March 19, 2025 5:40 PM

views 66

লেটিন আমেৰিকাৰ সৈতে ভাৰতৰ সম্পৰ্ক ক্ৰমাৎ বৃদ্ধি পাইছেঃ পৱিত্ৰ মাৰ্ঘেৰিটা

বৈদেশিক পৰিক্ৰমা দপ্তৰৰ ৰাজ্যমন্ত্ৰী পৱিত্ৰ মাৰ্ঘেৰিটাই শক্তিশালী আৰু ন্যায়সংগত সহযোগিতা স্থাপনৰ উদ্দেশ্যে গোলকীয় সমন্বয়ৰ ক্ষেত্ৰত কেন্দ্ৰীয় ভূমিকা পালন কৰিবলৈ গ্ল’বেল ছাউথ ৰূপে পৰিচিত অৰ্থনৈতিক আৰু ঔদ্যোগিক দিশৰ পৰা তুলনামূলকভাৱে অনুন্নত ৰাষ্ট্ৰসমূহৰ প্ৰতি আহ্বান জনাইছে। নতুন দিল্লীত আজি ৰায়ছিনা আলোচনাত ভাষণ দি শ্রী মাৰ্ঘেৰিটাই লেটিন আমেৰিকা আৰু কেৰিবিয়' ৰাষ্ট্ৰসমূহকে ধৰি সম ভাৱাপন্ন সহযোগী দেশসমূহৰ সৈতে বিশেষকৈ বাণিজ্য আৰু বিনিয়োগৰ ক্ষেত্ৰত অৰ্থনৈতিক বিকাশ ত্বৰান্বিত কৰাৰ থল আছে বুলি প্...

February 26, 2025 6:49 PM

views 70

বৈদেশিক পৰিক্ৰমা ৰাজ্য মন্ত্ৰী পৱিত্ৰ মাৰ্ঘেৰিটাৰ ৯ দিনীয়া ভ্ৰমণসূচীৰে পৰহিলৈ ৰাওনা হ’ব উৰুগুৱে, বাহামাছ, বাৰবাডোছ আৰু নিকাৰাগুৱালৈ

বৈদেশিক পৰিক্ৰমা ৰাজ্য মন্ত্ৰী পৱিত্ৰ মাৰ্ঘেৰিটা উৰুগুৱে, বাহামাছ, বাৰবাডোছ আৰু নিকাৰাগুৱাৰ ৯ দিনীয়া ভ্ৰমণসূচীৰে পৰহিলৈ ৰাওনা হ’ব। উৰুগুৱে ভ্ৰমণকালত মন্ত্ৰীগৰাকীয়ে দেশখনৰ নৱ-নিৰ্বাচিত ৰাষ্ট্ৰপতি য়ামাণ্ডু অ’ৰছিৰ শপত গ্ৰহণ অনুষ্ঠানত ভাৰতক প্রতিনিধিত্ব কৰিব। বৈদেশিক পৰিক্ৰমা মন্ত্ৰ্যালয়ে প্ৰকাশ কৰা মতে এই ভ্রমণে উৰুগুৱেৰ সৈতে দ্বিপাক্ষিক সম্পর্ক সুদৃঢ় কৰিবলৈ ভাৰতৰ প্ৰতিশ্ৰুতিবদ্ধতাৰ কথাকে সুচাইছে। পৱিত্ৰ মাৰ্ঘেৰিটাৰ বাহামাছ ভ্রমণে যোৱা বছৰ নৱেম্বৰত গুয়ানাত অনুষ্ঠিত দ্বিতীয় ভাৰত-কেৰিক’ম শীৰ্ষ...

October 28, 2024 8:02 PM

views 57

মুগা, এড়ি আৰু ৰেচমপলু বীজ সংস্থা পৰিদৰ্শন কেন্দ্ৰীয় ৰাজ্য মন্ত্ৰী পৱিত্ৰ মাৰ্ঘেৰিটাৰ

কেন্দ্ৰীয় বস্ত্ৰশিল্প আৰু বহিঃপৰিক্ৰমা ৰাজ্য মন্ত্ৰী পৱিত্ৰ মাৰ্ঘেৰিটাই আজি কেন্দ্ৰীয় ৰেচম বোৰ্ডৰ অধীনৰ গুৱাহাটীত থকা মুগা, এড়ি আৰু ৰেচমপলু বীজ সংস্থা পৰিদৰ্শন কৰে। এই সংস্থাটোৰ অধীনত সমগ্ৰ উত্তৰ পূৰ্বাঞ্চল আৰু তামিলনাড়ুত থকা ১৩টা ক্ষেত্রগোটে মানসম্পন্ন মুগা আৰু এড়ি ৰেচমপলু বীজ উৎপাদনত সমর্থন আগবঢ়াই আহিছে। পৰিদৰ্শন কালত কেন্দ্ৰীয় ৰাজ্যমন্ত্ৰীগৰাকীয়ে কয় যে উত্তৰ পূৰ্বাঞ্চলত এই খণ্ডটোৱে অঞ্চলটোৰ জনজাতি মহিলাসকলক জীৱন জীৱিকাৰ সুবিধা প্ৰদান কৰি এটা সম্ভাৱনাপূর্ণ উদ্যোগ হিচাপে প্ৰতিষ্ঠা লাভ ...

