June 7, 2026 8:42 PM

views 27

তেল আৰু প্ৰাকৃতিক গেছ নিগম অ’ এন জি চিৰ কেতবোৰ নীতিৰ বিৰোধিতা কৰি শিৱসাগৰত সদৌ টাই আহোম ছাত্ৰ সন্থাৰ উদ্যোগত নাগৰিক সভা

তেল আৰু প্ৰাকৃতিক গেছ নিগম অ' এন জি চি কেতবোৰ নীতিৰ বিৰোধিতা কৰি আজি শিৱসাগৰত সদৌ টাই আহোম ছাত্ৰ সন্থাৰ উদ্যোগত এখন নাগৰিক সভা অনুষ্ঠিত হয়। এই সভাত অ' এন জি চিত নিযুক্তি বন্ধ কৰা, লোকচানৰ অজুহাত দেখুৱাই তৈলক্ষেত্ৰসমূহ ব্যক্তিগত প্ৰতিষ্ঠানত অর্পন কৰা, শিৱসাগৰৰ পৰা বিভিন্ন কাৰ্যালয় স্থানান্তৰ কৰাকে ধৰি সিদ্ধান্তসমূহৰ সমালোচনা কৰা হয়। সভাই প্রতিষ্ঠানটোত এশ শতাংশ থলুৱা নিযুক্তি নিশ্চিত কৰা, বিশুদ্ধ খোৱাপানীৰ ব্যৱস্থা কৰা, পৰিবেশৰ ভাৰসাম্য ৰক্ষা, পৰম্পৰাগত কলা সংস্কৃতি সংৰক্ষণকে ধৰি কেইবাটাও দাবী উত্...

June 22, 2025 11:25 AM

views 62

শিৱসাগৰৰ ভটিয়াপাৰত ৰীগৰ পৰা গেছ নির্গমন নিয়ন্ত্ৰণ কৰাত অগ্রগতি লাভ কৰা বুলি অ’ এন জি চিৰ প্ৰকাশ

অ' এন জি চিয়ে শিৱসাগৰৰ ভটিয়াপাৰত ৰীগৰ পৰা গেছ নির্গমন নিয়ন্ত্ৰণ কৰাত অগ্রগতি লাভ কৰা বুলি প্ৰকাশ কৰিছে। অ’ এন জি চিয়ে গেছ নির্গমনৰ হাব যথেষ্ট হ্ৰাস পোৱা বুলি জানিবলৈ দিছে। আমেৰিকা যুক্তৰাষ্ট্ৰৰ বিশেষজ্ঞ দলে কালি নির্গমনস্থলীৰ পৰিস্থিতিৰ প্ৰাৰম্ভিক মূল্যায়ণ কৰে আৰু বৰ্তমানলৈ অ' এন জি চিৰ দলে গ্ৰহণ কৰা ব্যৱস্থাৰ পৰ্যালোচনা চলায়। গেছ নির্গমন নিয়ন্ত্ৰণৰ বাবে পৰৱৰ্তী ব্যৱস্থাৰ প্ৰস্তুতি গ্ৰহণ কৰা হৈছে। খাদৰ পৰা নলী আঁতৰোৱাৰ কাম আৰম্ভ হৈছে আৰু সম্প্ৰতি ৰীগৰ তলীৰ পৰা নলী আঁতৰোৱাৰ বাবে ক্রেন প্ৰ...

June 19, 2025 11:47 AM

views 64

ভটিয়াপাৰৰ অ’ এন জি চিৰ গেছ নির্গমন সন্দৰ্ভত নিগমৰ অধ্যক্ষ অৰুণ কুমাৰ সিঙৰ সৈতে মুখ্যমন্ত্ৰীৰ বৈঠক

■ মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই শিৱসাগৰৰ ভটিয়াপাৰৰ অ' এন জি চিৰ গেছ নির্গমন সন্দৰ্ভত কালি লোক সেৱা ভৱনত নিগমৰ অধ্যক্ষ অৰুণ কুমাৰ সিঙৰ সৈতে এখন গুৰুত্ব বৈঠকত মিলিত হয়। বৈঠকত মুখ্যমন্ত্ৰীয়ে গেছ নির্গমনৰ ঘটনাটো অতি চিন্তাৰ বিষয় বুলি উল্লেখ কৰে। তেওঁ পৰিস্থিতি নিয়ন্ত্ৰণলৈ অনাৰ বাবে ৰাজ্য চৰকাৰে সকলো সহযোগিতা আগবঢ়াব বুলি প্ৰকাশ কৰে। ড০ শৰ্মাই জনসাধাৰণৰ সুৰক্ষাৰ দিশটো নিশ্চিত কৰাৰ ক্ষেত্ৰত যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰিবলৈ অধ্যক্ষগৰাকীক আহ্বান জনায়। মুখ্যমন্ত্রী শর্মাই এই গেছ নির্গমন সন্দৰ্ভত...

June 15, 2025 1:07 PM

views 63

শিৱসাগৰৰ ৰুদ্রসাগৰ তৈলক্ষেত্ৰৰ অধীনস্থ ১৪৭ নম্বৰ ৰীগত হোৱা গেছৰ নির্গমন ৰোধৰ বাবে প্ৰচেষ্টা অব্যাহত আছে

তেল আৰু প্ৰাকৃতিক গেছ নিগমৰ শিৱসাগৰ জিলাৰ ৰুদ্রসাগৰ তৈলক্ষেত্ৰৰ অধীনস্থ ১৪৭ নম্বৰ ৰীগত হোৱা গেছৰ নির্গমন ৰোধ কৰাৰ বাবে প্ৰচেষ্টা অব্যাহত আছে। ৰীগটোৰ পৰা অবিৰতভাৱে হৈ থকা নিৰ্গমন সম্পূৰ্ণৰূপে নিয়ন্ত্ৰণ কৰিব পৰা হোৱা নাই যদিও বিশেষজ্ঞৰ দ্বাৰা প্ৰচেষ্টা চলাই থকা হৈছে বুলি নিগমে প্ৰেছ বিবৃতিযোগে প্রকাশ কৰিছে। উল্লেখযোগ্য যে যোৱা বৃহস্পতিবাৰে দুপৰীয়া তেল কূপটোত গেছৰ নির্গমন আৰম্ভ হয়। প্রচণ্ড শব্দৰে নিৰ্গত হোৱা এই গেছৰ ফলত জনস্বাস্থ্যৰ প্ৰতি সৃষ্টি হোৱা ভাবুকিৰ প্ৰতি লক্ষ্য ৰাখি জিলা প্রশাসনে সমীপ...

October 21, 2024 7:27 PM

views 55

তেল আৰু প্ৰাকৃতিক গেছ নিগমৰ অভিযন্তাৰ অপহৰণৰ ষড়যন্ত্ৰত জড়িত যুৱকৰ শিৱসাগৰ থানাত আত্মসমৰ্পণ

যোৱা ৫ আৰু ৬ অক্টোবৰত তেল আৰু প্ৰাকৃতিক গেছ নিগমৰ এজন অভিযন্তাৰ অপহৰণৰ ষড়যন্ত্ৰত জড়িত থকা এজন যুৱকে আজি শিৱসাগৰ সদৰ আৰক্ষী থানাত আত্মসমৰ্পণ কৰে। শিৱসাগৰৰ ধাইআলিৰ বাসিন্দা জৰিফত আহমেদ নামৰ যুৱকজনৰ শিৱসাগৰ আৰক্ষীয়ে জেৰা অব্যাহত ৰাখিছে। বৰ্তমানলৈকে ঘটনাৰ লগত জড়িত অন্য চাৰিজন যুৱকক আৰক্ষীয়ে কৰায়ত্ত কৰিবলৈ সমৰ্থ হৈছে। ইফালে, অন্য এজন যুৱক পলাতক অৱস্থাত আছে।