বৈদেশিক পৰিক্ৰমা দপ্তৰৰ ৰাজ্যমন্ত্ৰী পৱিত্ৰ মাৰ্ঘেৰিটাই শক্তিশালী আৰু ন্যায়সংগত সহযোগিতা স্থাপনৰ উদ্দেশ্যে গোলকীয় সমন্বয়ৰ ক্ষেত্ৰত কেন্দ্ৰীয় ভূমিকা পালন কৰিবলৈ গ্ল’বেল ছাউথ ৰূপে পৰিচিত অৰ্থনৈতিক আৰু ঔদ্যোগিক দিশৰ পৰা তুলনামূলকভাৱে অনুন্নত ৰাষ্ট্ৰসমূহৰ প্ৰতি আহ্বান জনাইছে। নতুন দিল্লীত আজি ৰায়ছিনা আলোচনাত ভাষণ দি শ্রী মাৰ্ঘেৰিটাই লেটিন আমেৰিকা আৰু কেৰিবিয়’ ৰাষ্ট্ৰসমূহকে ধৰি সম ভাৱাপন্ন সহযোগী দেশসমূহৰ সৈতে বিশেষকৈ বাণিজ্য আৰু বিনিয়োগৰ ক্ষেত্ৰত অৰ্থনৈতিক বিকাশ ত্বৰান্বিত কৰাৰ থল আছে বুলি প্ৰকাশ কৰে। তেওঁ কয়, যে এই দেশসমূহৰ সৈতে সম্পর্ক যথেষ্ট বৃদ্ধি পাইছে আৰু শিক্ষা, তথ্য, প্রযুক্তি, চিকিৎসা আৰু অভিযান্ত্ৰিক বিদ্যাৰ ক্ষেত্ৰত অৰ্থবহ সহযোগিতাৰ প্ৰসাৰ ঘটিছে। ইয়াৰ ফলত গ্ল’বেল ছাউথ ৰূপে পৰিচিত দেশসমূহৰ মাজত একতা অধিক সুদৃঢ় হ’ব বুলি মন্ত্ৰীগৰাকীয়ে প্ৰকাশ কৰে। তেওঁ কয়, যে লেটিন আমেৰিকাৰ সৈতে ভাৰতৰ সম্পৰ্ক ক্ৰমাৎ বৃদ্ধি পাইছে। মন্ত্ৰীগৰাকীয়ে কয়, যে যোৱা বছৰ দ্বিতীয় ভাৰত কেৰিকম শীর্ষ সন্মিলনত অংশগ্ৰহণ কৰাৰ বাবে প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কৰা গায়ানা যাত্ৰাই সম্পৰ্কৰ এই এনাজৰী অধিক সুদৃঢ় কৰি তুলিছে।
Assamese | March 19, 2025 5:40 PM | Akashvani Guwahati | Akashvani News | Pabitra Margherita
লেটিন আমেৰিকাৰ সৈতে ভাৰতৰ সম্পৰ্ক ক্ৰমাৎ বৃদ্ধি পাইছেঃ পৱিত্ৰ মাৰ্ঘেৰিটা