰীগৰাকীয়ে কয়, যে মুছলমান সম্প্ৰদায়ৰ কোটি কোটি লোকেই নহয় বৰং সমগ্ৰ ৰাষ্ট্ৰই বিধেয়কখনৰ প্ৰতি বিধেয়কখনৰ প্ৰতি সমর্থন আগবঢ়াইছে। বিধেয়কখনত বিৰোধিতা কৰাসকলক সমালোচনা কৰি শ্ৰীৰিজিজুৱে কয় যে তেওঁলোকে একমাত্র ৰাজনৈতিক কাৰণতহে এনে কৰিছে। একেধৰণৰ মত প্ৰকাশ কৰি সামাজিক ন্যায় ৰাজ্যমন্ত্রী বি এল বার্মাই কয়, যে বিধেয়কখন মুছলমান সকলৰ স্বাৰ্থৰ...

March 20, 2025 3:14 PM

views 56

হুলস্থূলীয়া পৰিস্থিতিৰ বাবে সংসদৰ উভয় সদনৰ কাৰ্যক্ৰমণিকা দিনটোৰ বাবে স্থগিত

লোকসভা আৰু বিধানসভাৰ প্ৰস্তাৱিত সমষ্টি পুনৰনিৰ্ধাৰণ বিষয়ক লৈ ডি এম কেকে ধৰি বিৰোধী পক্ষৰ সাংসদসকলে সৃষ্টি কৰা হুলস্থূলীয়া পৰিস্থিতিৰ বাবে আজি সংসদৰ উভয় সদনৰ কাৰ্যক্ৰমণিকা দিনৰ ২ বজালৈ স্থগিত ৰখা হয়। লোকসভাত দিনৰ ১২ বজাত সদন পুনৰ মিলিত হোৱাৰ সময়ত ডি এম কেৰ সাংসদসকলক প্ৰস্তাৱিত সমষ্টি পুনৰনিৰ্ধাৰণৰ প্ৰতিবাদৰ সময়ত টি চাৰ্ট পৰিধান কৰি অহা পৰিলক্ষিত হয়। সদনৰ সভাপতিয়ে প্ৰতিবাদৰত সদস্যসকলে এনে পোছাক পৰিধান কৰাৰ বিৰোধিতা কৰে। ডি এম কে আৰু কংগ্ৰেছৰ একাংশ সাংসদে পুনৰ হুলস্থূলীয়া পৰিস্থিতিৰ সৃষ্টি...

March 18, 2025 6:48 PM

views 77

ক’ভিডৰ সময়ছোৱাত প্ৰত্যাহাৰ কৰা ৰে’ল ষ্টেচনসমূহত পুনৰ ৰে’ল ৰখোৱাৰ ব্যৱস্থা কৰিবলৈ ৰে’ল বিভাগক আহ্বান সাংসদ দিলীপ শ‍ইকীয়াৰ

অসম প্ৰদেশ বিজেপিৰ সভাপতি তথা সাংসদ দিলীপ শ‍ইকীয়াই ক’ভিডৰ সময়ছোৱাত প্ৰত্যাহাৰ কৰা ৰে’ল ষ্টেচনসমূহত পুনৰ ৰে’লগাড়ী ৰখোৱাৰ ব্যৱস্থা কৰিবলৈ আহ্বান জনাইছে। লোকসভাত ৰে'ল মন্ত্ৰণালয় সম্পৰ্কত হোৱা বিতৰ্কত অংশগ্ৰহণ কৰি শ‍ইকীয়াই কয়, যে খৈৰাবাৰী, গোৰেশ্বৰ, টংলা, ওদালগুৰি আৰু ডেকাৰগাঁও আদি ষ্টেচনত পূৰ্বে ৰখোৱা ভালেকেইখন ৰে’লগাড়ী ক’ভিড কালত এই ষ্টেচনসমূহত নৰখোৱাৰ সিদ্ধান্ত লোৱা হৈছিল। ৰে’লযাত্ৰীসকলৰ আহ্বানৰ প্ৰতি সঁহাৰি জনাই এইসমূহ ষ্টেচনত পুনৰ ৰে’লগাড়ী ৰখোৱাৰ ব্যৱস্থা কৰিব লাগে বুলি তেওঁ মত প্ৰকাশ ক...

March 11, 2025 5:59 PM

views 40

ৰাষ্ট্ৰীয় শিক্ষা নীতি আৰু ত্ৰিভাষা নীতিক লৈ ডি এম কেৰ সাংসদসকলৰ সংসদভৱনৰ বাহিৰত প্ৰতিবাদ সাব্যস্ত

ৰাষ্ট্ৰীয় শিক্ষা নীতি আৰু ত্ৰিভাষা নীতিক লৈ ডি এম কেৰ সাংসদসকলে আজি সংসদভৱনৰ বাহিৰত প্ৰতিবাদ সাব্যস্ত কৰে। দলটোৰ সাংসদ কানিমোঝিয়ে সংবাদ মাধ্যমৰ আগত তামিলনাডুৰ বাবে শিক্ষা পুঁজি মুকলি কৰি দিবলৈ কেন্দ্ৰীয় চৰকাৰক দাবী জনায়। তেওঁ লগতে শিক্ষা মন্ত্রী ধর্মেন্দ্র প্রধানে কালি লোকসভাত তামিলনাডু চৰকাৰক লৈ কৰা আপত্তিজনক মন্তব্যৰ বাবে ক্ষমা খোজাৰো দাবী জনায়। কেৰালাৰ ইউ ডি এফৰ সাংসদসকলেও আজি সংসদভৱনৰ বাহিৰত আশাকৰ্মীসকলৰ সমৰ্থনত প্ৰতিবাদ সাব্যস্ত কৰে। সংবাদমাধ্যমৰ সৈতে হোৱা কথাবতৰাত কংগ্ৰেছ সাংসদ কে বি ...

