যোৱা ৫ আৰু ৬ অক্টোবৰত তেল আৰু প্ৰাকৃতিক গেছ নিগমৰ এজন অভিযন্তাৰ অপহৰণৰ ষড়যন্ত্ৰত জড়িত থকা এজন যুৱকে আজি শিৱসাগৰ সদৰ আৰক্ষী থানাত আত্মসমৰ্পণ কৰে। শিৱসাগৰৰ ধাইআলিৰ বাসিন্দা জৰিফত আহমেদ নামৰ যুৱকজনৰ শিৱসাগৰ আৰক্ষীয়ে জেৰা অব্যাহত ৰাখিছে। বৰ্তমানলৈকে ঘটনাৰ লগত জড়িত অন্য চাৰিজন যুৱকক আৰক্ষীয়ে কৰায়ত্ত কৰিবলৈ সমৰ্থ হৈছে। ইফালে, অন্য এজন যুৱক পলাতক অৱস্থাত আছে।
Assamese | October 21, 2024 7:27 PM | ongc sivsagar
তেল আৰু প্ৰাকৃতিক গেছ নিগমৰ অভিযন্তাৰ অপহৰণৰ ষড়যন্ত্ৰত জড়িত যুৱকৰ শিৱসাগৰ থানাত আত্মসমৰ্পণ