October 2, 2024 8:15 PM

views 59

ড° ক্লাউডিয়া শ্বেইনবাউন পাৰ্ডাৰ শপত গ্রহণ অনুষ্ঠানত ভাৰতৰ প্ৰতিনিধি হিচাপে পবিত্ৰ মাৰ্ঘেৰিটাৰ অংশগ্ৰহণ

কেন্দ্ৰীয় বৈদেশিক পৰিক্ৰমা দপ্তৰৰ ৰাজ্য মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটাই আজি মেক্সিকোৰ নৱ-নির্বাচিত ৰাষ্ট্ৰপতি ড° ক্লাউডিয়া শ্বেইনবাউন পাৰ্ডাৰ শপত গ্রহণ অনুষ্ঠানত ভাৰতৰ প্ৰতিনিধি হিচাপে অংশগ্ৰহণ কৰে। তেওঁ নৱ-নিৰ্বাচিত ৰাষ্ট্ৰপতিগৰাকীক দেশৰ হৈ শুভেচ্ছা জ্ঞাপন কৰে। উল্লেখযোগ্য যে মেক্সিকোত বিগত ২০০ বছৰৰ ভিতৰত ৰাষ্ট্ৰপতি পদত অধিষ্ঠিত হোৱা শ্ৰীমতী ক্লাউডিয়া প্ৰথম গৰাকী মহিলা নেত্রী ।

September 28, 2024 6:15 PM

views 57

কেন্দ্ৰীয় ৰাজ্য মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটাই মেক্সিকোৰ ৰাষ্ট্ৰপতিৰ শপত গ্রহণ অনুষ্ঠানত ভাৰতৰ প্রতিনিধি হিচাপে অংশগ্রহণ কৰিব

বৈদেশিক পৰিক্ৰমা আৰু বস্ত্ৰ বিভাগৰ ৰাজ্য মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটাই পৰহিলৈৰ পৰা কৰিবলগীয়া ৯ দিনীয়া বিদেশ ভ্রমণ কাৰ্যসূচীৰ সময়ত ড° ক্লাউডিয়া শ্বেইনবামৰ মেক্সিকোৰ ৰাষ্ট্ৰপতি হিচাপে শপত গ্রহণ অনুষ্ঠানত ভাৰতৰ প্রতিনিধি হিচাপে অংশগ্রহণ কৰিব। এই উদ্দেশ্যেৰে আজি দিল্লীৰ পৰা শ্ৰী মাৰ্ঘেৰিটাই মেক্সিকো অভিমুখে ৰাওনা হ’ব। ইয়াৰ উপৰি এই ভ্ৰমণকালত মন্ত্ৰীগৰাকীয়ে মেক্সিকো, গ্রেণাডা, বার্বাডোছ আৰু এন্টিগুয়া তথা বাবুডালৈ আনুষ্ঠানিকভাৱে ভ্ৰমণ কৰিব। ৫ খন দেশলৈ শ্ৰী মাৰ্ঘেৰিটাৰ এই তাৎপৰ্যপূৰ্ণ ভ্ৰমণকালত ৰাজন...

August 29, 2024 1:30 PM

views 92

পি এফ আইৰ অংশীদাৰী দেশৰ বৈঠকত ৰাজ্য মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটাৰ অংশগ্ৰহণ

কেন্দ্ৰীয় বৈদেশিক পৰিক্ৰমা ৰাজ্য মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটাই কালি অনুষ্ঠিত প্রশান্ত মহাসাগৰীয় দ্বীপসমূহৰ গোট চমুকৈ পি এফ আইৰ অংশীদাৰী দেশসমূহৰ বৈঠকত অংশগ্ৰহণ কৰে। টংগাৰ নুকু’আলোফাত অনুষ্ঠিত হোৱা এই সভাত ভাৰতৰ লগতে দক্ষিণ কোৰিয়া, আমেৰিকা, জাপান, নৰৱে, ফ্রান্স আদিকে দৰি ২১ দেশে অংশ লয়। আলোচনাত অংশ লৈ কেন্দ্ৰীয় বৈদেশিক পৰিক্ৰমা ৰাজ্য মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটাই প্রশান্ত মহাসাগৰীয় দ্বীপ দেশসমূহৰ উন্নয়নমূলক আকাংক্ষা আৰু জলবায়ু পৰিৱৰ্তনক লৈ দেশসমূহৰ একত্ৰিত প্ৰচেষ্টা তথা প্ৰত্যাহ্বান অতিক্ৰম কৰা...