কেন্দ্ৰীয় বৈদেশিক পৰিক্ৰমা ৰাজ্য মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটাই কালি অনুষ্ঠিত প্রশান্ত মহাসাগৰীয় দ্বীপসমূহৰ গোট চমুকৈ পি এফ আইৰ অংশীদাৰী দেশসমূহৰ বৈঠকত অংশগ্ৰহণ কৰে। টংগাৰ নুকু’আলোফাত অনুষ্ঠিত হোৱা এই সভাত ভাৰতৰ লগতে দক্ষিণ কোৰিয়া, আমেৰিকা, জাপান, নৰৱে, ফ্রান্স আদিকে দৰি ২১ দেশে অংশ লয়। আলোচনাত অংশ লৈ কেন্দ্ৰীয় বৈদেশিক পৰিক্ৰমা ৰাজ্য মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটাই প্রশান্ত মহাসাগৰীয় দ্বীপ দেশসমূহৰ উন্নয়নমূলক আকাংক্ষা আৰু জলবায়ু পৰিৱৰ্তনক লৈ দেশসমূহৰ একত্ৰিত প্ৰচেষ্টা তথা প্ৰত্যাহ্বান অতিক্ৰম কৰাৰ ক্ষেত্ৰত ভাৰতৰ ভূমিকাৰ কথা উল্লেখ কৰে। মন্ত্ৰী মাৰ্ঘেৰিটাই তেওঁৰ বক্তব্যত ২০২৩ চনত অনুষ্ঠিত তৃতীয় এফ আই পি আই চি শীৰ্ষ সন্মিলনত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে উল্লেখ কৰা এক্সন প্লেনৰ ৰূপৰেখাৰ কথাও উল্লেখ কৰে। ইয়াৰ লগতে মন্ত্রী মাৰ্ঘেৰিটাই প্রশান্ত মহাসাগৰীয় দ্বীপসমূহৰ ১৪ খন দেশত কুইক ইমপেক্ট প্রজেক্ট ৰূপায়ণৰ ক্ষেত্ৰত ভাৰতৰ সহযোগিতাৰ কথা জানিবলৈ দিয়ে।
Assamese | August 29, 2024 1:30 PM | Pabitra Margherita
পি এফ আইৰ অংশীদাৰী দেশৰ বৈঠকত ৰাজ্য মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটাৰ অংশগ্ৰহণ