ডেৰ বছৰৰ ভিতৰত সকলো ৰে’ল ষ্টেচনতে পৰ্যাপ্ত সংখ্যাত চিচি টিভি কেমেৰা স্থাপন কৰা হ’ব বুলি ৰে’ল মন্ত্ৰী অশ্বিনী বৈষ্ণৱে প্ৰকাশ কৰিছে। লোকসভাত আজি প্রশ্নোত্তৰ কালত সোধা এটা পৰিপূৰক প্ৰশ্নৰ উত্তৰত শ্ৰীবৈষ্ণৱে কয় যে দেশৰ বিভিন্ন প্ৰান্তত ৰে’ল ষ্টেচনত চিচি টিভি কেমেৰা স্থাপনৰ কাম চলি আছে। মহিলাসকলৰ নিৰাপত্তা সন্দৰ্ভত মন্ত্ৰীগৰাকীয়ে কয় যে ভাৰতীয় ৰে’লৱেই মহিলাসকলৰ সুৰক্ষাৰ বাবে ভালেমান পদক্ষেপ লৈছে। তেওঁ কয় যে প্ৰতিটো সংমণ্ডল, মণ্ডল আৰু ৰে’ল পৰিষদত কেন্দ্ৰীয় কক্ষ স্থাপন কৰা হৈছে আৰু এই কক্ষৰ জৰিয়তে ষ্টেচনসমূহ অহৰহ নিৰীক্ষণ কৰি থকা হৈছে। ৰে’লৱেৰ সুৰক্ষা বাহিনীৰ ৯.৪ শতাংশ কৰ্মচাৰী মহিলা বুলি মন্ত্ৰীগৰাকীয়ে জানিবলৈ দিয়ে। তেওঁ কয় যে উত্তৰ পূৰ্বাঞ্চল, হিমাচল প্রদেশ, কেৰালাকে ধৰি প্ৰতিখন ৰাজ্যত বন্দে ভাৰত ৰে’ল সেৱা প্ৰৱৰ্তন কৰা হৈছে। শ্রীবৈষ্ণৱে কয় যে যোৱা ৩১ মার্চ পর্যন্ত দেশত ১৩৬খন বন্দে ভাৰত ৰে’ল চলাচল কৰি আছে।
Assamese | April 2, 2025 9:23 PM | Akashvani News | Ashwini Vaishnaw | Parliament House
ডেৰ বছৰৰ ভিতৰত সকলো ৰে’ল ষ্টেচনতে পৰ্যাপ্ত সংখ্যাত চিচি টিভি কেমেৰা স্থাপন কৰা হ’বঃ অশ্বিনী বৈষ্ণৱ