মালয়েছিয়াৰ কুৱালালামপুৰত আজিৰেপৰা হ’বলগীয়া মালয়েছিয়ান টুৰ এণ্ড ট্ৰেভেল এজেণ্ট সংস্থাৰ মেলাত বৈদেশিক পৰিক্ৰমা দপ্তৰৰ ৰাজ্যমন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটাৰ নেতৃত্বত ভাৰতৰ এটা প্ৰতিনিধি দলে অংশগ্ৰহণ কৰিব। এই অনুষ্ঠানত দেশৰ উত্তৰ-পূৰ্বাঞ্চলত বিশেষ গুৰুত্ব সহকাৰে লৈ ভাৰতে নিজৰ পৰ্যটন ক্ষেত্ৰৰ সম্ভাৱনাক তুলি ধৰাৰ প্ৰয়াস কৰিব। ভাৰত আছিয়ান পর্যটন পেছাদাৰী বিনিময় কাৰ্যসূচী ২০২৫ৰ অংশ হিচাপে শ্ৰীমাৰ্ঘেৰিটাই এই কাৰ্যসূচীত অংশ ল’ব। দুদিনীয়া এই ভ্ৰমণকালত মন্ত্ৰীগৰাকীয়ে কেইবাগৰাকীও আগশাৰীৰ ব্যৱসায়িক নেতা আৰু প্ৰৱাসী ভাৰতীয়ৰ সৈতে মত বিনিময় কৰিব। বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে প্ৰকাশ কৰা মতে যোৱা বছৰ অনুষ্ঠিত একবিংশ ভাৰত-আছিয়ান শীৰ্ষ সন্মিলনত এই বছৰৰ ভাৰত-আছিয়ান পৰ্যটন বর্ষ পালনৰ পৰিকল্পনা কৰা হৈছিল।
Assamese | April 18, 2025 10:19 AM | Pabitra Margherita
মালয়েছিয়ান টুৰ এণ্ড ট্ৰেভেল এজেণ্ট সংস্থাৰ মেলাত বৈদেশিক পৰিক্ৰমা দপ্তৰৰ ৰাজ্যমন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটাৰ অংশগ্ৰহণ