February 12, 2025 10:46 AM

views 59

সংসদৰ কাৰ্য বিৱৰণী বড়ো ভাষাতো অনুদিত ৰূপত শুনাৰ সুবিধা প্ৰদান কৰা হ’ব

সংসদৰ কাৰ্য বিৱৰণী এতিয়াৰে পৰা বড়ো ভাষাতো অনুদিত ৰূপত শুনাৰ সুবিধা প্ৰদান কৰা হ'ব। লোকসভাৰ অধ্যক্ষ ওম বিৰলাই কালি সংসদৰ কাৰ্যক্ৰমণিকা বড়ো, মণিপুৰী, সংস্কৃত, ডোগৰী, মৈথেলী আৰু উৰ্দুলৈ ভাষান্তৰ সেৱাৰ সম্প্ৰসাৰণৰ কথা ঘোষণা কৰে। শ্ৰীবিৰলাই কয়, যে বৰ্তমান হিন্দী আৰু ইংৰাজীৰ উপৰি অসমীয়া, বাংলা, গুজৰাটী, কানাড়া, মালায়ালম, মাৰাঠী, ওড়িয়া, পাঞ্জাৱী, তামিল আৰু তেলেগু ভাষাত অনুবাদৰ ব্যৱস্থা আছে। এতিয়াৰে পৰা বড়োসহ ছটা ভাষালৈও সংসদৰ কাৰ্যক্ৰম অনুবাদ কৰা হ'ব। ইয়াৰ উপৰি মানৱ সম্পদ উপলব্ধ হ'লে অতিৰিক...

February 10, 2025 8:24 PM

views 57

চৰকাৰৰ কাৰ্যকালত দেশৰ মুঠ ঘৰুৱা উৎপাদনত নির্মাণখণ্ডৰ অংশৰ পৰিমাণ হ্ৰাস পাইছেঃ পি চিদাম্বৰম

ৰাজ্যসভাতো আজি ২০২৫-২৬ বিত্তীয় বৰ্ষৰ সাধাৰণ বাজেটৰ ওপৰত আলোচনা অব্যাহত আছে। আলোচনা আৰম্ভ কৰি কংগ্ৰেছৰ নেতা পি চিদাম্বৰমে কয় যে এই চৰকাৰৰ কাৰ্যকালত দেশৰ মুঠ ঘৰুৱা উৎপাদনত নির্মাণখণ্ডৰ অংশৰ পৰিমাণ হ্ৰাস পাইছে। ২০২৫ বৰ্ষৰ অৰ্থনৈতিক সমীক্ষাৰ উদ্ধৃতি দি শ্ৰীচিদাম্বৰমে কয়, যে ২০১৪ চনত নিৰ্মাণ খণ্ডৰ অংশ ১৫ দশমিক ০-৭ শতাংশ আছিল, যি ২০১৯ চনত ১৩.৪৬ আৰু ২০২৩ চনত ১২.৯৩ শতাংশলৈ অৱনমিত হ'ল। তেওঁ লগতে উৎপাদন সম্পর্কীত উদগণি আৰু নিৰ্মাণখণ্ড এই দুয়োটা দিশতে চৰকাৰ বিফল হোৱা বুলি অভিযোগ উত্থাপন কৰে। শ্ৰীচিদাম্...

February 10, 2025 8:21 PM

views 57

দেশৰ প্ৰতিৰক্ষা বাজেট ২০১৩-১৪ বৰ্ষৰ ২ লাখ কোটি টকাৰ বিপৰীতে বর্তমান ৬ লাখ ৮১ হাজাৰ কোটি টকালৈ বৃদ্ধি

লোকসভাত আজি ২০২৫–২৬ বিত্তীয় বৰ্ষৰ সাধাৰণ বাজেটৰ সন্দৰ্ভত আলোচনা কৰা হয়। ডি এম কেৰ সাংসদ দয়ানিধি মৰাণে বর্তমান বাজেটখন সম্পূৰ্ণৰূপে পুঁজিপতিৰ পক্ষত থকা বুলি অভিযোগ কৰি কয়, যে চৰকাৰে মুদ্রাস্ফীতি, নিবনুৱা সমস্যাকে ধৰি জনসাধাৰণৰ প্ৰকৃত সমস্যাসমূহ সমাধান কৰাত বিফল হৈছে। তেওঁ ভাৰতৰ অৰ্থনীতি মন্থৰ হৈছে বুলি অভিযোগ কৰি কয়, যে দেশত বিগত বৰ্ষত মুঠ ঘৰুৱা উৎপাদন ৬.৪ শতাংশ হয়। তেওঁ লগতে কয়, যে আমেৰিকান ডলাৰৰ বিপৰীতে ভাৰতৰ টকাৰ মূল্য সৰ্বনিম্ন হৈছে। কংগ্ৰেছৰ মনিষ তিৱাৰীয়ে কয়, যে চৰকাৰে বিমুদ্ৰাকৰণৰ ...